ETV Bharat / state

Scotty Distribution program : বৰমাত স্কুটী বিতৰণ কৰে কেবিনেট মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই

author img

By

Published : Dec 12, 2022, 10:28 PM IST

Scotty Distribution program at Barama
বৰমাত স্কুটী বিতৰণ কৰে কেবিনেট মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই

ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিগত দিনকেইটাত প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত ড৹ বাণীকান্ত কাকতি মেধা বঁটা প্ৰদান কৰি অহা হৈছে (Scotty Distribution program)৷ সোমবাৰে বাক্সা জিলাৰ বৰমা মহাবিদ্যালয় প্ৰেক্ষাগৃহত ড৹ বাণীকান্ত কাকতি মেধা বঁটা প্ৰদান সভাত উপস্থিত থাকে কেবিনেট মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই (Urkhao Gwra Brahma at Barama)৷

বৰমাত স্কুটী বিতৰণ কৰে কেবিনেট মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই

বাক্সা, ১২ ডিচেম্বৰ: "অসম চৰকাৰে যোৱা তিনিবছৰ ধৰি প্ৰজ্ঞান ভাৰতী আঁচনিৰ (Pragyan Bharati Scheme) অধীনত ড৹ বাণীকান্ত কাকতি মেধা বঁটা (Dr Banikanta Kakati Merit award) প্ৰদান কৰি অহা হৈছে ৷ এইবছৰ আমি ছাত্ৰসকলকো এই বঁটা প্ৰদান কৰিছো ৷ এই বঁটা প্ৰদানৰ মূল উদ্দেশ্যই হৈছে উচ্চ শিক্ষাৰ দিশত ছাত্ৰ-ছাত্ৰীসকলক কেনেকৈ অনুপ্ৰাণিত কৰিব পাৰি তাৰেই এই প্ৰচেষ্টা ৷ প্ৰথমে ছাত্ৰীসকলৰ বাবে বিশেষকৈ এই বঁটা প্ৰদান কৰা হৈছিল যদিও এতিয়া ছাত্ৰ-ছাত্ৰী উভয়কে এই বঁটা প্ৰদান কৰা হৈছে’’ ৷ বাক্সা জিলাৰ শিক্ষাৰ মানদণ্ডৰ সন্দৰ্ভত এই মন্তব্য প্ৰকাশ কৰে কেবিনেট মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই (Urkhao Gwra Brahma at Scotty Distribution program)৷

লগতে তেওঁ কয়, ‘‘এই আঁচনিয়ে ছাত্ৰ-ছাত্ৰীসকলক যথেষ্ট উৎসাহ যোগাব ৷ চৰকাৰে এই আঁচনি দিয়েই থাকিব যদিও এই স্কুটী বিতৰণৰ দ্বাৰা আমি জিলাসমূহত গুণগত শিক্ষাৰ মানদণ্ড জানিবলৈ পাৰিছো ৷ বাক্সা জিলা এতিয়াও মধ্যমতে আছে ৷ আমিও বিচাৰো যে, গুণগত শিক্ষাৰ ক্ষেত্ৰত এদিন বাক্সা জিলা অসমৰ শীৰ্ষত থাকিব’’ ৷ বাক্সা জিলাৰ শিক্ষাৰ মানদণ্ডৰ সন্দৰ্ভত এই মন্তব্য প্ৰকাশ কৰে কেবিনেট মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই ৷

ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিগত দিনকেইটাত প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত ড৹ বাণীকান্ত কাকতি মেধা বঁটা প্ৰদান কৰি অহা হৈছে (Scotty Distribution program)৷ সোমবাৰে বাক্সা জিলাৰ বৰমা মহাবিদ্যালয় প্ৰেক্ষাগৃহত ড৹ বাণীকান্ত কাকতি মেধা বঁটা প্ৰদান সভাত উপস্থিত থাকে কেবিনেট মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম (Urkhao Gwra Brahma at Barama)৷ অনুষ্ঠানটোত বিগত বৰ্ষত সুখ্যাতিৰে উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা বাক্সা জিলাৰ ৬৯৯ গৰাকী আৰু তামুলপুৰ জিলাৰ ৩৪২ গৰাকী ছাত্ৰ-ছাত্ৰীক একোখনকৈ স্কুটী প্ৰদান কৰা হয় ৷

এই সভাত জিলাখনৰ অভিভাৱক মন্ত্ৰী নন্দিতা গাৰ্লোচা (Minister Nandita Garlosa) উপস্থিত থাকি স্কুটী লাভ কৰা ছাত্ৰ-ছাত্ৰীসকলক বিশেষভাৱে অনুৰোধ জনাই যে, অবাবত, অনাকাৰণত যাতে এই স্কুটী ব্যৱহাৰ নকৰি সঠিক কামত ব্যৱহাৰ কৰে ৷ সভাত বৰমা সমষ্টিৰ বিধায়ক ভূপেন বড়ো, তামুলপুৰ সমষ্টিৰ বিধায়ক জলেন দৈমাৰী, বিটিআৰৰ কেইবাজনো কাৰ্যবাহী সদস্যই উপস্থিত থাকি ছাত্ৰ-ছাত্ৰীসকলক সুখ্যাতিৰে পঢ়িবলৈ আহ্বান জনায় ৷

ইফালে এই সভাত নিৰ্ধাৰিত সময়তকৈ প্ৰায় আঢ়ৈ ঘন্টা সময় পলমকৈ কাৰ্যসূচী আৰম্ভ হোৱাৰ বাবে ছাত্ৰী-ছাত্ৰীসকলে ক্ষোভ প্ৰকাশ কৰে ৷ দিনৰ 1 বজাৰ পূৰ্বে ছাত্ৰ-ছাত্ৰীসকলক বৰমা মহাবিদ্যালয়ত উপস্থিত থাকিব দি সভাৰ কাৰ্যসূচী ৩:৩০ বজাৰ পিচত আৰম্ভ কৰাক লৈ ছাত্ৰ-ছাত্ৰীসকল বিৰক্ত হৈ পৰে ৷ আনকি দূৰৈৰ পৰ অহা বহুতো ছাত্ৰ-ছাত্ৰীয়ে সভা আৰম্ভ নোহোৱাকৈয়ে উভতি যায় ৷

লগতে পঢ়ক: Pranjal Ghatowar : বিজেপিত যোগদানৰ সন্দৰ্ভত মন্তব্য প্ৰাঞ্জল ঘাটোৱাৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.