পেৰা অলিম্পিকত ভাৰতে লাভ কৰিব অতি কমেও ১৫ টা পদক..!

author img

By

Published : Aug 20, 2021, 2:00 PM IST

Tokyo Paralympics
পেৰা অলিম্পিকত ভাৰতে লাভ কৰিব অতি কমেও ১৫ টা পদক ()

পেৰা অলিম্পিকৰ বাবে সাজু হৈছে সকলো । ইতিমধ্যে টকিঅ'ত উপস্থিত হৈছে ভাৰতৰ খেলুৱৈৰ দল । কিন্তু এইবাৰ পেৰা অলিম্পিকত ভাৰতে কেনে প্ৰদৰ্শন কৰিব ? কি আশা কৰিছে পেৰা অলিম্পিক সমিতিয়ে ?

স্পৰ্টছ ডেস্ক, ২০ আগষ্ট : টকিঅ' পেৰা অলিম্পিকত (Tokyo Paralympics) ভাৰতীয় খেলুৱৈৰ ওপৰত আস্থা আছে দেশবাসীৰ । টকিঅ' পেৰা অলিম্পিকৰ ভাৰতৰ চেফ ডি মিছন গুৰশৰণ সিঙে (Gursharan Singh) আশা কৰা মতে ভাৰতে এইবাৰ অতি কমেও ১৫ টা পদক লাভ কৰিব । সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শনেৰে এইবাৰ ভাৰতে প্ৰায় ৫ টাকৈ সোণৰ পদকো লাভ কৰিব বুলি আশা ব্যক্ত কৰে চেফ ডি মিছন গুৰশৰণ সিঙে ।

এইবাৰ পেৰা আৰ্চাৰী, পেৰা এথলেটিকছ, পেৰা বেডমিণ্টন, পেৰা কেনোয়িং, শ্বুটিং, পেৰা চুইমিং, পেৰা পাৱাৰ লিফটিং, পেৰা টেবুল টেনিছ আৰু পেৰা টাইকোৱাণ্ডোকে ধৰি ৯ বিধ ক্ৰীড়াত অংশগ্ৰহণ কৰিবলৈ সাজু হৈছে ভাৰতীয় খেলুৱৈসকল । লগতে ভাৰতৰ হৈ এইবাৰ সৰ্বাধিক ৫৪ গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰিব পেৰা অলিম্পিকৰ বিভিন্ন প্ৰতিযোগিতাত । ভাৰতীয় পেৰালিম্পিক কমিটিৰ চেক্ৰেটেৰী জেনেৰেল সিঙে এক বিজ্ঞপ্তিযোগে কয় যে, তেওঁ আশাবাদী এইবাৰ ভাৰতৰ বাবে সৰ্বশ্ৰেষ্ঠ পেৰা অলিম্পিক হ'ব ।

তেওঁৰ মতে দেশৰ পেৰা খেলুৱৈসকলে বিগত বছৰবোৰত যথেষ্ট কষ্ট কৰিছে আৰু আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ত বহুত সন্মান কঢ়িয়াই আনিবলৈ সক্ষম হৈছে । সেয়ে তেওঁ আশাবাদী যে ভাৰতে কমেও ৫ টা সোণৰ পদক লাভ কৰিবলৈ সক্ষম হ'ব ।

তেওঁৰ মতে পেৰা এথলেটিকছ, পেৰা বেডমিণ্টন, পেৰা শ্বুটিং আৰু পেৰা আৰ্চাৰীত পদক লাভৰ পূৰ্ণ সম্ভাৱনা আছে । ভাৰতৰ পেৰা অলিম্পিক সমিতিৰ সভাপতি দীপা মালিকৰ নেতৃত্বত ভাৰতৰ প্ৰথমটো দল ইতিমধ্যে টকিঅ'ত উপস্থিত হৈছে । ইতিমধ্যে ভাৰতৰ পতাকা বাহক টি মাৰিয়াপ্পানো (Mariyappan Thangavelu) টকিঅ'ত উপস্থিত হৈছে আৰু টকিঅ'ত তেওঁ দ্বিতীয়টো পেৰা অলিম্পিক স্বৰ্ণ অৰ্জন কৰিব বুলি আশা কৰা হৈছে ।

মাৰিয়াপ্পানে শেহতীয়া ৰাষ্ট্ৰীয় বাছনি পৰীক্ষণত ১.৮৬ মিটাৰ উচ্চতাৰ জাপ মাৰিছিল । ইয়াৰ পাছতে মাৰিয়াপ্পানে কয় যে ৰিঅ' ২০১৬ ৰ পাছত এইটো তেওঁৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন আছিল ।মাৰিয়াপ্পানৰ উপৰিও, ভাৰতে দুবাৰৰ পেৰা অলিম্পিক চেম্পিয়ন দেৱেন্দ্ৰ ঝাঝাৰিয়া (Devendra Jhajharia)ৰ নেতৃত্বত যোৱা দলৰ পৰা পেৰা জেভলিন থ্ৰোয়াৰত পদকৰ আশা কৰি আছে । ইয়াৰ উপৰিও জেভলিনৰ চেম্পিয়ন ক্ৰমে সুন্দৰ সিং গুৰ্জাৰ (Sundar Singh Gurjar),অজিত সিং (Ajeet Singh) সন্দীপ চৌধুৰী (Sandeep Chaudhary) আৰু নৱদীপ সিঙৰ (Navdeep Singh) পৰাও যথেষ্ট আশা কৰা হৈছে ।

শ্বুটাৰ আৰু বেডমিণ্টন খেলুৱৈসকলৰ ওপৰতো ভাৰতীয় দৰ্শকৰ দৃষ্টি নিবদ্ধ থাকিব । ইফালে বিশ্বৰ এক নম্বৰ আৰু একাধিকবাৰ বিশ্ব চেম্পিয়ন হোৱা প্ৰমোদ ভগতে পুৰুষৰ এছএল৩ ইভেণ্টত সোণৰ পদকৰ আশাৰে ভাৰতৰ পেৰা বেডমিণ্টন দলক নেতৃত্ব দিব । আনহাতে ভাৰতীয় বেডমিণ্টন খেলুৱৈ কৃষ্ণ নাগৰ (Krishna Nagar) আৰু তৰুণ ধিলনৰ (Tarun Dhillon) ওপৰতো যথেষ্ট আশা আছে ।

আৰ্চাৰীত ভাৰতৰ হৈ ৰাকেশ কুমাৰ আৰু শ্যাম সুন্দৰ (Compound), বিবেক চিকাৰা আৰু হৰবিন্দৰ সিং (recurve) আৰু মহিলা আৰ্চাৰী জ্যোতি বালিয়ান (compound individual /mixed event) থাকিব ।

লগতে পঢ়ক :PARALYMPICS ২০২১: টকিঅ'ত উপস্থিত ভাৰতীয় খেলুৱৈৰ প্ৰথম দল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.