ETV Bharat / state

গোৰেশ্বৰত আটক চাৰি সন্দেহজনক বাংলাদেশী

author img

By

Published : Sep 14, 2019, 12:22 PM IST

গুৱাহাটী দিশৰ পৰা আহি থকা AS-25DC-2074 নম্বৰৰ বাহনখন সন্দেহ হোৱাত ছাত্ৰ সন্থাৰ কৰ্মী সকলে মহৰিপাৰাত আবদ্ধ কৰি সোধ-পোচ কৰাত কোনো সুদুত্তৰ নাপাই লোক কেইজনৰ পৰা ৷

গোৰেশ্বৰত আটক চাৰি সন্দেহজনক বাংলাদেশী

তামুলপুৰ, 14 ছেপ্টেম্বৰ: তামুলপুৰৰ গোৰেশ্বৰত আবদ্ধ সন্দেহজনক বাংলাদেশী নাগৰিক ৷ তামুলপুৰ মহকুমাৰ অন্তৰ্গত গোৰেশ্বৰৰ মহৰিপাৰাত শুকুৰবাৰে নিশা প্ৰায় 9 বজাত এখন মাল কঢ়িওৱা বাহনসহ চাৰি গৰাকী সন্দেহজনক নাগৰিকক আবদ্ধ কৰে উত্তৰ বেতনা আঞ্চলিক ছাত্ৰ সন্থাই ৷ গুৱাহাটীৰ দিশৰ পৰা আহি থকা AS-25DC-2074 নম্বৰৰ বাহনখন সন্দেহ হোৱাত ছাত্ৰ সন্থাৰ কৰ্মীসকলে মহৰিপাৰাত আবদ্ধ কৰি সোধ-পোচ কৰাত কোনো সুদুত্তৰ নাপাই লোক কেইজনৰ পৰা ৷ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত নাম প্ৰকাশ নোপোৱাৰ কথা উল্লেখ কৰাৰ লগতে তামুলপুৰৰ ভোলাজাৰ গাঁৱত ঘৰ নিৰ্মাণৰ বাবে নিশা ঘৰ বনোৱা সামগ্ৰীসহ আহি থকা বুলি প্ৰকাশ কৰে নাগৰিক কেইজনে ৷ ছাত্ৰ সন্থাৰ কৰ্মীসকলে লোক কেইজন বাংলাদেশী নাগৰিক বুলি সন্দেহ কৰি গটাই দিয়ে গোৰেশ্বৰ আৰক্ষী থানাত ৷ সম্প্ৰতি নাগৰিক কেইজনক জেৰা অব্যাহত ৰাখিছে গোৰেশ্বৰ আৰক্ষীয়ে ৷

গোৰেশ্বৰত আটক চাৰি সন্দেহজনক বাংলাদেশী
Intro:গোৰেশ্বৰৰ মহৰিপাৰাত সন্দেহজনক বাংলাদেশী নাগৰিক ক আৱদ্ধ কৰি লে আছুই।Body:তামুলপুৰ।
১৪/৯/১৯।
তামুলপুৰ মহকুমাৰ অন্তৰ্গত গোৰেশ্বৰৰ মহৰিপাৰাত যোৱা নিশা প্ৰায় ৯ বজামানত এখন মাল কঢ়িওৱা গাড়ী সহ ৪ গৰাকী সন্দেহ জনক নাগৰিকক আৱদ্ধ কৰে উত্তৰ বেতনা আঞ্চলিক ছাত্র সন্থাই।গুৱাহাটী দিশৰ পৰা আহি থকাAS 25 DC 2074 নম্বৰৰ গাড়ীখন সন্দেহ হোৱাত ছাত্র সন্থাৰ কৰ্মী সকলে মহৰিপাৰাত আৱদ্ধ কৰি সোধ পোচ কৰাত কোনো কথাৰ মিল নাপায়।নাগৰিক কেইজনে নিজ মুখেৰে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত নাম প্ৰকাশ নোপোৱাৰ কথাও উল্লেখ কৰে আৰু তামুলপুৰ মহকুমাৰ ভোলাজাৰ গাৱত ঘৰ নিৰ্মাণ ৰ বাবে নিশা ঘৰ বনোৱা সামগ্ৰী সহ আহি থকা বুলি কয়।ইয়াৰ পিছতে ছাত্ৰ সন্থাৰ কৰ্মী সকলে লোক কেইজন বাংলাদেশী নাগৰিক বুলি সন্দেহ কৰি গোৰেশ্বৰ থানাৰ আৰক্ষীক মাতি নি গতাই দিয়ে।বৰ্তমান নাগৰিক কেইজন গোৰেশ্বৰ থানাত আছে।

তামুলপুৰ ৰ পৰা দ্বীপেন শৰ্মা।ETV Bharat Assam.Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.