ETV Bharat / state

বাক্সাৰ তামুলপুৰত পথ দুৰ্ঘটনা, আহত দুজন

author img

By

Published : Dec 22, 2019, 10:40 PM IST

মুখামুখি সংঘৰ্ষ
মুখামুখি সংঘৰ্ষ

জনস্বাস্থ্য কাৰিকৰী বিভাগৰ পানী যোগান আঁচনিৰ বাহন আৰু এখন যাত্ৰীবাহী টেম্প'ৰ মাজত মুখামুখি সংঘৰ্ষ ৷ আহত দুজন ৷

তামুলপুৰ, 22 ডিচেম্বৰ: বাক্সাৰ তামুলপুৰ আৰক্ষী চকীৰ অন্তৰ্গত ছোৱালী হাইস্কুলৰ সন্মুখত আজি জনস্বাস্থ্য কাৰিকৰী বিভাগৰ পানী যোগান আঁচনিৰ বাহন আৰু এখন যাত্ৰীবাহী টেম্প'ৰ মাজত, মুখামুখি সংঘৰ্ষৰ ফলত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় । দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় টেম্প' চালক চমেশ্বৰ বসুমতাৰী (30) আৰু পানী যোগানৰ বাহন খনৰ চালক বলি চৰণ ৰাভা (40) ৷

তামুলপুৰত পথ দুৰ্ঘটনা

প্ৰত্যক্ষদৰ্শীৰ মতে, কুমাৰীকাটাৰ পৰা তামুলপুৰ অভিমুখে আহি থকা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বাহনখন আৰু কুমাৰীকাটাৰ পৰা ৰঙিয়া অভিমুখে গৈ থকা টেম্প' খনৰ মাজত সংঘৰ্ষৰ ফলত ওচৰত থকা খাৱৈত বাগৰি পৰে দুয়োখন বাহন ৷

লগতে পঢ়ক: দক্ষিণ কামৰূপৰ কমলা টেঙাৰ বাগান আৰু খেতিয়কৰ দুৰৱ

Intro:বাক্সাৰ তামুলপুৰত পথ দুৰ্ঘটনা গুৰুতৰ ভাৱে আহত দুজন



Body:বাক্সাৰ তামুলপুৰ আৰক্ষী থানৰ অন্তৰ্গত ছোৱালী হাইস্কুলৰ সন্মুখন আজি তামুলপুৰ জনস্বাস্থ্য কাৰী কৰি বিভাগৰ পানী যোগান আচনিৰ বাহন আৰু এখন যাত্ৰীবাহী টেম্পুৰ লগত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। পথ দুৰ্ঘটনা গুৰুত্বৰ ভাৱে আহত হয় টেম্পু চালক চমেশ্বৰ বসুমতাৰী (৩০) আৰু পানী যোগানৰ বাহন খনৰ চালক বলি চৰণ ৰাভা (৪০)। ঘটনাৰ বিবৰণী মতে আজি ২. ৫৫ বজাত কুমাৰীকাটাৰ পৰা তামুলপুৰ অভিমুখে আহি থকা তামুলপুৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ পানীযোগন আচিনৰ বাহনখন আৰু কুমাৰীকাটাৰ পৰা ৰঙিয়া অভিমুখী গৈ থকা এখন টেম্পু তামুলপুৰ ছোৱালী হাইস্কুলৰ সন্মুখত মুখামুখি সংঘৰ্ষ হয়‌। দুৰ্ঘটনাত বাহন দুখন পথৰ ওচৰত থকা খাৱৈত বাগৰি পৰে আৰু সংঘৰ্ষৰ ফলত টেম্পু চালক আৰু পানীৰ বাহন খনৰ চালক দুজন গুৰুত্বৰ ভাৱে আহত হয়।



Conclusion:লগে লগে স্থানীয় ৰাইজে আহত দুয়োগৰাকীক তামুলপুৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰায়। পিছত দুয়োকে উন্নত চিকিৎসাৰ বাবে গুৱাহাটী মেডিকেল হাষ্পাতাললৈ প্ৰেৰণ কৰে।

ভাষ্য : প্ৰত্যক্ষদৰ্শী

বাক্সাৰ পৰা অজিত ৰাভা
ইটিভি ভাৰত অসম ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.