ETV Bharat / state

তামুলপুৰত জনসম্পৰ্ক অভিযানত উপস্থিত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

author img

By

Published : Jun 17, 2020, 10:26 PM IST

নৰেন্দ্ৰ মোডীৰ ডাঙৰীয়াৰ নেতৃত্বত উত্তৰ-পূৰ্বাঞ্চলক ভাৰতবৰ্ষৰ ভিতৰতে মুখ্য ধাৰাত সন্নিৱিষ্ট কৰিব পৰা যায় ৷ ত্ৰিপুৰাৰ পৰা অৰুণাচললৈ ৰাষ্ট্ৰীয় ঘাই পথ সংযুক্ত কৰি আৰু বিভিন্ন এইমচ,নুমলীগড় শোধানাগাৰ সংমিশ্ৰণ কৰি ভাৰতবৰ্ষৰ ভিতৰত অষ্ঠলক্ষ্মী প্ৰতিস্থাপন কৰিব পাৰি বুলি সংবাদ মাধ্যমক জনায় মন্ত্ৰীগৰাকীয়ে ।

himanta biswa sarma visited baksa
himanta biswa sarma visited baksa

বাক্সা, 17 জুন : বুধবাৰে বাক্সাৰ তামুলপুৰত উপস্থিত হ'ল শিক্ষা, স্বাস্থ্য আৰু বিত্তমন্ত্ৰী তথা নেডাৰ আহ্বায়ক হিমন্ত বিশ্ব শৰ্মা ৷ সংবাদমাধ্যমৰ সৈতে মুখামুখিত ভাৰতীয় জনতা পাৰ্টীয়ে চাৰিটা বছৰ অতিক্ৰম কৰি পঞ্চম বৰ্ষত ভৰি দিয়াৰ প্ৰসংগ উল্লেখ কৰে । নৰেন্দ্ৰ মোডীৰ ডাঙৰীয়াৰ নেতৃত্বত উত্তৰ-পূৰ্বাঞ্চলক ভাৰতবৰ্ষৰ ভিতৰতে মুখ্য ধাৰাত সন্নিৱিষ্ট কৰিব পৰা যায় বুলি উল্লেখ কৰে হিমন্ত বিশ্ব শৰ্মাই ।

তামুলপুৰত জনসম্পৰ্ক অভিযানত উপস্থিত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

ত্ৰিপুৰাৰ পৰা অৰুণাচললৈ ৰাষ্ট্ৰীয় ঘাই পথ সংযুক্ত কৰি আৰু বিভিন্ন এইমচ,নুমলীগড় শোধানাগাৰ সংমিশ্ৰণ কৰি ভাৰতবৰ্ষৰ ভিতৰত অষ্ঠলক্ষ্মী প্ৰতিস্থাপন কৰিব পাৰি বুলি সংবাদ মাধ্যমক জনায় মন্ত্ৰীগৰাকীয়ে । অসমৰ সৰ্বানন্দ সোণোৱাল চৰকাৰখনে বিভিন্ন দুৰ্যোগত সন্মুখৰ পৰা নেতৃত্ব দি ৰাইজৰ আশা-আকাংক্ষা সমাধান কৰিবলৈ সক্ষম হৈছে । আনহাতে, অসমৰ প্ৰতিটো সমষ্টিত দহজনকৈ লোকৰ ঘৰলৈ যোৱাৰ সিদ্ধান্ত লোৱা বুলি জানিবলৈ দিয়ে হিমন্ত বিশ্ব শৰ্মাই । লগতে ৰাজ্যত কৰ'ণা ভাইৰাছ মহামাৰীৰ বাবে কোনো ৰাজনৈতিক দলৰ মন্ত্ৰী-বিধায়কক পদত্যাগ নকৰিবলৈ আহ্বান জনায় মন্ত্ৰীজনে ।

উল্লেখ্য যে, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিধানসভা সমষ্টিৰ বিটিচি পৰিষদীয় সমষ্টি গয়বাৰী আৰু ২৬ নং দৰঙাজুলী পৰিষদীয় সমষ্টি পৰিভ্ৰমণ কৰা পৰিলক্ষিত হয় । মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সংগ দিয়ে তামুলপুৰৰ বিধায়ক ইমানুৱেল মুছাহাৰীয়ে ।

লগতে পঢ়ক : ভাৰতীয় বায়ুসেনাৰ গ্ৰুপ কামাণ্ডাৰ(অৱসৰপ্ৰাপ্ত) মহন্ত পাংগিঙৰ সৈতে ইটিভি ভাৰতৰ বিশেষ সাক্ষাৎকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.