ETV Bharat / sports

ISSF জুনিয়ৰ বিশ্ব চেম্পিয়নশ্বিপত স্বৰ্ণ পদক জয় ভাৰতীয় মহিলা শ্বুটাৰ দলৰ

author img

By

Published : Oct 7, 2021, 2:19 PM IST

India women's 25m Pistol team wins gold
ISSF জুনিয়ৰ বিশ্ব চেম্পিয়নশ্বিপত সোণৰ পদক অৰ্জন ভাৰতীয় মহিলা শ্বুটাৰ দলৰ

পেৰুত অনুষ্ঠিত হৈ থকা ISSF জুনিয়ৰ বিশ্ব চেম্পিয়নশ্বিপত ভাৰতীয় মহিলা শ্বুটাৰৰ চমক । মহিলাৰ ২৫ মিটাৰ পিষ্টল শাখাত স্বৰ্ণ পদক জয় কৰে ভাৰতীয় মহিলা শ্বুটাৰৰ দলে । ফাইনেলত আমেৰিকা যুক্তৰাষ্ট্ৰৰ শ্বুটাৰ এবি ৰাছেল লেভাৰেট, কেটলিন মৰ্গেন এবেলন আৰু আদা ক্লডিয়া কোৰখিনক ১৬-৪ পইণ্টৰ ব্যৱধানত পৰাস্ত কৰে ভাৰতৰ মনু ভাকেৰ, ৰিদম চাংৱান আৰু নাম্য কাপুৰে ।

স্পৰ্টছ ডেস্ক, ৭ অক্টোবৰ : ISSF জুনিয়ৰ বিশ্ব চেম্পিয়নশ্বিপত সোণৰ পদক অৰ্জন কৰিলে ভাৰতীয় মহিলা শ্বুটাৰৰ দলে । পেৰুৰ লিমাত অনুষ্ঠিত হৈ থকা ISSF জুনিয়ৰ বিশ্ব চেম্পিয়নশ্বিপৰ মহিলাৰ ২৫ মিটাৰ পিষ্টল শাখাত স্বৰ্ণ পদক জয় কৰে ভাৰতৰ মনু ভাকেৰ, ৰিদম চাংৱান আৰু নাম্য কাপুৰে । ফাইনেলত আমেৰিকা যুক্তৰাষ্ট্ৰৰ শ্বুটাৰ এবি ৰাছেল লেভাৰেট, কেটলিন মৰ্গেন এবেলন আৰু আদা ক্লডিয়া কোৰখিনক পৰাস্ত কৰে ভাৰতৰ মহিলা শ্বুটাৰকেইগৰাকীয়ে ।

১৬-৪ পইণ্টৰ ব্যৱধানত আমেৰিকাৰ দলটোক ভাৰতীয় শ্বুটাৰে পৰাভূত কৰে । আনহাতে, আদৰ্শ সিঙে পুৰুষৰ ২৫ মিটাৰ ৰেপিড ফায়াৰ পিষ্টল শাখাত ৰূপৰ পদক অৰ্জন কৰে । পূৰ্বে অলিম্পিয়ান ঐশ্বৰ্য প্ৰতাপ সিং টোমৰে পুৰুষৰ ৫০ এম ৰাইফল ৩ পজিছনৰ ফাইনেলত স্বৰ্ণ জয় কৰি বিশ্ব অভিলেখ ৰচে ।

প্ৰতিযোগিতাখনত ভাৰতে এতিয়ালৈকে ১৯ টা পদক অৰ্জন কৰিছে ।

লগতে পঢ়ক:২০২২ত এম এছ ধোনীয়ে IPL খেলিব নে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.