ETV Bharat / international

Asian Games 2023: এছিয়ান গেমছত ভাৰতে পুনৰ লাভ কৰিলে পদক

author img

By ANI

Published : Sep 26, 2023, 8:57 AM IST

Asian Games Vidit wins in mens individual chess
এছিয়ান গেমছ 2023

19 সংখ্যক এছিয়ান গেমছত মহিলা আৰু পুৰুষৰ ব্যক্তিগত প্ৰতিযোগিতাৰ তৃতীয় ৰাউণ্ডত অৰ্জুন কুমাৰ আৰু বিদিত সন্তোষে জয়লাভ কৰে । ভাৰতীয় মহিলা দবা খেলুৱৈ দ্ৰোনাৱল্লী হৰিকাই পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হয়, আৰু কনেৰু হাম্পিয়ে ড্ৰ’ খেলে । 7 অক্টোবৰত অনুষ্ঠিত হ’ব দবা খেলৰ চূড়ান্ত প্ৰতিযোগিতা ৷ ভাৰতে বৰ্তমানলৈ এছিয়ান গেমছত 11 টা পদক লাভ কৰিছে য’ত আছে 2 টা সোণ, 3 টা ৰূপ আৰু 6 ব্ৰঞ্জৰ পদক ।

নেশ্যনেল ডেস্ক, 26 ছেপ্টেম্বৰ: 23 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হৈছে 19 সংখ্যক এছিয়ান গেমছ ৷ সোমবাৰে এছিয়ান গেমছত মহিলা আৰু পুৰুষৰ ব্যক্তিগত প্ৰতিযোগিতাৰ তৃতীয় ৰাউণ্ডত অৰ্জুন কুমাৰ আৰু বিদিত সন্তোষে জয়লাভ কৰে । ভাৰতীয় মহিলা দবা খেলুৱৈ দ্ৰোনাৱল্লী হৰিকাই পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হয়, আৰু কনেৰু হাম্পিয়ে ড্ৰ’ খেলে ।

চীনৰ হৌ য়িফানৰ হাতত 1-0 চেটত পৰাস্ত হয় হৰিকা । ইফালে হাম্পিয়ে চীনৰ জু জিনাৰৰ সৈতে 0.5-0.5 চেটত ড্ৰ’ খেলিছিল । আনহাতে, অৰ্জুনে ভিয়েটনামৰ এনগোক ট্ৰুং ছন নুয়েনক 1-0 চেটত পৰাস্ত কৰে । আনহাতে বিদিতে থিলেণ্ডৰ লাওহাৱিৰাপাপ প্ৰিনৰ বিৰুদ্ধে 1-0 চেটত জয়লাভ কৰে ।

ইয়াৰ পূৰ্বে ব্যক্তিগত দবাৰ দ্বিতীয় ৰাউণ্ডত কাজাখাস্তানৰ কাজিবেলক ন’গেৰবেকৰ হাতত 1-0 চেটত পৰাস্ত হোৱা বিদিতে ভিয়েটনামৰ লে টুয়ান মিনৰ সৈতে 0.5- 0.5 চেটত ড্ৰ’ খেলিছিল । আনহাতে, ছিংগাপুৰৰ গং কিয়ানয়ুনৰ বিৰুদ্ধে হাৰিকাই 1-0 চেটত জয়লাভ কৰে আৰু ভিয়েটনামৰ ফাম লে থাও নুয়েনৰ বিৰুদ্ধে হাম্পিয়ে 1-0 চেটত জয়লাভ কৰে ।

পুৰুষৰ প্ৰথম ৰাউণ্ডত বিদিতে বাংলাদেশৰ ৰহমান মহম্মদ ফাহাদক 1-0 চেটত পৰাস্ত কৰে । আনহাতে অৰ্জুনে ফিলিপাইনছৰ বেৰছামিনা পাউলোৰ বিৰুদ্ধে 1-0 চেটত জয়লাভ কৰে ।

মহিলা ৰাউণ্ডত হাম্পিয়ে ইৰাণৰ আলিনাছাবলমদাৰী মবিনাৰ বিৰুদ্ধে ১-০ চেটত জয়লাভ কৰে । ইফালে, হাৰিকাই ইউনাইটেড আৰব এমিৰেটছৰ আলালি ৰৌডাকো ১-০ চেটত পৰাস্ত কৰিছে । 7 অক্টোবৰত দবা খেলৰ ফাইনেল অনুষ্ঠিত হোৱাৰ কথা ।

পুৰুষ আৰু মহিলাৰ ব্যক্তিগত দবা প্ৰতিযোগিতাৰ চাৰিটা ৰাউণ্ডো সোমবাৰে অনুষ্ঠিত হয় । এছিয়ান গেমছত দবা 2006 চনত ডোহা এছিয়ান গেমছত প্ৰৱৰ্তন কৰা হৈছিল আৰু 2010 চনতহে গুৱাংঝোতহে খেলা হৈছিল । এছিয়ান গেমছৰ দবাত ভাৰতে এই পৰ্যন্ত লাভ কৰিছে চাৰিটাকৈ পদক লাভ কৰিছে ৷ দুটা স্বৰ্ণ আৰু দুটা ব্ৰঞ্জৰ পদক । ২০০৬ চনৰ দোহাত মহিলাৰ ব্যক্তিগত আৰু মিশ্ৰ দলীয় ইভেণ্টত কনেৰু হাম্পিয়ে দুয়োটা স্বৰ্ণ পদক লাভ কৰে ।

লগতে পঢ়ক: Asian Games 2023 : এছিয়ান গেমছত শ্ৰীলংকাক হৰুৱাই ভাৰতীয় মহিলা ক্ৰিকেট দলৰ স্বৰ্ণজয়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.