ETV Bharat / sports

Assam Girl Won Gold Medal in Khelo India: সোণৰ পদকেৰে অসমলৈ গৌৰৱ কঢ়িয়ালে ধেমাজিৰ পঞ্চমীয়ে

author img

By

Published : Feb 17, 2023, 8:39 PM IST

Assam Girl Won Gold Medal in Khelo India
সোণৰ পদকেৰে অসমলৈ গৌৰৱ কঢ়িয়ালে ধেমাজিৰ পঞ্চমী সোণোৱালে

ৰাষ্ট্ৰীয় পৰ্যায়ত পুনৰ অসম কন্যাৰ সাফল্য ৷ খেলো ইণ্ডিয়া য়ুথ গেমছৰ ভাৰত্তোলন শাখাত সোণৰ পদক অৰ্জন অসমৰ পঞ্চমী সোণোৱালৰ ৷ ৫ ফ্ৰেব্ৰুৱাৰী পৰা ১২ ফ্ৰেব্ৰুৱাৰীলৈ ইন্দোৰত অনুষ্ঠিত হৈছিল খেলো ইণ্ডিয়া য়ুথ গেমছ (Khelo India Youth Games) ৷

সোণৰ পদকেৰে অসমলৈ গৌৰৱ কঢ়িয়ালে ধেমাজিৰ পঞ্চমী সোণোৱালে

ধেমাজি, ১৭ ফেব্ৰুৱাৰী : মধ্য প্ৰদেশৰ ভূপালৰ ইন্দোৰত অনুষ্ঠিত খেলো ইণ্ডিয়া য়ুথ গেমছত (Khelo India Youth Games in Madhya Pradesh) ৪৯ কেজি শাখাৰ ভাৰত্তোলন শাখাত অসমৰ হৈ সোণৰ পদক বুটলিবলৈ সক্ষম হৈছে ধেমাজিৰ বাটঘৰীয়া আমুলগুৰিৰ পঞ্চমী সোণোৱাল (Dhemaji Girl Panchami Sonowal) ৷ অসমৰ পৰা প্ৰতিযোগিতাত অংশগ্ৰহণৰ যোগ্যতা অৰ্জন কৰা ছয়জনীয়া যুৱতীৰ দলটোৰ ভিতৰত একমাত্ৰ পঞ্চমীয়ে সোণৰ পদক লাভ কৰিবলৈ সক্ষম হয় ৷ ইয়াৰ পূৰ্বে খেলুৱৈগৰাকীয়ে হিমাচল প্ৰদেশত অনুষ্ঠিত খেলো ইণ্ডিয়া মহিলাৰ ৰেংকিংত ৰূপৰ পদক আৰু উত্তৰ প্ৰদেশত সোণ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছিল ৷

ইয়াৰ উপৰি তেওঁ তামিলনাডুত অনুষ্ঠিত হোৱা খেলো ইণ্ডিয়া মহিলাৰ ৰেংকিংত য়ুথ শাখাত সোণ আৰু জুনিয়ৰ শাখাত ব্ৰঞ্জৰ পদক অৰ্জন কৰিছিল (Assam Girl in Khelo India) ৷ ধেমাজিৰ আওহতীয়া অঞ্চলৰ যুৱতীগৰাকীয়ে প্ৰথমে অঞ্চলটোৰ ক্ৰীড়াবিদ ধমেন্দ্ৰ কছাৰীৰ পৰা খেলৰ প্ৰশিক্ষণ গ্ৰহণ কৰে ৷ তেওঁক পৰৱৰ্তী সময়ত গুৱাহাটীৰ অলকেশ বৰুৱাই প্ৰশিক্ষণ প্ৰদান কৰিছিল ৷ গুৱাহাটী ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণত(Sports Authority of India) তিনিবছৰ প্ৰশিক্ষণ গ্ৰহণ কৰি নিজকে সাজু কৰি তুলিছিল পঞ্চমীয়ে ৷

লগতে পঢ়ক: National Sqay Martial Arts Championships: পাঁচটাকৈ পদক অৰ্জনেৰে অসমলৈ গৌৰৱ কঢ়িয়ালে মৰাণৰ প্ৰণীতাই

আৰ্থিকভাৱে দুৰ্বল পৰিয়ালৰ যুৱতী পঞ্চমীৰ এইবাৰ লক্ষ্য হৈছে কমনৱেলথ গেমছত অসম তথা ভাৰতক প্ৰতিনিধিত্ব কৰা ৷ পিতৃ লোহিত সোণোৱাল আৰু মাতৃ বুদ্ধেশ্বৰী সোণোৱালে এখন সৰু হোটেল চলাই কোনোমতে পৰিয়ালটো পোহপাল দি অহাৰ লগতে পঞ্চমীকো খেলৰ ক্ষেত্ৰখনত আগবঢ়াই নিছে ৷ পঞ্চমী বৰ্তমান জীয়াঢল মহাবিদ্যালয়ৰ উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষত অধ্যয়ন কৰি আছে ৷

৫ ফ্ৰেব্ৰুৱাৰী পৰা ১২ ফ্ৰেব্ৰুৱাৰীলৈ ইন্দোৰত অনুষ্ঠিত খেলো ইণ্ডিয়া য়ুথ গেমছত (Khelo India Youth Games) পঞ্চমীয়ে সোণৰ পদক লাভ কৰি গৃহ চহৰ ধেমাজিত উপস্থিত হয় (Assam Girl Won Gold Medal in Khelo India) ৷ পঞ্চমী ধেমাজিত উপস্থিত হোৱাৰ পাছতে সমগ্ৰ অঞ্চলটোত উৎসৱমুখৰ পৰিবেশৰ সৃষ্টি হয় ৷ জীয়াঢল চাৰিআলিৰ পৰা বিভিন্ন শুভাকাংক্ষীৰ লগতে দল-সংগঠন আৰু গাঁওবাসীয়ে গায়ন-বায়নেৰে ঘৰলৈ আদৰি আনে খেলুৱৈগৰাকীক ৷ তেওঁলোকে পঞ্চমীক অভিনন্দন জনোৱাৰ লগতে লগতে চৰকাৰৰ সংশ্লিষ্ট বিভাগক এই প্ৰতিভাৱান খেলুৱৈগৰাকীক আগুৱাই নিয়াৰ বাবে পদক্ষেপ ল’বলৈ আহ্বান জনায় ৷

লগতে পঢ়ক: Teok horse riding: ব্ৰহ্মপুত্ৰৰ বালিচৰত ঐতিহ্য ৰক্ষা কৰি ঘোঁৰাদৌৰৰ অনুশীলনত ব্যস্ত এজাক তৰুণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.