ETV Bharat / state

Pranjal Ghatowar : বিজেপিত যোগদানৰ সন্দৰ্ভত মন্তব্য প্ৰাঞ্জল ঘাটোৱাৰৰ

author img

By

Published : Dec 12, 2022, 4:06 PM IST

Pranjal Ghatowar reacts on BJP joining Rumours at Moran
Pranjal Ghatowar commented on Bjp Joining: মই বিজেপিলৈ নাযাওঁ- প্ৰাঞ্জল ঘাটোৱাৰ

‘‘অসমীয়াত এষাৰ কথা আছে- হাতী গ’লে কুকুৰে ভুকিবই’’ ৷ ৰাজ্যত বহুচৰ্চিত প্ৰাঞ্জল ঘাটোৱাৰৰ বিজেপি গমনৰ সন্দৰ্ভত এইদৰে মুখ খুলিলে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক প্ৰাঞ্জল ঘাটোৱাৰে (Pranjal Ghatowar reacts on BJP joining rumour)৷

মই বিজেপিলৈ নাযাওঁ - প্ৰাঞ্জল ঘাটোৱাৰ

মৰাণ, 12 ডিচেম্বৰ: "কংগ্ৰেছৰ প্ৰতিটো অনুষ্ঠানত মই উপস্থিত থাকো ৷ মই নাজানো মোক সংবাদমাধ্যমৰ লোকসকলে ভাল পাই নেকি? সেইকাৰণে মই চৰ্চাত থাকো ৷ মই কোনোবা নেতাক লগ কৰিলো বুলিয়েই যে তেনেকুৱা কিবা ভাবিছো তেনে নহয় ৷ আমি হিমাচলৰ পৰা আকৌ বেক কৰিছো ৷

দলসমূহে বিভিন্ন কাৰণত বিৰোধীতো থাক শাসনতো থাকে ৷ তেনেদৰে থকাটো দৰকাৰ ৷ ৰাইজে ভোট দি জিকোৱা প্ৰতিনিধিজনে যদি ৰাইজৰ কাৰণে একো নকৰে তেনেহ’লে তাৰ বিকল্প বিচাৰিব লাগে ৷" ৰাজ্যত বহুচৰ্চিত প্ৰাঞ্জল ঘাটোৱাৰৰ বিজেপি গমনৰ বিষয় সন্দৰ্ভত এইদৰে মুখ খুলিলে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক প্ৰাঞ্জল ঘাটোৱাৰে (Pranjal Ghatowar reacts on BJP joining rumour)৷

লগতে তেওঁ কয় যে ‘‘মই অধ্যয়ণৰত দিনৰ পৰা এতিয়ালৈ কংগ্ৰেছক 20 বছৰ দিছো ৷ গতিকে ইয়াৰ পিছত মই যদি এটা বিধায়কৰ টিকট পাঁও তেনেহ’লে মই নাভাবো যে মই সেয়া মোৰ পিতৃ-মাতৃৰ কাৰণে পাইছো ৷ ৰাজনীতিত পৰিকল্পনা কৰি মই সোমোৱা নাই, মই সৰুৰে পৰা ঘৰত তেনে পৰিৱেশ দেখিছো ৷ কোৱা মানুহে কৈ থাকিব, মই মোৰ কাম কৰিব লাগে কৰি থাকিম ৷ অসমীয়াত এষাৰ কথা আছে হাতী গ’লে কুকুৰে ভুকিবই’’ ৷

উল্লেখ্য যে, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পৱন সিং ঘাটোৱাৰৰ পুত্ৰ প্ৰাঞ্জল ঘাটোৱাৰে বিজেপিত যোগদান কৰিব বুলি ৰাজ্যজুৰি ব্যাপক চৰ্চা চলিছিল (Pranjal Ghatowar BJP joining rumour)৷ এই খবৰ ৰাজহুৱা হোৱাৰ পাছতে প্ৰাঞ্জল ঘাটোৱাৰৰ বিজেপিত যোগদানৰ প্ৰক্ৰিয়া বন্ধ কৰিবলৈ উঠিপৰি লাগিছিল বিজেপিৰ নেতা-মন্ত্ৰীসকল ৷ বিশেষকৈ উজনিৰ ৰাজনীতিত খলকনিৰ সৃষ্টি কৰিছিল প্ৰাঞ্জল ঘাটোৱাৰৰ বিজেপিত যোগদানৰ খবৰে ৷ চলিত বৰ্ষৰ যোৱা 8 অক্টোবৰত গুৱাহাটীত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডা, গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত কংগ্ৰেছৰ বহু কেইজন নেতাই বিজেপিত যোগদান কৰিব বুলি খবৰ ৰাজহুৱা কৰিছিল ৷

শেহতীয়াকৈ ডিব্ৰুগড় জিলাৰ কেইবাজনো বিধায়কে প্ৰাঞ্জল ঘাটোৱাৰে বিজেপিত যোগদানক লৈ মুকলিকৈ বিৰোধিতা কৰিছিল ৷ এই সন্দৰ্ভত মন্ত্ৰী যোগেন মহনে এখন সংবাদমেল আয়োজন কৰিছিল ৷ উল্লেখ্য যে, এই সংবাদমেলত মন্ত্ৰী মহনে প্ৰাঞ্জল ঘাটোৱাৰ বিজেপিত যোগদান কৰা বা নকৰাৰ সন্দৰ্ভত কোনো প্ৰত্যক্ষ মন্তব্য প্ৰকাশ কৰা নাছিল যদিও মন্ত্ৰীগৰাকীৰ কথাত ঘাটোৱাৰৰ বিজেপি গমন যে প্ৰায় নিশ্চিত সেই কথা অনুমান কৰিব পৰা গৈছিল ৷

মন কৰিবলগীয়া যে, ২০২১ ৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছ দলৰ হৈ মৰাণ সমষ্টিত প্ৰাৰ্থীত্ব আগবঢ়াই বিধায়ক চক্ৰধৰ গগৈৰ (MLA Chakradhar Gogoi) হাতত পৰাস্ত হৈছিল প্ৰাঞ্জল ঘাটোৱাৰ । ইয়াৰ পাছৰে পৰা নিজৰ ৰাজনৈতিক ভৱিষ্যত সুৰক্ষিত কৰাৰ স্বাৰ্থত বিজেপিলৈ যোৱাৰ চেষ্টা কৰা বুলি বাতৰি প্ৰচাৰ হৈ আহিছিল ৷

লগতে পঢ়ক: CAA protest in Assam : কোন আৰক্ষী বিষয়াৰ বন্দুকেৰে গুলী ওলাইছিল চৰকাৰে জানে : সমুজ্জ্বল ভট্টাচাৰ্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.