ETV Bharat / sports

অৱসৰ ঘোষণা টেনিছ তাৰকা বাৰবোৰা ষ্ট্ৰাইকোভাৰ

author img

By

Published : May 5, 2021, 4:02 PM IST

বাৰবোৰা ষ্ট্ৰাইকোভাৰ
বাৰবোৰা ষ্ট্ৰাইকোভাৰ

অৱসৰ ঘোষণা কৰাৰ লগে লগে ভাৰতৰ টেনিছ খেলুৱৈ তথা তেওঁৰ প্ৰাক্তন ডাবলছৰ সংগী ছানিয়া মিৰ্জাই তেওঁক শুভকামনা জনাই আৰু কয় যে ক'ৰ্টত চেক টেনিছ খেলুৱৈগৰাকীৰ অনুপস্থিতি অনুভৱ কৰিব । ছানিয়াই বাৰবোৰাক আগন্তুক জীৱনলৈ শুভকামনা জনোৱাৰ লগতে তেওঁৰ লগত কটোৱা মধুৰ সময়বোৰ স্মৰণ কৰে ।

স্প’ৰ্টছ ডেস্ক,৫ মে': অৱসৰৰ ঘোষণা বিশ্বৰ প্ৰাক্তন এক নম্বৰ টেনিছ ডাবলছ খেলুৱৈ বাৰবোৰা ষ্ট্ৰাইকোভাৰ । টুইটযোগে অনুৰাগীক এই কথা অৱগত কৰিলে তাৰকা খেলুৱৈ গৰাকীয়ে । অনুৰাগীক সম্বোধন কৰি বাৰবোৰাই কয় যে এয়া তেওঁৰ বাবে এক অদ্ভূত অনুভৱ । টেনিছৰ জৰিয়তে তেওঁ সমগ্ৰ পৃথিৱীৰ সৈতে চিনাকী হৈছে । এই খেলৰ সময়ৰ সকলো প্ৰাপ্তি, বেদনা, ত্যাগ আদি সকলোবোৰে জীৱনৰ মহান মুহুৰ্ত বুলি উল্লেখ কৰে খেলুৱৈগৰাকীয়ে ।

  • Good luck with the next phase.. we have some amazing laughs and memories on and off the court 🤗 will miss seeing you and our inappropriate jokes 😂 congratulations on an amazing career B https://t.co/qXo3MMn2aT

    — Sania Mirza (@MirzaSania) May 4, 2021 " class="align-text-top noRightClick twitterSection" data=" ">

বাৰবোৰাই কয় যে মহামাৰীৰ এই জটিল সময়ত কেৰিয়াৰ শেষ কৰিব বুলি তেওঁ কেতিয়াও পৰিকল্পনা কৰা নাছিল । মাতৃ হিচাপে জীৱনৰ বাকীখিনি সময় তেওঁৰ গুৰু দায়িত্ব আছে বুলিও অনুৰাগীসকলক ইংগিত দিয়ে । ইফালে তেওঁৰ অনুৰাগীৰ বাবে এখন খেল খেলিব বুলিও উল্লেখ কৰে বাৰবোৰা ষ্ট্ৰাইকোভাই ।

অৱসৰ ঘোষণা কৰাৰ লগে লগে ভাৰতৰ টেনিছ খেলুৱৈ তথা তেওঁৰ প্ৰাক্তন ডাবলছৰ সংগী ছানিয়া মিৰ্জাই তেওঁক শুভকামনা জনাই আৰু কয় যে ক'ৰ্টত চেক টেনিছ খেলুৱৈগৰাকীৰ অনুপস্থিতি অনুভৱ কৰিব । টুইটাৰযোগে ছানিয়াই বাৰবোৰাক পৰৱৰ্তী জীৱনলৈ শুভকামনা জনোৱাৰ লগতে তেওঁৰ লগত কটোৱা মধুৰ সময়বোৰ স্মৰণ কৰে ।

লগতে পঢ়ক: জুলাইত লোৱা হ'ব টি-২০ বিশ্বকাপৰ চূড়ান্ত সিদ্ধান্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.