ETV Bharat / state

Bamboo bridge in Goreswar: বছৰ বছৰ ধৰি বাঁহৰ সাঁকোৰে যাত্ৰা অব্যাহত

author img

By

Published : Dec 9, 2022, 1:36 PM IST

Bamboo bridge in Goreswar
বছৰ বছৰ ধৰি বাঁহৰ সাঁকোৰে যাত্ৰা অব্যাহত

বহু বছৰ ধৰি এখন ভগা-ছিগা বাঁহৰ সাঁকোৰে গোৰেশ্বৰৰ ৰাইজে পাৰ হৈছে পুঠিমাৰী নদী (Goreswar bamboo bridge)। ৰাইজে নিজৰ হাত ধন খৰছ কৰি নিৰ্মাণ কৰিছে বাঁহৰ সাঁকো । এখন পকী দলঙৰ দাবী ৰাইজৰ ।

তামুলপুৰ,৯ ডিচেম্বৰ : দেশে স্বাধীনতাৰ গৌৰৱময় ৭৫ বছৰ অতিক্ৰম কৰিছে (75th independence day of India)। চৰকাৰে এই শুভক্ষণত স্বাধীনতাৰ অমৃত মহোৎসৱৰ (Azadi Ka Amrit Mahotsav) দৰে বিশাল কাৰ্যসূচীৰ আয়োজন কৰিছে । চৰকাৰে চাৰিওফালে উন্নয়নৰ জয়গান গোৱা দেখা গৈছে । চৰকাৰৰ নেতা-মন্ত্ৰীৰ মুখত কেৱল উন্নয়নৰ শ্ল'গান ।

এইবাৰে অসম চৰকাৰেও 'বিকাশৰ বাবে এটা পষেক' কাৰ্যসূচী ৰূপায়ণ কৰিছে । এই কাৰ্যসূচীৰ জৰিয়তে ৰাজ্যৰ ভিন্ন প্ৰান্তত চৰকাৰে কেইবা হাজাৰ কোটি টকাৰ প্ৰকল্প শুভাৰম্ভ কৰিছে । কিন্তু সঁচা অৰ্থত এই ধৰণৰ আঁচনি বা প্ৰকল্পবোৰ সকলো ঠাইকে আৱৰি লৈছে নে ?

স্বাধীনতাৰ সুদীৰ্ঘ ৭৫ বছৰৰ পাছতো আজিও ৰাজ্যৰ একাংশ অঞ্চলৰ লোকে বিপদসংকুলভাৱে বাঁহৰ সাঁকোৰেই যাতায়ত কৰিবলগীয়া হৈছে (Poor transportation system in Goreswar)। তেনে এক সমস্যাৰ মাজেৰেই বছৰ বছৰ ধৰি দিন অতিবাহিত কৰিছে বৰ্তমানৰ তামুলপুৰ জিলাৰ গোৰেশ্বৰৰ ৰাইজে । এতিয়াও অঞ্চলটোত পুঠিমাৰী নৈৰ ওপৰত আছে বাঁহৰ সাঁকো । উক্ত সাঁকোখনে একমাত্ৰ ভৰষা ৰাইজৰ । গোৰেশ্বৰ-তামুলপুৰ সংযোগী পথটোত আজিলৈ নিৰ্মাণ নহ'ল এখন পকী দলং (Public demand for concrete bridge in Goreswar)। যাৰ বাবে নিতৌ শিক্ষাৰ্থীকে ধৰি অঞ্চলটোৰ হাজাৰ হাজাৰ লোকে উক্ত বাঁহৰ সাঁকোৰেই পাৰ হৈ যাবলগীয়া হৈছে ।

বছৰ বছৰ ধৰি বাঁহৰ সাঁকোৰে যাত্ৰা অব্যাহত

প্ৰতিবছৰে স্থানীয় ৰাইজে নিজৰ দান-বৰঙণিৰে বাঁ‌হৰ সাঁকোখন নিৰ্মাণ কৰে । বাৰিষা বানৰ কৱলত পৰি বাঁহৰ সাঁকোখন নষ্ট হয় । বাৰিষাৰ পাছত পুনৰ ৰাইজে নতুনকৈ নিৰ্মাণ কৰে সাঁকোখন । কিন্তু চৰকাৰৰ আজিলৈ চকু নপৰিল উক্ত সাঁকোখনত ।

১৫ বছৰে বিটিচি শাসন কৰা বিপিএফ চৰকাৰৰ লগতে বৰ্তমানৰ ইউপিপিএল দলৰ চৰকাৰেও অঞ্চটোৰ ৰাইজৰ সমস্যাক গুৰুত্ব প্ৰদান নকৰাৰ বাবে ক্ষোভিত হৈ পৰিছে ৰাইজ । স্থানীয় বিধায়ক তথা বিজেপি দলৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাক বহুবাৰ ৰাইজৰ সমস্যাৰ বিষয়ে অৱগত কৰা হৈছে যদিও কোনো গুৰুত্ব দিয়া নাই । সেয়ে ৰাজ্যৰ মুখ্যমন্ত্ৰীক সেই স্থানত পকী দলং নিৰ্মাণ কৰি দিবলৈ আহ্বান জনাইছে স্থানীয় ৰাইজে ।

লগতে পঢ়ক :CM meeting at Tingkhong : টিংখাঙত মুখ্যমন্ত্ৰীৰ অনুষ্ঠান, প্ৰস্তুতিৰ বুজ ল'লে দুই কেবিনেট মন্ত্ৰীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.