ETV Bharat / sports

Tokyo Olympics: ব্ৰঞ্জৰ পদক দখলৰ বাবে কি কৰিব ভাৰতীয় হকী দলে

author img

By

Published : Aug 3, 2021, 7:16 PM IST

Tokyo Olympics: What Indian men's hockey team needs to do in bronze-medal match
Tokyo OTokyo Olympics: ব্ৰঞ্জৰ পদক আজুৰিবৰ বাবে কি কৰিব লাগিব ভাৰতীয় হকী দলেlympics

টকিঅ’ অলিম্পিকত (Tokyo Olympics) মঙলবাৰে পুৰুষ হকীৰ ছেমি ফাইনেলত বেলজিয়ামৰ হাতত 5-2 ৰ ব্যৱধানত পৰাস্ত হয় ভাৰতীয় দল ৷ গ্ৰেট ব্ৰিটেইনৰ বিৰুদ্ধে সুন্দৰ প্ৰদৰ্শন আগবঢ়োৱা ভাৰতীয় হকী দলে বেলজিয়ামৰ বিৰুদ্ধে আশানুৰূপ প্ৰদৰ্শন কৰাত ব্যৰ্থ হৈছিল । বৃহস্পতিবাৰে ব্ৰঞ্জ পদকৰ বাবে অৱৰ্তীণ হ’ব ভাৰতীয় দলটো ৷ ভাৰতীয় দলটোৱে এইখন মেচত ব্ৰঞ্জৰ পদক আজুৰিবৰ বাবে কি কৰিব লাগিব তাৰেই এক পৰ্যালোচনা প্ৰস্তুত কৰি উলিয়াইছে IANS য়ে...

স্প’ৰ্টছ ডেস্ক, 3 আগষ্ট : ভাৰতীয় হকী দলে মঙলবাৰে ছেমি ফাইনেলত বেলজিয়ামৰ হাতত ২-৫ গ'লত পৰাজিত হয় ৷ ইয়াৰ লগতে অলিম্পিকত ভাৰতে আৰু এটা স্বৰ্ণ বা ৰূপৰ পদক জয়ৰ সপোন সমাপ্ত হয় । অৱশ্যে বৃহস্পতিবাৰে ব্ৰঞ্জ পদকৰ বাবে অৱৰ্তীণ হ’ব ভাৰতীয় দলটো ৷ বৰ্তমান দেশৰ প্ৰায় 130 কোটি জনতাৰ আশা এই খেলখনৰ ওপৰত বৰ্তি আছে ৷ ভাৰতে অলিম্পিকত বিভিন্ন দেশৰ বিৰুদ্ধে কৰা প্ৰদৰ্শনৰ পৰ্যালোচনা কৰি IANS য়ে এই খেলখনত ভাৰতে গুৰুত্ব প্ৰদান কৰিবলগীয়া বিভিন্ন দিশৰ ওপৰত এক প্ৰতিবেদন প্ৰস্তুত কৰি উলিয়াইছে ৷

কম পেনাল্টিৰ সুবিধা দিয়া

ভাৰতে ছেমি ফাইনেলত প্ৰতিপক্ষ বেলজিয়ামক 14 টা পেনাল্টি কৰ্ণাৰ সুবিধা দিছিল ৷ ইয়াৰে তিনিটা পেনাল্টিত বেলজিয়ামে সফলতা লাভ কৰে ৷ ভাৰতে পেনাল্টি কৰ্ণাৰ ভালদৰে ৰক্ষা কৰিছিল আৰু ডিফেণ্ডাৰ অমিত ৰোহিদাসে(Amit Rohidas)ও কেইবাটাও পেনাল্টি কৰ্ণাৰ প্ৰতিহত কৰে ৷ কিন্তু তেওঁলোকে বলে ডিফেণ্ডাৰৰ ভৰি আৰু শৰীৰত আঘাত কৰাত বাধা দিব নোৱাৰিলে যাৰবাবে কেইবাটাও পেনাল্টি কৰ্ণাৰ ভৰিবলগীয়া হয় ।

ডিফেন্সৰ ত্ৰুটি হ্ৰাস কৰা

গ্ৰেট ব্ৰিটেইনৰ বিৰুদ্ধে সুন্দৰ ডিফেন্স কৰা ভাৰতীয় হকী দলে বেলজিয়ামৰ বিৰুদ্ধে আশানুৰূপ প্ৰদৰ্শন কৰাত ব্যৰ্থ হৈছিল । ভাৰতীয় দলটোৱে শ্বুটিং চাৰ্কলৰ ভিতৰত বেলজিয়ামক ঘেৰাও কৰাৰ চেষ্টা কৰিছিল ৷ কিন্তু ইয়াৰ ফলত দলটো অধিক সমস্যাৰ সন্মুখীন হয় আৰু বেলজিয়ামক অধিক পেনাল্টি কৰ্ণাৰ দিয়ে ।

অধিক শক্তিশালী হোৱাৰ প্ৰয়োজন

ভাৰতীয় ফৰৱাৰ্ড আৰু ডিফেণ্ডাৰসকলে বেলজিয়ামৰ প্ৰতিহত কৰিবলৈ অধিক শাৰীৰিক দূৰত্ব মানি চলিছিল ৷ ভাৰতীয় দলে বেলজিয়ামক মিডফিল্ডৰক বিশেষকৈ এণ্টোইন চিলভেইন কিনা(Antoine Sylvain Kina)ক আক্ৰমণ আৰু নিয়ন্ত্ৰণ কৰিবলৈ যথেষ্ট স্থান আৰু সময় দিছিল । কিন্তু বেলজিয়াম দলে এজন পাছত আনজনে সুন্দৰভাবে আক্ৰমণ কৰিছিল ।

প্ৰত্যাক্ৰমণ প্ৰতিহতৰ বাবে দ্ৰুতভাবে পিছুৱাই যোৱা

ভাৰতীয়সকলে প্ৰতিপক্ষ বেলজিয়ামৰ প্ৰত্যাক্ৰমণ প্ৰতিহত কৰাৰ বাবে পিছুৱাই যোৱাত যথেষ্ট সময় লৈছিল ৷ যাৰবাবে ভাৰতীয় দলে বেলজিয়ামক সুযোগ সৃষ্টি কৰিবলৈ অধিক সময় আৰু স্থান দিছিল । হাত-ভৰি মাৰি থকা ভাৰতীয়সকলেও ত্ৰুটি কৰিছিল যাক বেলজিয়ামৰ লোকসকলে পুঁজি কৰিছিল। প্ৰশিক্ষক গ্ৰাহাম ৰিডেও তৃতীয়টো বিৰতিৰ পাছত খেলুৱৈসকলক দ্ৰুতগতিত পিছুৱাই গৈ খেলিবলৈ কোৱা শুনা গৈছিল ।

লগতে পঢ়ক : অলিম্পিকত স্বৰ্ণ জয়ৰ স্বপ্ন ভংগ হ’ল ভাৰতীয় পুৰুষ হকী দলৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.