মটৰচাইকেলত উঠি তামুলপুৰৰ বানাক্ৰান্ত অঞ্চল পৰিভ্ৰমণ ভবেশ কলিতাৰ

author img

By

Published : Jun 28, 2022, 4:15 PM IST

Bhabesh Kalita
Bhabesh Kalita ()

তামুলপুৰ জিলাৰ অন্তৰ্গত ৰঙিয়া বিধানসভা সমষ্টিৰ বান ক্ষতিগ্ৰস্ত অঞ্চলসমূহ ভ্ৰমণ কৰিছে ৰাজ্যিক বিজেপিৰ সভাপতি ভবেশ কলিতাই (Bhabesh Kalita MLA Rangia) । সমষ্টিটোৰ বানাক্ৰান্ত ৰাইজৰ মাজত অহৰ্নিশে আছে ভবেশ কলিতা । মটৰচাইকেলত উঠি বান ক্ষতিগ্ৰস্ত অঞ্চলৰ পৰিস্থিতিৰ বুজ লৈছে কলিতাই ।

তামুলপুৰ, ২৮ জুন : ৰাজ্যৰ বান পৰিস্থিতি এতিয়াও সম্পূৰ্ণভাৱে স্বাভাৱিক হোৱা নাই (Assam flood 2022) । বিস্তীৰ্ণ অঞ্চল এতিয়াও পানীৰ তলত । আনহাতে, হাজাৰ হাজাৰ লোক এতিয়াও আশ্ৰয় শিবিৰতে থাকিবলগা হৈছে । ৰাজ্যৰ বান পৰিস্থিতি তদাৰক কৰি আছে মুখ্যমন্ত্ৰীয়ে নিজে । তাৰ সমান্তৰালভাৱে ৰাজ্য চৰকাৰৰ বিভিন্ন মন্ত্ৰী তথা বিধায়কসকলেও বন্যাৰ্তসকলৰ মাজত গৈ তেওঁলোকৰ দুখ-দুৰ্দশাৰ বুজ লৈছে । শেহতীয়াভাৱে ৰাজ্যিক বিজেপিৰ সভাপতি ভবেশ কলিতায়ো (Assam BJP president Bhabesh Kalita) নিজ সমষ্টিৰ বিভিন্ন বানাক্ৰান্ত অঞ্চলৰ লগতে অন্য ঠাইৰো বান পৰিস্থিতিৰ বুজ লৈছে ।

তামুলপুৰ জিলাৰ অন্তৰ্গত ৰঙিয়া বিধানসভা সমষ্টিৰ বান ক্ষতিগ্ৰস্ত অঞ্চলসমূহ ভ্ৰমণ কৰিছে ৰাজ্যিক বিজেপিৰ সভাপতি কলিতাই (Bhabesh Kalita visited flood effected area of Tamupur) । সমষ্টিটোৰ বানাক্ৰান্ত ৰাইজৰ মাজত অহৰ্নিশে আছে ভবেশ কলিতা । মটৰচাইকেলত উঠি বান ক্ষতিগ্ৰস্ত অঞ্চলৰ পৰিস্থিতিৰ বুজ লৈছে কলিতাই । ৰাজ্যিক বিজেপিৰ সভাপতি তথা ৰঙিয়া বিধানসভা সমষ্টিৰ বিধায়ক ভবেশ কলিতাই মটৰচাইকেলত উঠি সমষ্টিটোৰ নৱগঠিত তামুলপুৰ জিলাৰ অন্তৰ্গত গোৰেশ্বৰৰ চেনিগাঁও,মাদালবাৰী,খৈৰাবাৰী,নিজকোছোলাকে ধৰি কেইবাখনো বান ক্ষতিগ্ৰস্ত গাঁও পৰিদৰ্শন কৰে ।

বানত ক্ষতিগ্ৰস্ত উক্ত গাঁওসমূহৰ নেপালী চুবা,ৰামজুলি চুবা আৰু চেনিগাঁৱৰ ৰাইজৰ মাজত বান সাহাৰ্যও বিতৰণ কৰে ভৱেশ কলিতাই । উল্লেখ্য, বানত ক্ষতিগ্ৰস্ত অঞ্চলসমূহৰ বেছিভাগ বাট-পথৰ অৱস্থাই এতিয়া একেবাৰে শোচনীয় । তেনেস্থলত চাৰিচকীয়া গাড়ীৰে অঞ্চলবোৰত যাতায়াত এতিয়া এক প্ৰকাৰ দুৰূহ হৈ পৰিছে । সেয়ে ক'ৰবাত যদি মটৰচাইকেলত উঠি, আন ক'ৰবাত আকৌ খোজকঢ়িয়ে ৰাইজৰ বিলাই-বিপত্তিৰ সমভাগী হৈছে বিধায়কগৰাকী ।

আনহাতে, বিধায়কগৰাকীয়ে বানপানী হোৱাৰে পৰাই দিনে-নিশাই সমষ্টিটোৰ ৰাইজৰ মাজত থাকি ক্ষতিগ্ৰস্ত ৰাইজক সকাহ দি আহিছে । সমষ্টিবাসীৰ বিভিন্ন দুখ-দুৰ্গতিৰ বুজ লৈ তাৰ সমাধানৰো আশ্বাস দিছে বিধায়ক ভৱেশ কলিতাই । আনহাতে, বান পৰিদৰ্শন কালত বিধায়কগৰাকীক সংগ দিয়ে গোৰেশ্বৰ মণ্ডল বিজেপিৰ সভাপতি মহেন্দ্ৰ বৰাৰ লগতে যুৱ মৰ্চাৰ সদস্যসকলে ।

লগতে পঢ়ক :ৰাজ্যত অব্যাহত বানৰ বিভীষিকা: ২৪ ঘণ্টাত আঠজনৰ প্ৰাণহানি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.