ETV Bharat / state

কোকৰাঝাৰ এনকাউন্টাৰ; ন্যায় বিচাৰি মুছলপুৰত এবছুৰ প্ৰতিবাদ

author img

By

Published : Sep 22, 2021, 5:38 PM IST

absu protest
ন্যায় বিচাৰি মুছলপুৰত এবছুৰ প্ৰতিবাদ

কোকৰাঝাৰৰ দুই যুৱকৰ ৰহস্যজনক হত্যাকাণ্ডই তীব্ৰ আন্দোলনৰ সৃষ্টি কৰিছে । বিভিন্ন দল সংগঠনে যুৱক দুজনৰ হত্যাৰ ন্যায় বিচাৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে । বুধবাৰে পুনৰ এবছুৱে আৰক্ষী তথা চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ।

বাক্সা,২২ ছেপ্টেম্বৰ : শেহতীয়াকৈ জনক কুমাৰ ব্ৰহ্ম আৰু জংছাৰ মুচাহাৰী নামৰ দুই যুৱকৰ মৃত্যুৱে উত্তাল কৰি ৰাখিছে কোকৰাঝাৰ জিলা । কোকৰাঝাৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সুৰজিৎ সিং পানেচাৰৰ নেতৃত্বত দুয়োগৰাকী যুৱকক ইউ এল বিৰ (ULB) সদস্য সজাই গুলিয়াই হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে । ১৭ ছেপ্টেম্বৰৰ এই ঘটনাৰ পাছতে আৰক্ষীৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে বিভিন্ন দল-সংগঠনে ।

কোকৰাঝাৰ এনকাউন্টাৰ; ন্যায় বিচাৰি মুছলপুৰত এবছুৰ প্ৰতিবাদ

সমগ্ৰ বিটিআৰ (BTR) অঞ্চলত ঘটনাৰ তীব্ৰ প্ৰতিক্ৰিয়াৰো সৃষ্টি হৈছে । বুধবাৰেও হত্যাকাণ্ডৰ ন্যায় বিচাৰি নিখিল বড়ো ছাত্ৰ সন্থাই জিলা সদৰ মুছলপুৰত গ্ৰহণ কৰে এক প্ৰতিবাদী কাৰ্যসূচীৰ ৷ প্ৰতিবাদকাৰীৰ অভিযোগ দুই নিৰীহ যুৱকক হত্যা কৰা হৈছে । এটা অখ্যাত সংগঠনে বিটিআৰ বন্ধ ঘোষণা কৰাৰ পাছত নিৰীহ যুৱক দুজনৰ হত্যাৰ ন্যায়িক তদন্ত বিচাৰি এই ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷

মুছলপুৰৰ বাথৌফুৰিত পাঁচ শতাধিক এবছুৰ(ABSU) সদস্যই চৰকাৰ তথা অসম আৰক্ষীৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ শ্ল'গানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । অতি শীঘ্ৰে নিৰীহ যুৱক দুজনৰ হত্যাৰ ন্যায় প্ৰদান কৰা , ভুৱা সংঘৰ্ষ বন্ধ কৰা আদি বিভিন্ন ধৰণৰ দাবী উত্থাপন পৰে নিখিল বড়ো ছাত্ৰ সন্থাৰ কৰ্মীসকলে । প্ৰতিবাদৰ অন্তত উচিত ন্যায়ৰ দাবীত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মালৈ (Dr Himanta Biswa Sarma) এক স্মাৰক পত্ৰও প্ৰেৰণ কৰে এবছু নেতৃত্বই ।

লগতে পঢ়ক :ৰাজ্য চৰকাৰৰ দমন নীতিৰ বিৰোধিতাৰে AJYCP ৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.