ETV Bharat / sports

Anand Toppo Death Case : বন্ধুৰ মৃত্যু গোচৰ; হকী তাৰকা বীৰেন্দ্ৰ লাক্ৰাৰ বিৰুদ্ধে অপৰাধ শাখাৰ তদন্তৰ নিৰ্দেশ

author img

By

Published : Jul 7, 2023, 12:22 PM IST

Anand Toppo Death Case
Anand Toppo Death Case

আনন্দৰ আত্মীয়ই অভিযোগ কৰিছিল যে বীৰেন্দ্ৰ লাক্ৰা আৰু তেওঁৰ বন্ধু মনজিৎ টেটে তেওঁক হত্যাৰ লগত জড়িত আছিল । যোৱা বছৰ ২৮ ফেব্ৰুৱাৰীত তেওঁক ঘৰৰ ভিতৰত চিপ লৈ থকা অৱস্থাত উদ্ধাৰ কৰা হৈছিল ।

নিউজ ডেস্ক, ৭ জুলাই : আন্তৰ্জাতিক হকী খেলুৱৈ বীৰেন্দ্ৰ লাক্ৰাৰ বাবে সমস্যা বৃদ্ধি পাইছে । ওড়িশা উচ্চ ন্যায়ালয়ে তেওঁৰ বন্ধু আনন্দ টপ্পোৰ মৃত্যুৰ ঘটনাৰ অপৰাধ শাখাৰ দ্বাৰা তদন্তৰ নিৰ্দেশ দিছে ৷ উল্লেখ্য, মৃতকৰ পৰিয়ালৰ সদস্যসকলে ভুৱনেশ্বৰৰ ইনফ'চিটি অঞ্চলৰ এটা ঘৰত আনন্দৰ মৃত্যুৰ ঘটনাত বীৰেন্দ্ৰ জড়িত থকাৰ অভিযোগ উত্থাপন কৰি আহিছে ৷

আনন্দৰ পিতৃয়ে দ্বাৰা দাখিল কৰা এখন আবেদনৰ শুনানি গ্ৰহণ কৰি ওড়িশা উচ্চ ন্যায়ালয়ে গোচৰটোৰ তদন্ত এগৰাকী ডিআইজি পৰ্যায়ৰ বিষয়াৰ দ্বাৰা কৰাবৰ বাবে নিৰ্দেশনা জাৰি কৰে । কিয়নো অভিযুক্ত বীৰেন্দ্ৰ লাক্ৰা হৈছে এগৰাকী ডিএছপি পৰ্যায়ৰ বিষয়া ।

আনহাতে, উচ্চ ন্যায়ালয়ে এইটোও নিৰ্দেশ দিয়ে যে অনুসন্ধানকাৰীয়ে নিম্ন আদালতত তদন্তৰ প্ৰতিবেদন দাখিল কৰিব । উল্লেখ্য যে মৃতকৰ পিতৃয়ে মৃত্যুৰ গোচৰটোত আৰক্ষীৰ দ্বাৰা নিৰপেক্ষ তদন্ত নোহোৱাৰ অভিযোগ তুলি উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল ।

ইফালে আনন্দৰ আত্মীয়ই অভিযোগ কৰিছিল যে বীৰেন্দ্ৰ লাক্ৰা আৰু তেওঁৰ বন্ধু মনজিৎ টেটে তেওঁক হত্যাৰ লগত জড়িত আছিল । যোৱা বছৰ ২৮ ফেব্ৰুৱাৰীত তেওঁক ঘৰৰ ভিতৰত চিপ লৈ থকা অৱস্থাত উদ্ধাৰ কৰা হৈছিল । সেই সময়ত আনন্দে মাত্ৰ দহ দিন পূৰ্বে বিবাহপাশত আবদ্ধ হৈছিল । উল্লেখ্য যে বীৰেন্দ্ৰ আৰু মনজিৎ আনন্দৰ শৈশৱৰ বন্ধু আছিল । আনহাতে, হকী খেলুৱৈজনক মৃতকৰ পৰিয়ালে আপোন সদস্য কৰি লৈছিল ।

উল্লেখ্য যে ইয়াৰ পূৰ্বে টুইন চিটি কমিছনাৰেট আৰক্ষীয়ে বীৰেন্দ্ৰক বন্ধুৰ মৃত্যুৰ গোচৰটোত ক্লিন শ্বিট দিছিল । উপলব্ধ প্ৰমাণ আৰু চিকিৎসা প্ৰতিবেদনে স্পষ্ট কৰিছে যে মৃত্যুৰ কাৰণ আছিল চিপ লৈ আত্মহত্যা । ইয়াৰ লগত হত্যাৰ দৰে কোনো পৰিকল্পনাৰ সন্দেহ নাই বুলি আৰক্ষীয়ে কৈছিল ।

আনহাতে, মৃতকৰ ডিঙিত পোৱা আঘাতবোৰ মৰণোত্তৰ পৰীক্ষা আৰু আত্মহত্যাৰ প্ৰকৃতিৰ হ'ব পাৰে বুলি কোৱা হৈছিল । মৃত ব্যক্তিজনে মৃত্যুৰ পূৰ্বে সুৰা আৰু বাৰবিটুৰেট সেৱন কৰা বুলিও মৰণোত্তৰ প্ৰতিবেদনত প্ৰকাশ পাইছিল । এই ক্ষেত্ৰত বলপূৰ্বক সুৰা আৰু ড্ৰাগছ প্ৰয়োগ কৰাৰ সন্দেহ সম্ভৱ নহয় বুলিও আৰক্ষীৰ প্ৰতিবেদনত লগতে কোৱা হৈছিল ।

লগতে পঢ়ক :Bilaspur Bus Accident : প্ৰধানমন্ত্ৰীৰ ৰেলীলৈ গৈ থকা বাছ দুৰ্ঘটনাগ্ৰস্ত, ২ জন নিহত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.