ETV Bharat / state

বিজনীৰ কৃতি শিক্ষক আনিছুৰ ৰহমানৰ মৃত্যু

author img

By

Published : Dec 23, 2020, 5:21 PM IST

Updated : Dec 23, 2020, 10:58 PM IST

বিজনীৰ সামাজিকভাৱে সচেতন তথা কৃতি শিক্ষক আনিছুৰ ৰহমানৰ মঙলবাৰে নিশা মৃত্যু হয় ৷ উচ্চ ৰক্তচাপজনিত কাৰণত 57 বছৰ বয়সত মৃত্যু হয় শিক্ষক গৰাকীৰ ৷

bijnis-teacher-anisur-rahman-dies
বিজনীৰ কৃতি শিক্ষক আনিছুৰ ৰহমানৰ মৃত্যু

বৰপেটাৰোড, 23 ডিচেম্বৰ : বাক্সা জিলাৰ বিজনীৰ সামাজিকভাৱে সচেতন তথা কৃতি শিক্ষক আনিছুৰ ৰহমানৰ মঙলবাৰে নিশা মৃত্যু হয় ৷ উচ্চ ৰক্তচাপজনিত কাৰণত 57 বছৰ বয়সত মৃত্যু হয় শিক্ষক গৰাকীৰ ৷

বুধবাৰে পুৱা শিক্ষক গৰাকীৰ জানাজা সম্পন্ন কৰা হয় ৷ জানাজাত জাতি, ধৰ্ম-বৰ্ণ, ভাষা নিৰ্বিশেষে উপস্থিত হয় সহস্ৰাধিক লোক ৷ বিভিন্ন সামাজিক কৰ্মৰ লগতে CPI(M) দলৰ এগৰাকী আদৰ্শৱান কৰ্মী হিচাপে সৰ্ব-পৰিচিত আনিছুৰ ৰহমানৰ অকাল মৃত্যুত খাৰিজা বিজনীৰ বিভিন্ন দল-সংগঠনে গভীৰ শোক প্ৰকাশ কৰিছে ৷

bijnis-teacher-anisur-rahman-dies
বিজনীৰ কৃতি শিক্ষক আনিছুৰ ৰহমানৰ মৃত্যু

উল্লেখ্য যে, বিনা বেতনে শিক্ষকতা কৰি মৃত্যুমুখত পৰা আনিছুৰ ৰহমানৰ পৰিয়ালক উপযুক্ত সংস্থাপন দিয়াৰ দাবী উত্থাপন কৰে অঞ্চলটোৰ বিভিন্ন দল-সংগঠনে ৷

মৃত্যুৰ সময়ত শিক্ষক গৰাকীয়ে পত্নী, এগৰাকী কন্যা, এজন পুত্ৰৰ লগতে বহু আত্মীয় স্বজন আৰু গুণমুগ্ধক ইহ সংসাৰত এৰি থৈ যায় ৷

লগতে পঢ়ক : মুখ্যমন্ত্ৰীলৈ মুছলিম ছাত্ৰ সন্থাৰ স্মাৰকপত্ৰ প্ৰেৰণ

Last Updated : Dec 23, 2020, 10:58 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.