ETV Bharat / sports

বিশ্ব আৰ্চাৰী যুৱ চেম্পিয়নশ্বিপছত কমলিকা বাৰিৰ স্বৰ্ণ

author img

By

Published : Aug 26, 2019, 3:03 PM IST

17 বৰ্ষীয় ভাৰতীয় কমলিকা বাৰিয়ে জাপানৰ প্ৰতিদ্বন্দী ৱাকা ছ'নডাক পৰাস্ত কৰি বিশ্ব আৰ্চাৰী যুৱ চেম্পিয়নশ্বিপছ, 2019 ৰ সোণৰ পদক দখল কৰিবলৈ সক্ষম হৈছে ৷ এই জয় লাভৰ পাছতে কমলিকাই মন্তব্য কৰে যে, বিশ্ব চেম্পিয়নশ্বিপছ দখল কৰি তেওঁ যথেষ্ট সুখী ৷ লগতে প্ৰশিক্ষকক ধন্যবাদ জ্ঞাপন কৰে খেলুৱৈ গৰাকীয়ে ৷

বিশ্ব আৰ্চাৰী যুৱ চেম্পিয়নশ্বিপছত কমলিকা বাৰিৰ স্বৰ্ণ

স্পৰ্টছ ডেস্ক, 26 আগষ্ট : 17 বৰ্ষীয় ভাৰতীয় কমলিকা বাৰিয়ে জাপানৰ প্ৰতিদ্বন্দী ৱাকা ছ'নডাক পৰাস্ত কৰি বিশ্ব আৰ্চাৰী যুৱ চেম্পিয়নশ্বিপছ, 2019 ৰ সোণৰ পদক দখল কৰিবলৈ সক্ষম হৈছে ৷ বাৰিয়ে তেওঁৰ প্ৰথমটো মেজৰ পদক দখল কৰিবলৈ সক্ষম হোৱাৰ লগতে বিশ্বমানৰ টুৰ্ণামেন্ট দখল কৰা তৃতীয় গৰাকী ভাৰতীয় আৰ্চাৰ হিচাপে পৰিগণিত হৈছে ৷ আনহাতে, 18 বৰ্ষৰ অনুৰ্ধ আৰ্চাৰী প্ৰতিযোগিতাত চেম্পিয়নৰ খিতাপ দখল কৰা দ্বিতীয় গৰাকী আৰ্চাৰ হিচাপেও পৰিচিত হৈছে তেওঁ ৷

উল্লেখ্য যে, দিপিকা কুমাৰীয়ে 2009 বৰ্ষত এই পদক দখল কৰাৰ লগতে 2011 বৰ্ষত 21 বছৰ অনুৰ্ধ টুৰ্ণামেন্টত স্বৰ্ণ জয় কৰিবলৈ সক্ষম হৈছিল ৷

এই জয় লাভৰ পাছতে কমলিকাই মন্তব্য কৰে যে, বিশ্ব চেম্পিয়নশ্বিপছ দখল কৰি তেওঁ যথেষ্ট সুখী ৷ লগতে প্ৰশিক্ষকক ধন্যবাদ জ্ঞাপন কৰে খেলুৱৈ গৰাকীয়ে ৷

Intro:Body:Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.