ETV Bharat / sports

Asian Games 2023 : এছিয়ান গেমছত ভাৰতৰ পদকৰ সংখ্যা ১১ লৈ বৃদ্ধি

author img

By ETV Bharat Assamese Team

Published : Sep 26, 2023, 2:14 PM IST

এছিয়ান গেমছত ভাৰতৰ পদকৰ সংখ্যা ১১ লৈ বৃদ্ধি
Asian Games 2023

বৰ্তমান এছিয়ান গেমছত ভাৰত পঞ্চম স্থানত আছে । আনহাতে, দুটা দিনত ১১ টা পদক লাভ কৰিছে । ২০১৮ চনৰ এছিয়ান গেমছত ভাৰতে ৮০ টা পদক জয় কৰিছিল । আশা কৰা হৈছে যে এইবাৰ অধিক পদক লাভ কৰিব ।

স্পৰ্টছ ডেস্ক, ২৬ ছেপ্টেম্বৰ : চীনত চলি থকা এছিয়ান গেমছৰ দ্বিতীয়দিনা ভাৰতে দুটা সোণ আৰু চাৰিটা ব্ৰঞ্জসহ ছয়টা পদক লাভ কৰি মুঠ পদকৰ সংখ্যা ১১ টালৈ বৃদ্ধি কৰিছে । হাৰিয়ানাৰ খেলুৱৈসকলে দেশক গৌৰৱান্বিত কৰিছে । তাৰে ভিতৰত শেফালী বাৰ্মা, অনীশ ভানৱালা আৰু আদৰ্শ সিঙে উৎকৃষ্ট প্ৰদৰ্শন কৰিছে ।

এছিয়ান গেমছত প্ৰথমবাৰৰ বাবে অংশগ্ৰহণ কৰা ভাৰতীয় মহিলা ক্ৰিকেট দলে শ্ৰীলংকাক ১৯ ৰাণত পৰাস্ত কৰি আকাংক্ষিত সোণৰ পদক জয় কৰি ইতিহাস সৃষ্টি কৰিছে । এই জয়ৰ পিছত হাৰিয়ানাৰ ৰোহতকত বিজয় উৎসৱ উদযাপন কৰা হয় । উল্লেখ্য যে যুৱ ক্ৰিকেটাৰ তথা অপেনাৰ শেফালী বাৰ্মাই এছিয়ান গেমছত অৰ্ধশতক অৰ্জন কৰা প্ৰথম ভাৰতীয় খেলুৱৈ হিচাপে পৰিগণিত হৈছে । তেওঁ এই কৃতিত্ব অৰ্জন কৰে কোৱাৰ্টাৰ ফাইনেলত । চাৰিটা বাউণ্ডেৰী আৰু পাঁচটা ছয়েৰে তেওঁ মেচখনত ৩৯ টা বলত ৬৭ ৰাণ সংগ্ৰহ কৰে ।

আনহাতে, এছিয়ান গেমছৰ দ্বিতীয়দিনা অনীশ ভানৱালাই ২৫ মিটাৰ ৰেপিড ফায়াৰ পিষ্টলৰ দলীয় প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক অৰ্জন কৰে । ইয়াৰ পূৰ্বে কৰ্ণালৰ শ্বুটাৰ অনীশে দক্ষিণ এছিয়ান গেমছত সোণৰ পদক জয় কৰিছিল । ইয়াৰ উপৰি ২০০২ চনৰ ২৬ ছেপ্টেম্বৰত জন্মগ্ৰহণ কৰা অনীশ ২০১৮ চনৰ কমনৱেলথ গেমছত শ্বুটিংত স্বৰ্ণ জয় কৰা আটাইতকৈ কম বয়সীয়া খেলুৱৈ হিচাপে পৰিগণিত হৈছিল ।

ভাৰতীয় দলে এছিয়ান গেমছত ৰ'য়িং প্ৰতিযোগিতাত দুটা ব্ৰঞ্জৰ পদক জয় কৰিছে । যমুনানগৰৰ পৰমিন্দৰ সিঙকো এটা দলৰ সদস্য আছিল । যমুনানগৰৰ বিলাসপুৰ ছেকচনৰ শ্বাহপুৰ গাঁৱৰ এজন কৃষক তথা প্ৰাক্তন চৰপঞ্চ অমৰিক সিঙৰ পৰিয়ালত জন্মগ্ৰহণ কৰা পৰমিন্দৰ সিঙে অতি ভাল প্ৰদৰ্শন কৰে ।

ইফালে হাৰিয়ানাৰ হিছাৰ জিলাৰ বাসিন্দা তথা ভাৰতীয় বক্সাৰ দীপক ভোৰিয়াই ৫১ কিলোগ্ৰাম শাখাৰ বক্সিঙত মালয়েছিয়াৰ বক্সাৰ মহম্মদ আৰিফিনক ৩২ ৰাউণ্ডত ৫-৫ ব্যৱধানত পৰাস্ত কৰে । এই বিজয়েৰে দীপকে ৰাউণ্ড অব ১৬-ত প্ৰৱেশ কৰিছে । অৱশ্যে যদিও দীপক এতিয়াও পদকৰ পৰা বহু যোজন দূৰৈত আছে, তেওঁৰ পৰিয়ালৰ সদস্যসকল নিশ্চিত যে তেওঁলোকৰ পুত্ৰই নিশ্চিতভাৱে দেশলৈ পদক কঢ়িয়াই আনিব ।

উল্লেখ্য যে এই প্ৰতিবেদন লিখাৰ সময়লৈকে ভাৰতে এছিয়ান গেমছত দুদিনত মুঠ ১১ টা পদক জয় কৰি পঞ্চম স্থানত আছে । ৫৭০ জনীয়া ভাৰতীয় দলটোৱে ২০১৮ চনৰ এছিয়ান গেমছত ৮০ টা পদক জিকিছিল । এইবাৰ এছিয়ান গেমছত ৬৫৫ গৰাকী খেলুৱৈ অন্তৰ্ভুক্ত কৰা হৈছে । আশা কৰা হৈছে যে পূৰ্বৰ এছিয়ান গেমছৰ তুলনাত এইবাৰ ভাৰতে অধিক পদক লাভ কৰিব ।

লগতে পঢ়ক :Asian Games 2023: এছিয়ান গেমছত ভাৰতে পুনৰ লাভ কৰিলে পদক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.