ETV Bharat / sports

উইম্বলডনৰ অন্তিমটো পদক প্ৰাপ্তিৰ আৰু দুখোজ দূৰৈত ছানিয়া মিৰ্জা !

author img

By

Published : Jul 5, 2022, 2:17 PM IST

Updated : Jul 5, 2022, 4:39 PM IST

a
a

মিক্সড ডাবলছৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে ছানিয়াৰ যুটিটো (Sania duo enters Wimbledon mixed doubles semi-finals) । ছানিয়া আৰু তেওঁৰ ক্রোৱেছিয়ান সংগী মেট পেভিচে কোৱার্টাৰ ফাইনেলত পৰাস্ত কৰে চতুর্থ বাছনিৰ গেব্রিয়েলা ডাবৰোস্কি আৰু জন পিয়াৰ্চ যুটিক ।

স্পৰ্টছ ডেস্ক, ৫ জুলাই : পূৰ্বতেই ঘোষণা কৰিছিল ২০২২ চনতেই তেওঁ পেছাদাৰী টেনিছ জীৱনৰ পৰা বিদায় ল'ব (Sania Mirza will retired from tennis) । সেই হিচাবত চলিত উইম্বলডন হৈছে তেওঁৰ জীৱনৰ অন্তিমখন উইম্বলডন (Last Wimbledon for Sania Mirza) । কিন্তু অন্তিমখন উইম্বলডনৰ আৰম্ভণি সুখকৰ হোৱা নাছিল ছানিয়া মিৰ্জাৰ । মহিলাৰ ডাবলছত বিশেষ প্ৰভাৱ পেলাব নোৱাৰাকৈয়ে বিদায় লয় ছানিয়াই । কিন্তু শেষ আশা আছিল মিক্সড ডাবলছ ।

গ্লেমাৰাছ শ্ৰেণ্ড শ্লেম প্ৰতিযোগিতাখনত এইবাৰ সেই আশা পুনৰ উজ্জীৱিত হৈছে । মিক্সড ডাবলছৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে ছানিয়াৰ যুটিটো (Sania duo enters Wimbledon mixed doubles semi-finals) । ছানিয়া আৰু তেওঁৰ ক্রোৱেছিয়ান সংগী মেট পেভিচে কোৱার্টাৰ ফাইনেলত পৰাস্ত কৰে চতুর্থ বাছনিৰ গেব্রিয়েলা ডাবৰোস্কি আৰু জন পিয়াৰ্চ যুটিক । ইণ্ডো-ক্ৰোৱেছিয়ান যুটিটোৱে কোৱাৰ্টাৰ ফাইনেলত ৬–৪, ৩–৬, ৭–৫ গেমৰ ব্যৱধানত জয়ী হয় ।

ছানিয়াক সন্মান প্ৰদৰ্শন উইম্বলডনৰ
ছানিয়াক সন্মান প্ৰদৰ্শন উইম্বলডনৰ

উল্লেখ্য, জীৱনৰ অন্তিমখন উইম্বলডনত অংশগ্ৰহণ কৰিছে ছানিয়া মিৰ্জাই । মহিলাৰ ডাবলছত প্রথম ৰাউণ্ডৰ পৰাই বিদায় ল'লেও মিক্সড ডাবলছত এয়াই প্রথমবাৰৰ বাবে উইম্বলডনৰ অন্তিম চাৰিলৈ উন্নীত হৈছে ছানিয়া মিৰ্জা । মেচখনত দুর্দান্ত ফ'ৰহেণ্ড ছাৰ্ভিচ মাৰে ছানিয়াই । প্রথম ছেটত ছানিয়া আৰু মেট জয়ী হয় ৬–৪ ব্যৱধানত । কিন্তু দ্বিতীয় ছেটত উভতি ধৰে প্ৰতিদ্বন্দ্বী পক্ষই । উক্ত ছেটটোত ছানিয়া-মেট পৰাস্ত হয় ৩–৬ ব্যৱধানত । কিন্তু অন্তিম ছেটত পুনৰ ছন্দলৈ উভতি আহে ছানিয়া আৰু তেওঁৰ ক্রোৱেছিয়ান সংগী । অন্তিম ছেটটোত তেওঁলোকে ৭–৫ ব্যৱধানত হস্তগত কৰে । এতিয়া ছেমি ফাইনেলত ছানিয়া-মেটৰ প্রতিপক্ষ হ'ব দ্বিতীয় বাছনিৰ যুটি ডেচিৰে ক্রাজিক আৰু নিল স্কুপস্কি বনাম সপ্তম বাছনিৰ জেলেনা ওষ্টাপেঙ্কো–ৰবার্ট ফাৰাৰ মেচৰ মাজৰ বিজয়ী যুটিটো ।

উল্লেখ্য, উইম্বলডনত মিক্সড ডাবলছ খিতাপ জয়ৰ পৰা আৰু দুখোজ দূৰৈত ছানিয়া । এতিয়া পৰৱৰ্তী মেচত দেখা যাব ছানিয়াৰ টেনিছ জীৱনৰ গ্লেমাৰাছ উইম্বলডনৰ অন্তিমটো খিতাপ তেওঁৰ হাতলৈ আহেনে নাই । কিয়নো চলিত ছিজনতেই টেনিছক বিদায় জনোৱাৰ কথা ইতিমধ্যে ঘোষণা কৰিছে ছানিয়াই (Sania already announced farewell to tennis this season.)। সেয়া হ'লে ভাৰতীয় টেনিছ তাৰকা ছানিয়া মিৰ্জাৰ এয়াই হৈছে অন্তিম উইম্বলডন । সেয়ে সোমবাৰে উইম্বলডন কৰ্তৃপক্ষই জানিয়া মিৰ্জাক সন্মানো প্ৰদৰ্শন কৰিছে (Wimbledon honouring Sani Mieza) । তেওঁৰ সন্মানত উইম্বলডনে লিখিছে, "আমি আপোনাক মনত পেলাম (We will miss you Sania)।"

"ছানিয়া, আপোনাক ইয়াত লাভ কৰাটো এক সন্মানৰ বিষয় । আমি আপোনাক মিছ কৰিম (Sania, We will miss you) ।" এটা টুইটত উইম্বলডন বোৰ্ডে এনেদৰে কয় । উল্লেখ্য, ৩৫ বছৰীয়া ছানিয়া মিৰ্জাই অলপতে এক বাৰ্তাত কৈছিল, "উইম্বলডনত ভাৰতক প্ৰতিনিধিত্ব কৰাটো এক সন্মানৰ বিষয় (Honour to represent India in Wimbledon) ।"

লগতে পঢ়ক :ইণ্ডো-থাই ইণ্টাৰনেচনেল ফুটছাল ২০২২ ৰ বাবে বাছনি হোজাইৰ ছোনিয়া ৰংপিপী

Last Updated :Jul 5, 2022, 4:39 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.