ETV Bharat / state

বাক্সাত জব্দ বৃহৎ পৰিমাণৰ অবৈধ চোৰাং কাঠ

author img

By

Published : May 7, 2021, 6:28 PM IST

বাক্সাৰ মইনাগুৰিত এছ এছ বি জোৱানৰ জব্দ বৃহৎ পৰিমাণৰ অবৈধ চোৰাং কাঠ । জব্দ কৰা কাঠখিনি পাচত বাটাবাৰী ৰেঞ্জ অফিচত চমজাই দিয়ে এছ এছ বি জোৱানসকলে ।

Baksa illegal wood seized
বাক্সাত জব্দ বৃহৎ পৰিমাণৰ অবৈধ চোৰাং কাঠ

বাক্সা, ৭ মে': বাক্সাৰ মইনাগুৰিত শুকুৰবাৰে সশস্ত্ৰ সীমা সুৰক্ষা বল চমুকৈ এচ এচ বিয়ে জব্দ কৰে বৃহৎ পৰিমাণৰ অবৈধ চোৰাং কাঠৰ কুণ্ডা । এখন AS ১৯C ৫২০২ নম্বৰৰ আৰু আন এখন নম্বৰবিহীন টাটা মবাইলেৰে কঢ়িয়াই আনি থকা অৱস্থাত এচ এচ বিয়ে জব্দ কৰে অবৈধ কাঠৰ কুণ্ডাসহ গাড়ী দুখন । পিছত বাটাবাৰী ৰেঞ্জ অফিচত দুয়োখন টাটা মবাইলসহ এচ এচ বিয়ে চমজাই দিয়ে জব্দকৃত কাঠৰ কুণ্ডাসমূহ ।

আনহাতে, জব্দ কৰা কাঠৰ কুণ্ডাসমূহৰ মূল্য প্ৰায় ২৬ হাজাৰ টকাৰ হ'ব বুলি কয় বাটাবাৰী বনাঞ্চলিক বিষয়াই । কিন্তু স্থানীয় ৰাইজে এই কাঠখিনিৰ মূল্য ২ লক্ষাধিক হ'ব বুলি উল্লেখ কৰিছে । উল্লেখযোগ্য যে, সংবাদ মাধ্যমৰ লোক উপস্থিত হোৱাৰ লগে লগে বাটাবাৰী ৰেঞ্জৰ বন বিষয়া গৰাকীয়ে কিছু বিবুদ্ধিত পৰা পৰিলক্ষিত হোৱাৰ লগতে তেওঁ কোনোধৰণৰ মন্তব্য কৰিবলৈ ইচ্ছা প্ৰকাশ কৰা নাছিল যদিও পৰবৰ্তী সময়ত প্ৰৱল হেঁচাত কিছু গা এৰা ধৰণৰ মন্তব্য আগবঢ়ায় । বাক্সাত এতিয়া এনেদৰেই অনৈতিক ভাৱে চলি আছে বনবিভাগৰ কাম-কাজ । বিভাগটোৰ এনে অনৈতিক কাৰ্যকলাপৰ পৰিণতিতেই দিনক দিনে অবৈধ কাঠৰ বেহা বৃদ্ধি পোৱা বুলি অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ।

লগতে পঢ়ক: এগৰাকী বোৱাৰীৰ মৃত্যুকলৈ গহপুৰত চাঞ্চল্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.