ETV Bharat / state

বীৰ শ্বহীদ সুমন স্বৰ্গীয়াৰীৰ আদ্যশ্ৰাদ্ধত উপস্থিত মন্ত্ৰী ইউ জি ব্ৰহ্ম

author img

By

Published : Nov 28, 2021, 10:44 PM IST

Updated : Dec 1, 2021, 12:24 PM IST

assam-rifles-martyr-suman-swargiary-receives-teary-adieu
বীৰ শ্বহীদ সুমন স্বৰ্গীয়াৰীৰ আদ্যশ্ৰাদ্ধত মন্ত্ৰী ইউ জি ব্ৰহ্ম

মণিপুৰৰ চুৰাচান্দপুৰ জিলাত আছাম ৰাইফলছৰ জোৱান তথা পৰিয়ালৰ ওপৰত কৰা আক্ৰমণ নিহত হৈছিল অসমৰ বীৰ জোৱান সুমন স্বৰ্গীয়াৰী ৷ এই আক্ৰমণত এটি 8 বছৰ কিশোৰকে ধৰি 7 জন লোক নিহত হৈছিল ৷ শ্বহীদগৰাকীৰ বাসগৃহত দেওবাৰে অনুষ্ঠিত আদ্যশ্ৰাদ্ধত উপস্থিত থাকে মন্ত্ৰী ইউ জি ব্ৰহ্ম(minister U G Brahma visit assam rifles martyr suman swargiary house)

বাক্সা, ২৮ নৱেম্বৰ : মণিপুৰত উগ্ৰপন্থীৰ হাতত প্ৰাণ আহুতি দিয়া বীৰ শ্বহীদ সুমন স্বৰ্গীয়াৰী(assam rifles martyr suman swargiary )ৰ বাসগৃহত দেওবাৰে তেওঁৰ আদ্যশ্ৰাদ্ধ অনুষ্ঠিত হয় ৷ বাথৌ ধৰ্মীয় ৰীতি-নীতিৰে আয়োজন কৰা হয় ছহিদগৰাকীৰ আদ্যশ্ৰাদ্ধৰ ৷ ছহিদগৰাকীৰ থৈকাৰাকুছি গাঁৱৰ বাসগৃহত অসংখ্য গুণমুগ্ধৰ সমাৱেশ ঘটে ৷ ইয়াৰ মাজতেই শ্বহীদ সুমন স্বৰ্গীয়াৰীৰ সহকৰ্মী আদ্যশ্ৰাদ্ধস্থলীত উপস্থিত হৈ শ্বহীদ পত্নীৰ হাতত পদক আৰু চেক প্ৰদান কৰে ৷

শ্বহীদ সুমন স্বৰ্গীয়াৰীয়ে চৰকাৰৰ তৰফৰ পৰা যথেষ্টখিনি সন্মান লাভ কৰাৰ কথা ব্যক্ত কৰে পত্নীয়ে ৷ শ্বহীদগৰাকীৰ নামত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰা পথ, দলং আৰু বিদ্যালয়ৰ তোৰণৰ কাম পূৰ্ণগতিত চলি থকা বুলিও মন্তব্য কৰে তেওঁৰ পত্নীয়ে ৷ আনহাতে আদ্যশ্ৰাদ্ধৰ খৰছ বিটিআৰ চৰকাৰে বহন কৰাৰ কথা ব্যক্ত কৰে পত্নীয়ে ৷ অনাগত দিনত ৰাইজৰ মৰম আৰু আশীৰ্বাদ লৈ একমাত্ৰ কণমানি পুত্ৰক দেশৰ ভাল নাগৰিক কৰি তোলাৰ চেষ্টা কৰিব বুলি মন্তব্য কৰে শ্বহীদগৰাকীৰ পত্নীয়ে ৷

বীৰ শ্বহীদ সুমন স্বৰ্গীয়াৰীৰ আদ্যশ্ৰাদ্ধত মন্ত্ৰী ইউ জি ব্ৰহ্ম

ইফালে শ্বহীদ সুমন স্বৰ্গীয়াৰীৰ আদ্যশ্ৰাদ্ধত উপস্থিত হয় অসম চৰকাৰৰ মন্ত্ৰী ইউ জি ব্ৰহ্ম(minister U G Brahma visit assam rifles martyr suman swargiary house) । সুমনৰ পৰিয়ালক সকলো প্ৰকাৰৰ সহায় সহযোগিতা আগবঢ়াবলৈ চৰকাৰ সম্পূৰ্ণৰূপে দায়বদ্ধ বুলি জনায় মন্ত্ৰীগৰাকীয়ে । মন্ত্ৰীগৰাকীয়ে সন্ত্ৰাসবাদ নিৰ্মূল কৰিবলৈ হ’লে সকলোৱে প্ৰথমে শিক্ষাত গুৰুত্ব দিয়া উচিত বুলি মন্তব্য কৰে । অন্যথা ইয়াক সম্পূৰ্ণৰূপে নাইকীয়া কৰাটো একেবাৰে অসম্ভৱ বুলি এক তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়ায় মন্ত্ৰী ইউ জি ব্ৰহ্মই । আদ্যশ্ৰাদ্ধ অনুষ্ঠানত মন্ত্ৰী ইউ জি ব্ৰহ্মক সংগ দিয়ে বৰমা সমষ্টিৰ বিধায়ক ভূপেন বড়ো, মুছলপুৰ পৰিষদীয় সমষ্টিৰ ই এম ৰাকেশ ব্ৰহ্ম আৰু বাক্সা জিলা আৰক্ষী অধীক্ষক ৰাজেন সিঙে ৷

লগতে পঢ়ক : Encroachment at Nagaon : থলুৱাৰ ম্যাদী মাটিত গোজেই গজালি হৈছে সন্দেহযুক্ত নাগৰিক !

Last Updated :Dec 1, 2021, 12:24 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.