বাক্সা, 26 চেপ্তেম্বৰ: বাক্সাত উদ্ধাৰ কৰা হৈছে প্ৰায় 2 লক্ষাধিক মূল্যৰ গমাৰি গছৰ কুণ্ডা ৷ কাঠখিনি চোৰাংকৈ এখন টাটা মবাইল বাহনেৰে নি থকা অৱস্থাতে উদ্ধাৰ হয় ৷ নিশা কুমাৰীকাটা বন বিভাগ আৰু এছ এছ বিৰ যুটীয়া অভিযানত এই কাঠখিনি জব্দ কৰিবলৈ সক্ষম হয় ৷ শুকুৰবাৰে নিশা প্ৰায় ৭ বজাত বন বিভাগৰ বিশেষ সূত্ৰৰ খবৰ অনুসৰি কুমাৰীকাটা বনাঞ্চলিক কাৰ্যালয়ৰ অধীনস্থ চেহেটোপা গাঁৱত কুমাৰীকাটা বন বিভাগ আৰু ২৪ নং এছ এছ বিৰ গাইদাও চকস্থিত এটা দলৰ সহযোগত চোৰাং কাঠখিনি জব্দ কৰিবলৈ সক্ষম হয় ৷
![কুমাৰীকাটা বন বিভাগ আৰু এচ এচ বি ৰ যুটীয়া অভিযানত জব্দ চোৰাং গমাৰী গছৰ কুণ্ডা](https://etvbharatimages.akamaized.net/etvbharat/prod-images/ad-bak-01-wood-sieze-vis8-7203823_26092020110903_2609f_1601098743_513.jpg)
অভিযোগ অনুসৰি তামুলপুৰ মহকুমাৰ ভাৰত ভূটান সীমান্তত চোৰাং কাঠৰ ব্যৱসায় অব্যাহত আছে ৷ শুকুৰবাৰে উদ্ধাৰ হোৱা কাঠখিনিৰ মূল্য প্ৰায় 2 লাখ হ'ব বুলি বন বিভাগৰ লোকে জানিবলৈ দিয়ে ৷ উদ্ধাৰ হোৱা কাঠখিনি নিশাই বন বিভাগৰ লোকে টাটা ম’বাইল বাহনসহ কুমাৰীকাটা বনাঞ্চলিক কাৰ্যালয়লৈ লৈ আহে ।
লগতে পঢ়ক: বাক্সাত বৃহৎ পৰিমাণৰ অস্ত্ৰ উদ্ধাৰ