ETV Bharat / state

৯ অক্টোবৰৰ পৰা বিটিআৰত প্ৰথম আন্তঃ ষষ্ঠ অনুসূচী পৰিষদীয় ফুটবল প্ৰিমিয়াৰ লীগ

author img

By

Published : Oct 7, 2022, 10:31 PM IST

Inter Sixth Schedule Councils' Premier League to kick off on October 9
৯ অক্টোবৰৰ পৰা বিটিআৰত প্ৰথম আন্তঃ ষষ্ঠ অনুসূচী পৰিষদীয় ফুটবল প্ৰিমিয়াৰ লীগ

আগন্তুক ৯ অক্টোবৰৰ পৰা ২৩ অক্টোবৰলৈ বিটিচি চৰকাৰৰ উদ্যোগত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ'ব আন্তঃ ষষ্ঠ অনুসূচী পৰিষদীয় ফুটবল প্ৰিমিয়াৰ লীগ ২০২২ (Inter Sixth Schedule Councils' Premier League) ৷ শুকুবাৰে বাক্সা জিলাৰ মুছলপুৰৰ জিলা স্পৰ্টছ কমপ্লেক্সত আয়োজিত এক সংবাদমেলৰ জৰিয়তে এই তথ্য সদৰি কৰে বিটিচিৰ কাৰ্যবাহী সদস্য ৰাকেশ ব্ৰহ্মই ৷

বাক্সা,৭ অক্টোবৰ: আগন্তুক ৯ অক্টোবৰৰ পৰা ২৩ অক্টোবৰলৈ বিটিচি চৰকাৰৰ উদ্যোগত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ'ব আন্তঃ ষষ্ঠ অনুসূচী পৰিষদীয় ফুটবল প্ৰিমিয়াৰ লীগ ২০২২ ৷ এই ফুটবল লীগত উত্তৰ পূৰ্বাঞ্চল ৰাজ্য সমূহৰ মিজোৰামৰ মাৰা স্বায়ত্ব শাসিত জিলা পৰিষদ (Mara Autonomous District Council), লাও স্বায়ত্ব শাসিত জিলা পৰিষদ(Lai Autonomous District Council) , চাকমা স্বায়ত্ব শাসিত পৰিষদ (Ckma Autonomous District Council), ত্ৰিপুৰাৰ ত্ৰিপুৰা জনজাতি স্বায়ত্ব শাসিত জিলা পৰিষদ (Tripura Tribal Areas Autonomous District Council) প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব ৷

লগতে মেঘালয়ৰ খাছি পাৰ্বত্য স্বায়ত্ব শাসিত জিলা পৰিষদ (Khasi Hills Autonomous Council) , গাৰো পাৰ্বত্য স্বায়ত্ব শাসিত জিলা পৰিষদ, জয়ন্তীয়া পাৰ্বত্য স্বায়ত্ব শাসিত জিলা পৰিষদ (Jaintia Hills Autonomous Council) আৰু অসমৰ ডিমা হাছাও স্বায়ত্ব শাসিত পৰিষদ (Dima Hasao Autonomous Council) , কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদ (Karbi Anglong Autonomous Council) আৰু বড়োলেণ্ড স্বায়ত্ব শাসিত পৰিষদকে আদি কৰি মুঠ দহটা ষষ্ঠ অনুসূচীৰ স্বায়ত্ব শাসিত পৰিষদৰ ফুটবল দলেও এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব ৷

৯ অক্টোবৰৰ পৰা বিটিআৰত প্ৰথম আন্তঃ ষষ্ঠ অনুসূচী পৰিষদীয় ফুটবল প্ৰিমিয়াৰ লীগ

ওদালগুৰি জিলাৰ ডিমাকুছিত এই প্ৰথম সংখ্যক আন্তঃ ষষ্ঠ অনুসূচীত স্বায়ত্ব শাসিত পৰিষদ ফুটবল প্ৰিমিয়াৰ লীগ ২০২২ৰ উদ্বোধনী খেল অনুষ্ঠিত হ’ব । ৯ অক্টোবৰৰ পৰা ২৩ অক্টোবৰলৈকে অনুষ্ঠিত হ’বলগীয়া ফুটবল প্ৰতিযোগিতাৰ লীগ খেলসমূহ বিটিআৰৰ কোকৰাঝাৰ, চিৰাং আৰু বাক্সা জিলাতো অনুষ্ঠিত হ'ব ৷ তাৰে চূড়ান্ত খেলখন অনুষ্ঠিত হ'ব কোকৰাঝাৰ জিলাৰ ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণ ষ্টেডিয়ামত ।

শুকুবাৰে বাক্সা জিলাৰ মুছলপুৰৰ জিলা স্পৰ্টছ কমপ্লেক্সত আয়োজিত এক সংবাদমেলৰ জৰিয়তে এই তথ্য সদৰি কৰে বিটিচিৰ কাৰ্যবাহী সদস্য ৰাকেশ ব্ৰহ্মই ৷ ব্ৰহ্মই কয় যে এই ফুটবল প্ৰতিযোগিতাৰ জৰিয়তে আচলতে ষষ্ঠ অনুসূচীত স্বায়ত্ব শাসিত পৰিষদৰ সমূহৰ মাজত এটা সমন্বয় গঢ়ি তোলাৰ প্ৰয়াস কৰাৰ চেষ্টা কৰা হৈছে । এনে ধৰণৰ প্ৰতিযোগিতাৰ জৰিয়তে উঠি অহা ফুটবল খেলুৱৈ সকলক এখন উপযুক্ত মঞ্চ দিয়াৰ চেষ্টা কৰা হৈছে ।

লগতে পঢ়ক: বিহাৰত নৰখাদক বাঘৰ Shoot at Sight নিৰ্দেশ বন বিভাগৰ

তেওঁ লগতে এই ফুটবল প্ৰতিযোগিতাখনত যদি ভাল খেলে তেনেহলে ইয়াৰ পৰাই ভবিষ্যতে এটা ভাল দল গঢ় লৈ উঠিব আৰু ভাল খেলুৱৈৰ সৃষ্টি হ'ব বুলি আশা প্ৰকাশ কৰে ৷ আগন্তুক ২৩ অক্টোবৰৰ সামৰণি অনুষ্ঠানত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা উপস্থিত থকাৰ কথা সদৰী কৰি ব্ৰহ্মই কয় যে এই প্ৰতিযোগিতা প্ৰথম, দ্বিতীয় আৰু তৃতীয় বিজয়ী দলক ক্ৰমে তিনি লাখ, দুই লাখ আৰু এক লাখকৈ নগদ ধনৰ লগতে ট্ৰফী প্ৰদান কৰা হ'ব ৷

আজিৰ এই সংবাদমেলত বাক্সা জিলা ক্ৰীড়া বিষয়া দেবাংগ মহিলাৰী, ইউপিপিএল দলৰ কেন্দ্ৰীয় সম্পাদক জৌংস্ৰাং ব্ৰহ্ম, প্ৰীমিয়াৰ লীগৰ সংবাদ কোষৰ সমন্বয়ক হান্তিগিৰি নাৰ্জাৰী, মুছলপুৰ জিলা ইউপিপিএলৰ সভাপতি নৃপেন বড়োও উপস্থিত থাকে ৷

লগতে পঢ়ক: গৃহমন্ত্রী অমিত শ্বাহৰ প্ৰতি অসম তৃণমূল কংগ্ৰেছৰ প্ৰশ্নবাণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.