ETV Bharat / state

Lack of teachers in School : ১২ গৰাকী শিক্ষকে ৫০০ শিক্ষাৰ্থীক কৰিছে শিক্ষাদান

author img

By

Published : Nov 20, 2022, 8:16 PM IST

Lack of teachers in School
১২ গৰাকী শিক্ষকে ৫০০ গৰাকী শিক্ষাৰ্থীক দিছে শিক্ষাদান

ৰাজ্যৰ চৰকাৰী খণ্ডৰ বিদ্যালয়ত চলিছে এক আজৱ কাণ্ড ৷ ৰাজ্যৰ এখন চৰকাৰী বিদ্যালয়ত ৫০০ গৰাকী ছাত্ৰ-ছাত্ৰীৰ বিপৰীতে আছে মাত্ৰ ১২ গৰাকী শিক্ষক ৷ ১২ গৰাকী শিক্ষকে জোৰা তাপলি মাৰি চলাই গৈছে এখন বিদ্যালয় ৷ কাণসাৰ নাই বিভাগীৰ মূৰব্বীৰ ৷ পিছে ক’ত আছে এই বিদ্যালয়খন ? সবিশেষ এই বাতৰিত...

নিউজ ডেস্ক, 20 নৱেম্বৰ : ATTENTION বিটিআৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়া ৷ আপোনাৰ বাৰু জ্ঞাত নে প্ৰকৃততে আপোনাৰ বিটিআৰত কি চলি আছে ? খবৰ ৰাখিছেনে কেনেদৰে বিটিআৰত চলি আছে চৰকাৰী শিক্ষা ব্যৱস্থাটো ? যদি এই বিষয়ে আপুনি জ্ঞাত নহয়, তেন্তে আমাৰ এই বাতৰি আপোনালৈ আগবঢ়ালো ৷

১২ গৰাকী শিক্ষকে ৫০০ শিক্ষাৰ্থীক কৰিছে শিক্ষাদান

বিটিআৰ চৰকাৰৰ শিক্ষা বিভাগত সংঘটিত হৈছে এক আজৱ কাণ্ড । তামুলপুৰৰ চেঁচাপানী হাইস্কুল আৰু এম ই স্কুলত প্ৰায় ৫০০ গৰাকী ছাত্ৰ-ছাত্ৰীৰ বিপৰীতে মাত্ৰ ১২ গৰাকী শিক্ষকেৰে চলিছে পাঠদান কাৰ্য । কাণসাৰ নাই বিভাগীয় কৰ্তৃপক্ষৰ ৷ এই অভিযোগ তামুলপুৰৰ চেঁচাপানী হাইস্কুলৰ শিক্ষক তথা অঞ্চলটোৰ ৰাইজৰ ৷

নিৰ্বাচনৰ সময়ত বিভিন্ন প্ৰতিশ্ৰুতি দি বিটিচি দখল কৰা প্ৰমোদ বড়ো নেতৃত্বাধীন বিটিআৰ চৰকাৰখনে গাদী দখল কৰাৰ পাচত এতিয়া শিক্ষা বিভাগত চলিছে এক আৰজগতা । যাক লৈ ক্ষুব্ধ হৈ পৰিছে এতিয়া তামুলপুৰৰ চেঁচাপানী হাইস্কুলৰ শিক্ষক তথা অভিভাৱকসকল ৷

উল্লেখ্য যে, ১৯৭১ চনতে স্থাপন হোৱা উক্ত বিদ্যালয়খনত এতিয়া প্ৰায় শিক্ষক বিহীনভাৱে চলি আছে শিক্ষা ব্যৱস্থাটো । নিৰ্বাচনী ইস্তাহাৰত প্ৰমোদ বড়ো নেতৃত্বাধীন চৰকাৰখনে শিক্ষা বিভাগটোৰ মূল লক্ষ্য হিচাপে উল্লেখ কৰা সকলো প্ৰতিশ্ৰুতি এতিয়া যেন ফুটুকাৰ ফেনত পৰিণত হৈছে ।

অসমীয়া মাধ্যমৰ লগতে বিদ্যালয়খনৰ বড়ো মাধ্যমৰ হাইস্কুলখনত বিজ্ঞান আৰু হিন্দী শিক্ষক অবিহনে পাঠদান চলি আছে । উপায়ন্তৰ হৈ বিদ্যালয়খনৰ প্ৰধান শিক্ষক আব্দুল মালিক আৰু সহকাৰী শিক্ষক বানেশ্বৰ নাৰ্জাৰীয়ে মুখ্যমন্ত্ৰী ড⁰ হিমন্ত বিশ্ব শৰ্মাৰ লগতে বিটিআৰ প্ৰধান প্ৰমোদ বড়োলৈ এই সন্দৰ্ভত দৃষ্টি নিক্ষেপ কৰিবলৈ কাতৰ আহ্বান জনাইছে ৷

উল্লেখ্য যে, আমাৰ এই বাতৰি সম্প্ৰচাৰ হোৱাৰ পাচত সভাই-সমিতিয়ে ডাঙৰ ডাঙৰ ভাষণ প্ৰদান কৰা বিটিআৰ প্ৰধান প্ৰমোদ বড়োৰ প্ৰতিশ্ৰুতি পালন হ’ব নে সেইবোৰ ইস্তাহাৰ তথা সভা সমিতিৰ ভাষণতে সীমাবদ্ধ থাকিব সেয়া পৰৱৰ্তী সময়তহে হ'ব লক্ষণীয় ।

লগতে পঢ়ক : Assam govt in debt: এপষেকত 1600 কোটিৰ ঋণ লৈ অভিলেখ অসম চৰকাৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.