ETV Bharat / state

মুছলপুৰত বিজেপিৰ পৃষ্ঠা প্ৰমুখ সন্মিলন

author img

By

Published : Feb 8, 2021, 9:07 PM IST

সোমবাৰে ৬৩ নং চাপাগুৰি বিধানসভা সমষ্টিৰ মুছলপুৰত অনুষ্ঠিত কৰা হয় বিজেপিৰ সমষ্টি ভিত্তিক পৃষ্ঠা প্ৰমুখ সন্মিলন ৷

As_baksa_muchalpur-bjp-election-meeting_vis_as10029
বাক্সাৰ মুছলপুৰত বিজেপিৰ পৃষ্ঠা প্ৰমুখ সন্মিলন

বাক্সা,8 ফেব্ৰুৱাৰী: সোমবাৰে ৬৩ নং চাপাগুৰি বিধানসভা সমষ্টিৰ মুছলপুৰত অনুষ্ঠিত কৰা হয় বিজেপিৰ সমষ্টি ভিত্তিক পৃষ্ঠা প্ৰমুখ সন্মিলন ৷ এই সন্মিলনত দলীয় স্থিতি সম্পৰ্কে বুজ লয় বিজেপি মৰ্চাৰ সভাপতি বিতুপন ৰায়দিঙীয়াই । ৬৩ নং চাপাগুৰি বিধানসভা সমষ্টিৰ মুখ্য পৃষ্ঠপোষক কুমুদ দাসে সভাৰ উন্মোচনী ভাষণত কয়, বিজেপি দলটো ভাৰতবৰ্ষৰ ভিতৰতে এটা শক্তিশালী দল ৷ এনে এক শক্তিশালী দলত যোগদান কৰি সকলো পৃষ্ঠা প্ৰমুখে ধন্য হোৱা বুলি মন্তব্য কৰে কুমুদ দাসে ৷

বিজেপিৰ পৃষ্ঠা প্ৰমুখ সন্মিলন অনুষ্ঠিত

তেখেতে আৰু কয় যে, বিগত 17 বছৰে বিপিএফৰ শাসনকালত চাপাগুৰি সমষ্টিত কোনোধৰণৰ উন্নয়ন হোৱা নাছিল ৷ যাৰ বাবে এইবেলি সমষ্টিবাসীয়ে উন্নয়নৰ স্বাৰ্থত তথা পৰিৱৰ্তনৰ স্বাৰ্থত বিজেপি প্ৰাৰ্থী বিজয়ী হোৱাটো বিচাৰে ৷ আনহাতে, কংগ্ৰেছৰ মহাজোঁটে ৰাজ্যৰ উন্নয়ন নহয় বিনাশহে কৰিব বুলি কয় দাসে । সোমবাৰৰ এই সন্মিলনখনত উপস্থিত থাকে বাক্সা জিলা বিজেপিৰ সভাপতি ৰাম দাহাল, দলীয় কৰ্মী ৰমেশ দাসৰ লগতে অন্যান্য কেইবাজনো নেতা-কৰ্মী ৷

লগতে পঢ়ক-অসম লোকসেৱা আয়োগৰ নতুন অধ্যক্ষ ৰাজীৱ কুমাৰ বৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.