ETV Bharat / sports

ডেভিছ কাপ : AITA লৈ ভাৰতীয় টেনিছ দলৰ পত্ৰ প্ৰেৰণ

author img

By

Published : Oct 15, 2019, 4:20 PM IST

ভাৰতীয় টেনিছ দলে সৰ্ব ভাৰতীয় টেনিছ এছ'চিয়েছন চমুকৈ AITA লৈ পত্ৰ প্ৰেৰণ কৰিছে ৷ ডেভিছ কাপৰ বাবে পাকিস্তানৰ সলনি অন্য স্থান নিৰ্ধাৰণ কৰিবলৈ এই পত্ৰ প্ৰেৰণ কৰা হৈছে বুলি জানিব পৰা গৈছে ৷

ডেভিছ কাপ : AITA লৈ ভাৰতীয় টেনিছ দলৰ পত্ৰ প্ৰেৰণ

স্পৰ্টছ ডেস্ক, 15 অক্টোবৰ : ভাৰতীয় টেনিছ দলে সৰ্ব ভাৰতীয় টেনিছ এছ'চিয়েছন চমুকৈ AITA লৈ পত্ৰ প্ৰেৰণ কৰিছে ৷ ডেভিছ কাপৰ বাবে পাকিস্তানৰ সলনি অন্য স্থান নিৰ্ধাৰণ কৰিবলৈ এই পত্ৰ প্ৰেৰণ কৰা হৈছে বুলি জানিব পৰা গৈছে ৷ ইয়াৰ পাছতে ভাৰতীয় সংস্থাটোৱে আন্তৰাষ্ট্ৰীয় টেনিছ ফেডাৰেছনলৈ (ITF) পত্ৰ প্ৰেৰণ কৰি স্থান সলনিৰ বাবে আহ্বান জনাব ৷ দুয়ো দেশৰ মাজত শেহতীয়াকৈ বৃদ্ধি পোৱা উদ্বিগ্নতাৰ পাছতে এনেদৰে স্থান সলনি কৰিবলৈ আহ্বান জনোৱা হৈছে ৷

দুয়ো দেশৰ মাজৰ বিঘ্নিত সম্পৰ্কৰ পাছতে ভাৰতীয় দলটোৱে পাকিস্তান ভ্ৰমণলৈ যাবলৈ অনিচ্ছা প্ৰকাশ কৰিছে বুলি এক সূত্ৰই জানিবলৈ দিয়ে ৷

উল্লেখ্য যে, চলিত বৰ্ষৰে ছেপ্টেম্বৰত AITA য়ে ভাৰত-পাকিস্তানৰ মাজত অনুষ্ঠিত হ'বলগা ডেভিছ কাপৰ বাবে নতুন সময় নিৰ্ধাৰণ কৰিছিল ৷ ইছলামাবাদত নৱেম্বৰৰ 29 তাৰিখৰ পৰা ডিচেম্বৰৰ 1 তাৰিখৰ ভিতৰত এই টুৰ্ণামেন্ট অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে ৷

Intro:Body:Conclusion:

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.