ETV Bharat / state

হাগ্ৰামাই হে ইউ পি পি এল দলক মিত্ৰতাৰ প্ৰস্তাৱ দিছিল : প্ৰমোদ বড়ো

author img

By

Published : Sep 5, 2020, 4:55 PM IST

বিপিএফৰ সৈতে নিতি-আদৰ্শৰ মত-পাৰ্থক্য থকাৰ বাবেহে আলোচনাৰ পিছতো মিত্ৰতা সম্ভৱ নহ’ল । আনহাতে অঞ্জলী দৈমাৰী কোনো ধোৱা তুলসীৰ পাত নহয় বুলিও কটাক্ষ প্ৰমোদ বড়োৰ ৷

Hagrama Mohilary proposed to the UPPL for allience: Promod Bodo
Hagrama Mohilary proposed to the UPPL for allience: Promod Bodo

বাক্সা, 5 ছেপ্তেম্বৰ: বিটিচি নিৰ্বাচনৰ দিন নিৰ্ধাৰণ নহ’লেও ৰাজনৈতিক দল সমূহে অব্যাহত ৰাখিছে প্ৰচাৰ অভিযান ৷ অভিযোগ-প্ৰতি অভিযোগেৰে গৰম কৰি তুলিছে ৰাজনৈতিক প্ৰেক্ষাপট ৷ এইবাৰ মুখ খুলিছে ইউ পি পি এলৰ সভাপতি প্ৰমোদ বড়োৱে ৷ সদ্য বহিষ্কৃত ইউ পি পি এল নেতা পৃথ্বীৰাজ নাৰায়ণ দেৱ মেচ আৰু অঞ্জলী দৈমাৰীৰ অভিযোগ প্ৰমোদ বড়োই হাগ্ৰামাক মিত্ৰতাৰ প্ৰস্তাৱ দিয়া সন্দৰ্ভত মুখ খুলিছে সভাপতি প্ৰমোদ বড়োৱে ৷

হাগ্ৰামাই হে ইউ পি পি এল দলক মিত্ৰতাৰ প্ৰস্তাৱ দিছিল : প্ৰমোদ বড়ো

বাক্সা জিলাৰ কোকলাবাৰী পৰিষদীয় সমষ্টিত কেবাটাও স্থানত নিৰ্বাচনী সভাত অংশ লোৱা ইউ পি পি এলৰ সভাপতি প্ৰমোদ বড়োৱে মিত্ৰতা সন্দৰ্ভত কয় যে, হাগ্ৰামা মহিলাৰীয়েহে প্ৰথমে মিত্ৰতাৰ প্ৰস্তাৱ আগবঢ়াইছিল ৷ হাগ্ৰামা মহিলাৰীৰ সৈতে আলোচনাও হৈছিল ৷ কিন্তু তেওঁলোকৰ নীতি আদৰ্শৰ সৈতে মত-পাৰ্থক্য থকাত সম্ভৱ হৈ নুঠিল মিত্ৰতা ৷

ইফালে বহিষ্কৃত নেতা পৃথ্বীৰাজ নাৰায়ণ দেৱ মেচৰ অভিযোগৰ কোনো সত্যতা নাই বুলি মন্তব্য কৰে প্ৰমোদ বড়োৱে ৷ আনহাতে শেহতীয়াভাৱে অঞ্জলী দৈমাৰীৰ বিপিএফত যোগদানে বিপিএফ দলটোৰ কোনো উন্নয়ন সাধন নকৰে বুলি উল্লেখ কৰি প্ৰমোদ বড়োৱে অঞ্জলী দৈমাৰী কোনো ধোৱা তুলসীৰ পাত নহয় বুলিও কটাক্ষ কৰে ৷ লগতে অঞ্জলী দৈমাৰীয়ে যোগদান কৰি একেদিনাই বিপিএফ দলে সংঘটিত কৰা দুৰ্নীতি, ভ্ৰষ্টাচাৰ শেষ কৰিব নোৱাৰে বুলি মন্তব্য কৰে প্ৰমোদ বড়োৱে ৷

মন্ত্ৰী চন্দন ব্ৰহ্মৰ প্ৰত্যক্ষ বিৰোধিতাৰ বাবে বড়ো কছাৰী অট’নমাচ কাউন্সিল গঠন নহ'ল : প্ৰমোদ বড়ো

বিজেপিৰ লগত বিপিএফৰ হে মিত্ৰতা থকা বুলি উল্লেখ কৰি প্ৰমোদ বড়োৱে ৰাজ্য চৰকাৰৰ মন্ত্ৰী চন্দন ব্ৰহ্মৰ প্ৰত্যক্ষ বিৰোধিতাৰ বাবে বড়ো-কছাৰী অট’নমাচ কাউন্সিল গঠন নহ'ল বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে ।

লগতে চাওক-স্বায়ত্বশাসিত পৰিষদ হৈছে বিভাজনৰ ৰাজনীতিঃ দৰং জিলা আক্ৰাছু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.