ETV Bharat / sports

ইউএছ অ’পেনত নাডালৰ অংশগ্ৰহণক লৈ অনিশ্চয়তা !

author img

By

Published : Jul 15, 2020, 4:20 PM IST

কৰ’ণা ভাইৰাছৰ ফলত আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে আমেৰিকা ৷ ইউএছ অ’পেনৰ বাবে স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি আমেৰিকাৰ ভ্ৰমণকলৈ ৰাফেল নাডালৰ অনিশ্চয়তা ৷

ইউএছ অ’পেনত নাডালৰ অংশগ্ৰহণকলৈ অনিশ্চয়তা !
ইউএছ অ’পেনত নাডালৰ অংশগ্ৰহণকলৈ অনিশ্চয়তা !

স্পৰ্টছ ডেস্ক, 15 জুলাই : কৰ’ণা ভাইৰাছৰ সংহাৰী ৰূপৰ মাজতেই আন্তঃৰাষ্ট্ৰীয় টেনিছৰ প্ৰত্যাৱৰ্তনৰ যো-জা ৷ কিন্তু ইয়াৰ মাজতেই আহিছে এক ডাঙৰ খবৰ ৷ আগন্তুক প্ৰতিযোগিতাৰ বাবে নাম প্ৰত্যাহাৰৰ কৰাৰ সম্ভাৱনা নাডালৰ ৷ হ’বলগীয়া চাৰিখন প্ৰতিযোগিতাৰ তিনিখনৰ ডিফেণ্ডিং চেম্পিয়ন বিশ্ব টেনিছৰ দুই নম্বৰৰ খেলুৱৈগৰাকী ৷

লক ডাউনৰ শিথিলতাৰ পাচত ইউৰোপৰ খেলুৱৈ সকলে নিজৰ অনুশীলন আৰম্ভ কৰিছে ৷ আনহাতে বিশ্বৰ দ্বিতীয় ৰেংকিঙৰ খেলুৱৈ নাডালেও নিজৰ অনুশীলন অব্যাহত ৰাখিছে ৷ নতুন টেনিছ কাৰ্যসূচী অনুসৰি চিনচিনাটি অ’পেন আৰু ইউএছ অ’পেনৰ দ্বাৰা টেনিছৰ পুনৰ প্ৰত্যাৱৰ্তন হ’ব ৷ দুয়োটা প্ৰতিযোগিতাই হাৰ্ড কৰ্টত আয়োজিত হয় ৷ ইয়াৰ বিপৰীতে ক্লে কৰ্টত অনুশীলন কৰা দেখা পোৱা গৈছে ৰাফেল নাডালক ৷

যাৰ বাবে অনুমান কৰা হৈছে স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি ইউএছ ভ্ৰমণ বাতিল কৰিব পাৰে নাডালে ৷ আনহাতে নতুন ৰেংকিঙ অনুসৰি ইউএছ অ’পেনত অংশ গ্ৰহণ কৰে তেন্তে 2000 পইণ্টছৰ লোকচানৰ সন্মুখীন হ’ব ৷ আনহাতে নাডালে শেহতীয়াকৈ মেড্ৰিড অ’পেনত অংশ লোৱাৰ কথা স্পষ্ট কৰিছিল গতিকে সেই হিচাপেও ইউএছ অ’পেনত নাডালৰ অংশগ্ৰহণ ভাগৰুৱা হ’ব পাৰে ৷

লগতে চাওক- পথৰ দুৰৱস্থাই দুৰ্ভোগ ভোগাইছে সুন্দৰীদিয়া সত্ৰবাসীক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.