ETV Bharat / state

Nikhil Rabha students union protest: ন্যায্য প্ৰাপ্তিৰ দাবীৰে তামুলপুৰত নিখিল ৰাভা ছাত্ৰ সন্থাৰ উদ্যোগত প্ৰতিবাদ

author img

By

Published : Mar 14, 2023, 1:27 PM IST

বিজেপি গ' বেক ধ্বনিৰে উত্তাল হ'ল তামুলপুৰ (Protest in Tamulpur) ৷ নিখিল ৰাভা ছাত্ৰ সন্থাৰ অন্তৰ্গত তামুলপুৰ জিলা ৰাভা ছাত্ৰ সন্থা ,ৰাভা মহিলা পৰিষদ আৰু ষষ্ঠ অনুসূচী দাবী সমিতিৰ আহ্বানত সাব্যস্ত কৰা হয় এক প্ৰতিবাদী কাৰ্যসূচী ৷

Protest in Tamulpur
তামুলপুৰত বিজেপি গ' বেক ধ্বনি

তামুলপুৰ, 14 মাৰ্চ: বিজেপি গ' বেক ধ্বনিৰে উত্তাল হ'ল তামুলপুৰ (Nikhil Rabha students union protest) ৷ যোৱা 13 মাৰ্চ, সোমবাৰে নিখিল ৰাভা ছাত্ৰ সন্থাৰ অন্তৰ্গত তামুলপুৰ জিলা ৰাভা ছাত্ৰ সন্থা, ৰাভা মহিলা পৰিষদ আৰু ষষ্ঠ অনুসূচী দাবী সমিতিৰ আহ্বানত আৰু ARSU, ARWC, BRKR আৰু ARNC সহযোগত সাব্যস্ত কৰা হয় প্ৰতিবাদ ৷

ৰাভা হাছং স্বায়ত্ত্বশাসিত পৰিষদক (Rava Hasong Autonomous Council) ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীৰ অন্তৰ্ভূক্তিকৰণ কৰা, ৰাভা হাছং এলেকাৰ বাহিৰত বসবাস কৰা ৰাভা সকলৰ বাবে ৰাভা উন্নয়ন পৰিষদ গঠন কৰা আদি দাবীত দুঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে প্ৰতিবাদকাৰী সকলে (Rabha bodies demands sixth schedule) ৷ আমাৰ দাবী ন্যায্য দাবী ধ্বনিৰে প্ৰতিবাদস্থলী উত্তাল কৰি তোলে প্ৰতিবাদকাৰী সকলে ৷

তামুলপুৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত দিনৰ দহ বজাৰ পৰা ৰূপায়ণ কৰা হয় ২ ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৷ ধৰ্মঘটকাৰীসকলে হাতে হাতে বেনাৰ, প্লেকাৰ্ড লৈ নিখিল ৰাভা ছাত্ৰ সন্থা জিন্দাবাদ, মহিলা পৰিষদ জিন্দাবাদ, আমাক ষষ্ঠ অনুসূচীৰ অন্তৰ্ভুক্ত কৰক, ৰাভা হাছঙৰ বাহিৰত বসবাস কৰা ৰাভা লোকসকলৰ বাবে ৰাভা উন্নয়ন পৰিষদ গঠন কৰক, বিজেপি চৰকাৰ গ' বেক, আমাৰ দাবী ন্যায্য দাবী, আমাক ন্যায় দিয়ক আদি বিভিন্ন শ্লোগানেৰে সমগ্ৰ পৰিবেশ উত্তাল কৰি তোলে (Tamulpur News) ৷

বিগত সময়ছোৱাত চৰকাৰে তেওঁলোকক বিভিন্ন প্ৰতিশ্ৰুতি প্ৰদান কৰি আহিছে যদিও বৰ্তমান সময়ত চৰকাৰে এটাও প্ৰতিশ্ৰুতি পূৰণ কৰা নাই বুলি অভিযোগ কৰে প্ৰতিবাদকাৰী সকলে ৷ চৰকাৰখনক বিশ্বাসত লৈছিল যদিও চৰকাৰে তেওঁলোকক চূড়ান্ত অৱজ্ঞা কৰিছে বুলিও অভিযোগ কৰে প্ৰতিবাদকাৰী সকলে ৷ লগতে প্ৰতিবাদস্থলীৰ পৰা ৰাভা সকলৰ উন্নয়নৰ বাবে তথা ৰাভা হাছং এলেকাৰ বাহিৰত বসবাস কৰা ৰাভা সকলৰ বাবে উন্নয়ন পৰিষদ গঠন কৰা আৰু অতি শীঘ্ৰেই ৰাভা হাছং স্বায়ত্ত্বশাসিত পৰিষদক ষষ্ঠ অনুসুচীত অন্তৰ্ভূক্ত কৰাৰ দাবী জনায় ৷

এই অৱস্থান ধৰ্মঘট কাৰ্যসূচীত ৰাভা জনগোষ্ঠীৰ আটাইকেইটা সংগঠনৰ পাঁচ শতাধিক লোকে অংশ গ্ৰহণ কৰে ৷ আনহাতে কাৰ্যসূচীৰ শেষত চক্ৰ বিষয়াৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীলৈ কেইবাটাও দাবী সম্বলিত এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে ।

লগতে পঢ়ক: HSLC exam paper leak: শিক্ষামন্ত্রীৰ পদত্যাগৰ দাবী অসম জাতীয়তাবাদী যুৱ পৰিষদৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.