ETV Bharat / sports

Tokyo Olympics : আৰ্চাৰীৰ মিক্সড ডাবলছৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ দীপিকা-প্ৰবীণৰ

author img

By

Published : Jul 24, 2021, 1:42 PM IST

Deepika, Pravin Qualify for archery mixed team event quarterfinal
আৰ্চাৰীৰ মিক্সড টীম ইভেণ্টৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ দীপিকা আৰু প্ৰবীণৰ

টকিঅ' অলিম্পিক(Tokyo Olympics)ত আৰ্চাৰীৰ মিক্সড ডাবলছৰ(Mixed team event)ৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিলে ভাৰতীয় আৰ্চাৰ দীপিকা কুমাৰী আৰু প্ৰবীণ যাদৱে । ১/৮ এলিমিনেটৰ ৰাউণ্ডত চীনা টাইপেইৰ যুটিক ৫-৩ ত পৰাস্ত কৰে ভাৰতীয় আৰ্চাৰ দুগৰাকীয়ে ।

স্প’ৰ্টছ ডেস্ক, ২৪ জুলাই : চীনা টাইপেইৰ বিৰুদ্ধে দীপিকা কুমাৰী আৰু প্ৰবীণ যাদৱৰ শক্তিশালী প্ৰদৰ্শনে আৰ্চাৰী(Archery)ৰ আৰ্চাৰীৰ মিক্সড ডাবলছৰ(Mixed team event) ৰ কোৱাৰ্টাৰ ফাইনেলত ভাৰতৰ বাবে প্ৰৱেশৰ পথ প্ৰশস্ত কৰে । টকিঅ' অলিম্পিকৰ দ্বিতীয় দিনটোত বিভিন্ন খেলত ভাৰতীয় খেলুৱৈসকলে নিজৰ জয় নিশ্চিত কৰিছে । আৰ্চাৰী(Archery)ৰ মিক্সড টীম ইভেণ্টতো সুন্দৰ প্ৰদৰ্শন আগবঢ়ায় দীপিকা কুমাৰী আৰু প্ৰবীণ যাদৱে ।

১/৮ এলিমিনেটৰ ৰাউণ্ডত চীনা টাইপেইৰ যুটিক ৫-৩ ত পৰাস্ত কৰে ভাৰতীয় আৰ্চাৰ দুগৰাকীয়ে । দীপিকা কুমাৰী আৰু প্ৰবীণ যাদৱ প্ৰথমতে ১-৩ ত পিছ পৰি আছিল । কিন্তু পাছত কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিবলৈ সক্ষম হয় ।

মিক্সড টীম ইভেণ্টত এইবাৰ কোৰিয়া আৰু বাংলাদেশৰ আৰ্চাৰৰ বিৰুদ্ধে প্ৰতিযোগিতাত নামিব দীপিকা আৰু প্ৰবীণ ।

লগতে পঢ়ক: Tokyo Olympics : আৰ্চাৰীত মহিলাৰ একক ৰেংকিং ৰাউণ্ডৰ নৱম স্থানত দীপিকা কুমাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.