ETV Bharat / state

বাক্সাত বৰদিন উদযাপনৰ বিশেষ প্ৰস্তুতি

author img

By

Published : Dec 23, 2020, 5:00 PM IST

Updated : Dec 23, 2020, 5:21 PM IST

বাক্সাত চলিছে বৰদিন উদযাপনৰ বিশেষ প্ৰস্তুতি ৷ জিলাখনৰ মেনকা চাহ বাগিচাৰ বাসিন্দাসকলে বৰদিন উদযাপনৰ বাবে চলাইছে পূৰ্ণ প্ৰস্তুতি ৷ সজাই তোলা হৈছে গীৰ্জাসমূহ ৷

বাক্সাত বৰদিন উদযাপনৰ বিশেষ প্ৰস্তুতি
বাক্সাত বৰদিন উদযাপনৰ বিশেষ প্ৰস্তুতি

বাক্সা,23 ডিচেম্বৰ: বাক্সা জিলাত বৰদিন উদযাপনৰ বাবে চলিছে বিশেষ প্ৰস্তুতি ৷ বৰদিন উদযাপনৰ বাবে জিলাখনৰ মেনকা চাহ বাগিচাৰ বাসিন্দাসকলে চলাইছে পূৰ্ণ প্ৰস্তুতি ৷ গীত-মাতৰ মাজেৰে বৰদিনক আদৰিবলৈ প্ৰস্তুত হৈছে খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকল ৷

বৰদিন উদযাপনৰ বিশেষ প্ৰস্তুতি

শুকুৰবাৰে নিশা ১২ বজাৰ লগে লগে কেৰলৰ সুৰত মুখৰিত হ’ব সমগ্ৰ পৃথিৱী ৷ বৰদিন উপলক্ষে আটকধুনীয়াকৈ সজাই তোলা হৈছে গীৰ্জাসমূহ ৷ গিৰ্জাই গিৰ্জাই নিৰ্মাণ কৰা হৈছে যীশুৰ জন্মস্থান বেথেলহেমৰ দৃশ্য ৷ বৰদিনলৈ মাজত মাত্ৰ এটা দিন বাকী ৷ আলহী-অতিথিক আদৰিবলৈ ঘৰে-ঘৰে চলিছে ব্যাপক প্ৰস্তুতি ৷ কৰ’ণা ভাইৰাছে বৰদিনৰ আনন্দ-উল্লাস কিছু পৰিমাণে ম্লান কৰিলেও অহা বৰ্ষত দুগুণ উৎসাহেৰে বৰদিন পালন কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰিছে খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলে ৷

লগতে চাওকঃ জনতা ভৱনক এৰাই চলিছে বিপিএফৰ তিনি মন্ত্ৰীয়ে

Last Updated : Dec 23, 2020, 5:21 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.