ETV Bharat / sports

US Open 2023 Badminton : প্ৰথমৰাউণ্ডত জয়ী পিভি সিন্ধু-লক্ষ্য সেন; পৰাস্ত সাই প্ৰণীত

author img

By

Published : Jul 13, 2023, 5:35 PM IST

US Open 2023 Badminton
US Open 2023 Badminton

ভাৰতৰ তাৰকা শ্বাটলাৰ লক্ষ্য সেন আৰু পিভি সিন্ধুৱে ইউএছ অপেন ছুপাৰ ৩০০ টুৰ্ণামেণ্টৰ প্ৰথম ৰাউণ্ডত বিজয়ী হৈছে । আনহাতে, বি সাই প্ৰণীত বিশ্বৰ সাত নম্বৰ স্থানক লি চি ফেঙৰ হাতত পৰাজিত হৈছে ।

স্পৰ্টছ ডেস্ক, ১৩ জুলাই : ভাৰতীয় তাৰকা শ্বাটলাৰ তথা অলিম্পিক পদক বিজয়ী পি ভি সিন্ধু আৰু শেহতীয়াভাৱে কানাডা অপেন ২০২৩ বিজয়ী লক্ষ্য সেনে ইউএছ অপেন ছুপাৰ ৩০০ টুৰ্ণামেণ্টত ক্ৰমান্বয়ে মহিলা আৰু পুৰুষ বিভাগৰ প্ৰথম ৰাউণ্ডত বিজয় সাব্যস্ত কৰিছে । সিন্ধুৱে ভাৰতীয় মূলৰ আমেৰিকান খেলুৱৈ দীক্ষা গুপ্তাক ২৭ মিনিটৰ পোনপটীয়া ছেটত ২১-১৫, ২১-১২ ব্যৱধানত পৰাস্ত কৰে । আনহাতে, লক্ষ্য সেনে ফিনলেণ্ডৰ কালে ক'লজোনেনক ২১-৮, ২১-১৬ ব্যৱধানত ৩০ মিনিট সময়তে পোনপটীয়া ছেটত পৰাস্ত কৰে ।

আনহাতে, পুৰুষৰ একক বিভাগৰ আন এখন খেলত এছ এছ সুব্ৰমনিয়ামে প্ৰথম ৰাউণ্ডত ৪৪ মিনিটত আয়াৰলেণ্ডৰ প্ৰতিদ্বন্দ্বী নাহাট নগুয়েনক ২১-১১, ২১-১৬ ব্যৱধানত পৰাস্ত কৰে । অৱশ্যে বি সাই প্ৰণীতে তিনিটা ছেটৰ অন্তত বিশ্বৰ সাত নম্বৰ স্থানৰ লি ছি ফেঙৰ হাতত পৰাজিত হয় । এক ঘণ্টা ১৪ মিনিট ধৰি চলা মেচখনত চীনৰ দ্বিতীয় জ্যেষ্ঠ শ্বাটলাৰ ছি ফেঙে প্ৰণীতক ১৬-২১, ২১-১৪, ২১-১৯ ব্যৱধানত পৰাস্ত কৰে ।

আন এখন মহিলা একক খেলত ভাৰতৰ ৬১ ৰেংকপ্ৰাপ্ত ঋত্বিকা শিৱানী পৰাজিত হয় । মঙলবাৰে কমনৱেলথ গেমছৰ প্ৰাক্তন চেম্পিয়ন পি কাশ্যপে তেওঁৰ দ্বিতীয়খন খেলতে অৱসৰ গ্ৰহণ কৰিবলগা হয় । তেওঁ প্ৰথমখন খেলত ইংলেণ্ডৰ ৰোহন মিধাক পৰাস্ত কৰিছিল । কৃষ্ণ প্ৰসাদ গাৰাগা আৰু বিষ্ণুবৰ্ধন গৌড় পাঞ্জালাৰ পুৰুষৰ দ্বৈত যুটিটোৱেও প্ৰথম ৰাউণ্ডৰ বাধা অতিক্ৰম কৰিবলৈ ব্যৰ্থ হয় আৰু চীনা টাইপেইৰ লিন য়ু চি আৰু চুলি ৱেইৰ হাতত পোনপটীয়া ছেটত ১৪-২১, ১৪-২১ ব্যৱধানত পৰাজিত হয় ।

উল্লেখ্য, শেহতীয়াভাৱে কমনৱেলথ গেমছৰ স্বৰ্ণ পদক বিজয়ী ভাৰতৰ লক্ষ্য সেনে চীনৰ অল ইংলেণ্ড চেম্পিয়ন লি ছি ফেংক (বিশ্বৰ ১০ নম্বৰ) ২১-১৮, ২২-২০ ব্যৱধানত পোনপটীয়া গেমত পৰাস্ত কৰি কানাডা অপেন ২০২৩-ত পুৰুষৰ একক খিতাপ অৰ্জন কৰিছিল । এইটো হৈছে লক্ষ্যৰ দ্বিতীয় বিডব্লিউএফ ৱৰ্ল্ড ট্যুৰ ৫০০ খিতাপ । তেওঁ ইয়াৰ পূৰ্বে ২০২২ চনৰ জানুৱাৰীত ইণ্ডিয়া অপেন জয় কৰিছিল । এইবাৰ ইউএছ অপেনতো লক্ষ্য সেন আৰু পিভি সিন্ধুৰ দিশে নজৰ আছে বিশ্ব বেডমিণ্টনৰ ।

লগতে পঢ়ক :South Asian Bodybuilding Championships : গৃহভূমিত আন্তৰ্জাতিক শৰীৰচৰ্চাবিদ পবিত্ৰ নাথ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.