ETV Bharat / sports

Australia Open Badminton 2023 : অষ্ট্ৰেলিয়া অপেনৰ পৰা বাহিৰ পি ভি সিন্ধু

author img

By

Published : Aug 4, 2023, 1:47 PM IST

Australia Open Badminton 2023
Australia Open Badminton 2023

বিগত ১০ বাৰৰ প্ৰতিদ্বন্দ্বিতাত পি ভি সিন্ধুৱে তেওঁৰ প্ৰতিদ্বন্দীৰ বিৰুদ্ধে ছয়বাৰ জয় লাভ কৰিছিল । কিন্তু শুকুৰবাৰে ৩৩ বছৰীয়া চীনা বংশোদ্ভৱ আমেৰিকান বেইৱেন ঝাঙৰ বিৰুদ্ধে অগ্ৰগতি লাভ কৰিব নোৱাৰিলে ।

স্পৰ্টছ ডেস্ক, ৪ আগষ্ট : অষ্ট্ৰেলিয়া অপেনৰ পৰা বাহিৰ হ'ল দুবাৰৰ অলিম্পিক পদক বিজয়ী ভাৰতীয় তাৰকা শ্বাটলাৰ পি ভি সিন্ধু । মহিলাৰ একক কোৱাৰ্টাৰ ফাইনেলত আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিশ্বৰ ১২ নম্বৰ স্থানৰ শ্বাটলাৰ বেইৱেন ঝাঙৰ হাতত পোনপটীয়া গেমত পৰাস্ত হয় সিন্ধু ।

কেৱল সেয়াই নহয়, এই পৰাজয়ৰ পিছত হায়দৰাবাদৰ তাৰকা শ্বাটলাৰগৰাকী বিশ্ব ৰেংকিঙত ১৭ নম্বৰ স্থানলৈ অৱনমিত হয় । সিন্ধুৱে চলিত ছিজনৰ চতুৰ্থখন ছেমিফাইনেললৈ উন্নীত হোৱাৰ পথো ৰুদ্ধ হয় । ৪,২০,০০০ আমেৰিকান ডলাৰৰ ছুপাৰ ৫০০ টুৰ্ণামেণ্টখনত সিন্ধু ৩৯ মিনিটতে ঝাঙৰ হাতত ১২-২১, ১৭-২১ পোনপটীয়া গেমত পৰাজিত হয় ।

উল্লেখ্য যে, বিগত ১০ বাৰৰ মুখামুখীত সিন্ধুৱে তেওঁৰ প্ৰতিদ্বন্দ্বীৰ বিৰুদ্ধে ছয়বাৰ জয়লাভ কৰিছিল । কিন্তু শুকুৰবাৰে তেওঁ ৩৩ বছৰীয়া চীনা বংশোদ্ভৱ আমেৰিকান ঝাঙৰ বিৰুদ্ধে কোনো প্ৰতিৰোধ গঢ়ি তুলিব নোৱাৰিলে । ঝাঙে প্ৰতিটো ক্ষেত্ৰতে সিন্ধুক বশীভূত কৰি ছেমিফাইনললৈ উন্নীত হয় । সম্পূৰ্ণ খেলখন তেওঁ নিজৰ নিয়ন্ত্ৰণত ৰাখিবলৈ সক্ষম হয় ।

পি ভি সিন্ধুৱে প্ৰথম দুটা ৰাউণ্ডত নিজৰ দেশৰে প্ৰতিদ্বন্দ্বী অস্মিতা চলিহা আৰু আকৰ্ষী কাশ্যপক পৰাস্ত কৰিছিল । কিন্তু ২১-২৭ আগষ্টলৈ ডেনমাৰ্কৰ কোপেনহেগেনত অনুষ্ঠিত হ'বলগীয়া বিশ্ব চেম্পিয়নশ্বিপলৈ যোৱাৰ পূৰ্বে ঝাঙৰ হাতত তেওঁৰ পৰাজয় এক ডাঙৰ হতাশাৰ বিষয় হ'ব । ২০১৯ চনৰ বিশ্ব চেম্পিয়নত সিন্ধুৱে আঘাতৰ পৰা আৰোগ্য হোৱাৰ পিছৰে পৰা এক দুৰ্বল পৰিস্থিতিৰ মাজেৰে গৈ আছে । আনহাতে, চলিত বছৰৰ ১২ টা বিডব্লিউএফ ৱৰ্ল্ড ট্যুৰ ইভেণ্টৰ ভিতৰত সাতটাতে তেওঁ আগতীয়াকৈ প্ৰস্থান কৰিছে ।

চলিত বছৰৰ আৰম্ভণিতে সিন্ধু কোৰিয়াৰ পাৰ্ক টাই-চাঙৰ সৈতে পৃথক হয় আৰু তাৰ পিছত ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ (এছএআই) প্ৰশিক্ষক বিধি চৌধুৰীৰ সৈতে কাম কৰে । তেওঁ বৰ্তমান নতুন প্ৰশিক্ষক মুহাম্মদ হাফিজ হাছিমৰ অধীনত প্ৰশিক্ষণ লৈ আছে । তেওঁ হৈছে ২০০৩ চনৰ অল-ইংলেণ্ড চেম্পিয়ন ।

আনহাতে, এই প্ৰতিযোগিতাত প্ৰতিদ্বন্দ্বিতাত থকা আন ভাৰতীয়সকলৰ ভিতৰত এইচ এছ প্ৰণয়ে শীৰ্ষ স্থানপ্ৰাপ্ত ইণ্ডোনেছিয়াৰ এণ্টনি গিণ্টিঙৰ মুখামুখী হ'ব । আনহাতে, ২০২১ চনৰ বিশ্ব চেম্পিয়নশ্বিপৰ ৰূপৰ পদক বিজয়ী কিদাম্বি শ্ৰীকান্তে দিনটোৰ শেষৰ ফালে নিজৰ দেশৰে প্ৰিয়াংশু ৰাজাৱতৰ বিৰুদ্ধে মুখামুখী হ'ব ।

লগতে পঢ়ক :Bedabrata Deori wins Gold Medal: দিল্লীত জিলিকিল অসম সন্তান বেদব্ৰত দেউৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.