ETV Bharat / state

বাক্সাত ইউ.পি.পি.এল দলত কেইবাটাও সংগঠনৰ সদস্যৰ যোগদান

author img

By

Published : Oct 23, 2020, 5:05 PM IST

১৫ বছৰে বিপিএফ দলে ৰাইজৰ কাৰণে একো নকৰিলে ৷ বিটিআৰ চুক্তিৰ সৰ্ন্দভত মোছাহাৰীয়ে মত প্ৰকাশ কৰিছে যে, বিপিএফ দলে এই চুক্তিত একো নাই বুলি কোৱা কথাটো হাস্যকৰ, কিয়নো হাগ্ৰামা মহিলাৰীয়ে এই চুক্তিত প্ৰত্যক্ষ সাখী আছিল ৷

baksa salbari uppl party joining
বাক্সাত ইউ.পি.পি.এল দলত কেইবাটাও সংগঠনৰ সদস্যৰ যোগদান

বৰমা,২৩ অক্টোবৰঃ বিটিচিৰ ২১ নং শালবাৰী পৰিষদীয় সমষ্টিৰ ইউ.পি.পি.এল দলৰ প্ৰাৰ্থী বিনোদ মোছাহাৰীয়ে শুকুৰবাৰে দলীয় যোগদান কাৰ্য্যসূচীত অংশগ্ৰহণ কৰে ৷ বিনোদ মোছাহাৰীয়ে উল্লেখ কৰে যে, পৰিবৰ্তনৰ স্বাৰ্থত বিটিএডিৰ ৰাইজে ইউ.পি.পি.এল দলত যোগদান কৰিছে ৷

বিপিএফ দলক সমালোচনা কৰি তেঁও কয় যে, ১৫ বছৰে বিপিএফ দলে ৰাইজৰ কাৰণে একো নকৰিলে ৷ বিটিআৰ চুক্তিৰ সৰ্ন্দভত মোছাহাৰীয়ে মত প্ৰকাশ কৰিছে যে, বিপিএফ দলে এই চুক্তিত একো নাই বুলি কোৱা কথাটো হাস্যকৰ; কিয়নো হাগ্ৰামা মহিলাৰীয়ে এই চুক্তিত প্ৰত্যক্ষ সাখী আছিল ৷

বাক্সাত ইউ.পি.পি.এল দলত কেইবাটাও সংগঠনৰ সদস্যৰ যোগদান

এই চুক্তিয়ে বিটিএডিৰ সকলো ৰাইজকে আশাৰ সঞ্চাৰ কৰিব বুলিও কয় ৷ এই শান্তি চুক্তিয়ে জাতি ধৰ্ম নিৰ্বিশেষে সম অধিকাৰ দিব বুলিও কয় বিনোদ মোছাহাৰীয়ে ৷ আজি যোগদান কাৰ্য্যসূচীত কেইবাটাও দল সংগঠনৰ পৰা কেইবাজনো যুৱকে ইউ পি পি এল দলত যোগদান কৰে ৷

লগতে পঢ়কঃ অন্ত পৰা নাই কমলনাথ-ইমাৰ্তী দেৱীৰ ঠাট্টাৰ ৰাজনীতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.