বাক্সাত নয়নতৰা থিয়েটাৰৰ আখৰাৰ শুভাৰম্ভ

author img

By

Published : Sep 9, 2021, 12:02 PM IST

rehearsal-of-nayantara-theatre-has-started-in-baksa

বাক্সাত নয়নতৰা থিয়েটাৰৰ(Nayantara Theatre) আখৰাৰ শুভাৰম্ভ ৷ চৰকাৰী নিৰ্দেশ লাভ কৰিলে 1 অক্টোবৰৰ পৰা তিনিখন নাটকেৰে মঞ্চস্থ হ’ব নয়নতৰা থিয়েটাৰ ৷

বাক্সা, 9 ছেপ্তেম্বৰ : ক’ভিড(Covid) পৰিস্থিতিৰ মাজতে ভ্ৰাম্যমান থিয়েটাৰৰ(Bhramyaman Theatre) আখৰা আৰম্ভ কৰাৰ অনুমতি প্ৰদান কৰিছে ৰাজ্য চৰকাৰে ৷ সেইমৰ্মে বুধবাৰে বিটিআৰৰ(BTR) প্ৰথম অসমীয়া ভাষিক থিয়েটাৰ নয়নতৰা থিয়েটাৰৰ(Nayantara Theatre) আখৰাৰ শুভ উদ্বোধন কৰা হয় ।

বিগত দহটা বছৰে ভ্ৰাম্যমান থিয়েটাৰৰ মঞ্চৰ জৰিয়তে সমগ্ৰ অসমবাসীক মনোৰঞ্জনৰ খোৰাক জগাই আহিছে নয়নতৰা থিয়েটাৰে । হোম যজ্ঞ সমাপনৰ পাচত বিশিষ্ট শিল্পী নবীন বড়োৱে ফিটা কাটি নয়নতৰা থিয়েটাৰৰ মূল তোৰণ উদঘাটন কৰে ।

বাক্সাত নয়নতৰা থিয়েটাৰৰ আখৰাৰ শুভাৰম্ভ

বিশিষ্ট সমাজকৰ্মী তথা জ্যেষ্ঠ অধিবক্তা গিৰিধৰ চৌধুৰীয়ে আখৰা গৃহ মুকলি কৰাৰ পাচত নয়নতৰা থিয়েটাৰৰ তৰফৰ পৰা কেইবাগৰাকীও সাংবাদিকক ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হয় । নাট্যকাৰ ৰঞ্জিত দাসে শুভাৰম্ভ কৰা আখৰাত বিশিষ্ট অভিনেতা প্ৰাণজিৎ দাস আৰু আগশাৰীৰ অভিনেত্ৰী বিজুমণি চুতীয়াই কৰা অভিনয়ৰে আখৰাৰ শুভাৰম্ভ কৰে ।

লগতে পঢ়ক: কহিনুৰ থিয়েটাৰৰ 2021-22 বৰ্ষৰ নাট্য যাত্ৰা বাতিল

ক’ভিড মহামাৰীৰ সৈতে যুঁজ দিবলৈ ওলাই আহি নয়নতৰা থিয়েটাৰৰ প্ৰযোজক নিকুঞ্জ দাসে কয়, ‘‘আমি ভ্ৰাম্যমান থিয়েটাৰৰ যোগেদিয়েই দৰ্শকৰ সৈতে সংলগ্ন হৈ থাকো ৷ কিন্তু ক’ভিড মহামাৰীৰ বাবে বিগত দুটা বছৰে আমি দৰ্শকৰ ওচৰত থাকিব পৰা নাই’’ ।

বিশিষ্ট অভিনেতা প্ৰাণজিৎ দাসে কয়, ‘‘পুনৰ দৰ্শকৰ ওচৰলৈ যোৱাৰ আশাৰে আমি বুলি উৎসাহিত হৈ পৰিছো । ক’ভিড সৃষ্ট পৰিৱেশৰ বাবে বহু কলা-কুশলী জীৱিকাৰ সন্ধানত আন কামত ব্ৰতী হৈছে । সেয়ে এইবছৰো আমি ভ্ৰাম্যমান থিয়েটাৰ নকৰিলে বহু কেইগৰাকী কলা-কুশলী হেৰুৱালোহেঁতেন’’ ।

ৰঞ্জিত দাসৰ পৰিচালনাৰে ‘কলংক’, সমৰেন্দ্ৰ বৰ্মনৰ ‘গুৰুদেৱ’ আৰু পংকজ চৌধুৰীৰ ’তেজীমলা’ এই তিনিখন নাটকেৰে দৰ্শকৰ মাজত পুনৰ আত্মপ্ৰকাশ ঘটিব নয়নতৰা থিয়েটাৰৰ । চৰকাৰে অনুমোদন দিলে 1 অক্টোবৰৰ পৰা নাট মঞ্চস্থ কৰিব থিয়েটাৰ গোষ্ঠীটোৱে ।

এইক্ষেত্ৰত আহ্বায়ক কমিটিসমূহৰ পৰা যথেষ্ট সঁহাৰি লাভ কৰা বুলি প্ৰযোজক নিকুঞ্জ দাসে জানিবলৈ দিয়ে ৷

লগতে পঢ়ক: ভ্ৰাম্যমান থিয়েটাৰৰ আখৰাৰ অনুমতিক লৈ কি ক’লে বৰষাৰাণীয়ে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.