ETV Bharat / state

Sankaradeva birth anniversary: তামুলপুৰত শংকৰদেৱৰ জন্মজয়ন্তী পালন

author img

By

Published : Oct 16, 2022, 4:06 PM IST

ৰাজ্যৰ বিভিন্ন প্ৰান্তত উলহ-মালহেৰে অনুষ্ঠিত হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৩ সংখ্যক জন্মজয়ন্তী(Sankaradeva birth anniversary Tamulpur) । তামুলপুৰতো ১৪ অক্টোবৰৰ পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত কৰা হৈছে গুৰুজনাৰ জন্মজয়ন্তী ।

Etv Bharat
Etv Bharat

তামুলপুৰ,১৬ অক্টোবৰ: গোৰেশ্বৰৰ কেৰ্পাভিঠাত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৩ সংখ্যক আবিৰ্ভাৱ মহোৎসৱ উদযাপন(Sankaradeva birth anniversary Tamulpur) । ধুমধামেৰে আবিৰ্ভাৱ মহোৎসৱ উদযাপন কৰে অঞ্চলবাসীয়ে । মণিকাঞ্চন আঞ্চলিক শাখাই উদযাপন কৰে এই মহোৎসৱ । ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতিয়ে উদুলি মুদুলি পৰিৱেশৰ সৃষ্টি কৰে কেৰ্পাভিঠাত ।

তামুলপুৰত শংকৰদেৱৰ জন্মজয়ন্তী পালন

তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্য্যসুচীৰে আয়োজন কৰে এই মহোৎসৱৰ । ১৪ অক্টোবৰৰ পৰা আৰম্ভ হোৱা এই মহোৎসৱৰ প্ৰথমদিনা ভাগৱত স্থাপন আৰু বন্তি প্ৰজ্বলনেৰে কাৰ্য্যসুচীৰ শুভাৰম্ভণী কৰে মণিকাঞ্চন আঞ্চলিক শাখাই । দ্বিতীয় দিনাৰ কাৰ্য্যসুচী অনুসৰি প্ৰাতঃপ্ৰসংগ,সামুহিক চাফাই,ধৰ্মধ্বজা উত্তোলন,স্মৃতি তৰ্পন,প্ৰাৰ্থনা সভাৰ লগতে দিহা নাম প্ৰতিযোগিতা অনুষ্ঠিত হয় । দিহা নাম প্ৰতিযোগিতাত তামুলপুৰ, ওদালগুৰি, দৰং আৰু কামৰূপ জিলাৰ পৰা ২০ টাকৈ দলে অংশগ্ৰহণ কৰে ।

অন্তিম দিনা অৰ্থাৎ দেওবাৰে ভাগৱত শোভাযাত্ৰা, ভাগৱত পাঠ আৰু ধৰ্মালোচনী সভাৰ কাৰ্য্যসুচী সমাপনৰ পিছতে সন্ধিয়া গুণমালা কীৰ্তনেৰে অনুষ্ঠানৰ সামৰণী পৰিব এই মহোৎসৱৰ । সন্ধিয়া ৮ বজাত অনুষ্ঠিত হ'ব সাংস্কৃতিক কাৰ্য্যসুচী । সাংস্কৃতিক অনুষ্ঠানত স্থানীয় শিল্পীৰ দ্বাৰা শংকৰী কলা কৃষ্টি প্ৰদৰ্শনৰ লগতে মঙ্গলদৈৰ পৰা আমন্ত্ৰণ কৰি অনা শিল্পীৰ দলে শংকৰী কলা কৃষ্টি প্ৰদৰ্শন কৰিব বুলি জানিবলৈ দিছে উদ্যোক্তাসকলে ।

উল্লেখ্য যে শ্ৰীমন্ত শংকৰদেৱ আছিল ১৫-১৬ শতিকাৰ এগৰাকী সাধু-পণ্ডিত, কবি, নাট্যকাৰ, নৃত্য শিল্পী, অভিনেতা, সংগীতজ্ঞ, সামাজিক-ধৰ্মীয় সংস্কাৰক আৰু অসম তথা ভাৰতৰ সাংস্কৃতিক আৰু ধৰ্মীয় ইতিহাসৰ এক গুৰুত্বপূৰ্ণ ব্যক্তিত্ব (Assamese polymath Srimanta Sankardeva) । তেওঁক অতীতৰ লয় হ'ব ধৰা সাংস্কৃতিক পৰম্পৰাৰ পুনৰ নিৰ্মাণ কৰিছিল সংগীতৰ নতুন ৰূপ বৰগীতৰ প্ৰাণ প্ৰতিষ্ঠাৰে (Borgeet by Sankardeva) ।

নাট্য প্ৰদৰ্শনৰ অনন্য ৰূপ অংকীয়া নাট-ভাওনা (Sankardeva theatrical performance Ankia Naat), সত্ৰীয়া নৃত্য, সাহিত্যিক ভাষা ব্ৰজাৱলীৰ সৃষ্টিৰ বাবে তেওঁক বিশেষ কৃতিত্ব প্ৰদান কৰা হয় (Brajavali language developed by Sankardeva) । ইয়াৰ উপৰি তেওঁ সংস্কৃত, অসমীয়া আৰু ব্ৰজাৱলী ভাষাৰ সংমিশ্ৰণত লিখা শাস্ত্ৰ ভাগৱত, কবিতা আৰু ধৰ্মীয় ৰচনাসমূহৰ এক বিস্তৃত সাহিত্যিক সম্ভাৰৰ অৱদান আগবঢ়াই থৈ গৈছে । তেওঁ আৰম্ভ কৰা ভাগৱতী ধৰ্মীয় আন্দোলন (Bhagavatic religious movement), একশৰণ ধৰ্ম যাক নৱ-বৈষ্ণৱ আন্দোলন (Neo Vaishnavite movement) বুলিও কোৱা হয় ।

লগতে পঢ়ক: Badarpur Foot Over Bridge: ফুলদানীত পৰিণত বদৰপুৰৰ ফুট অভাৰ ব্ৰীজ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.