ETV Bharat / sports

পদ্মশ্ৰী সন্মানৰ পাচতেই ৰানী ৰামপালৰ প্ৰতিক্ৰিয়া

author img

By

Published : Jan 26, 2020, 7:49 PM IST

পদ্মশ্ৰী সন্মানৰ পাচতেই ৰানী ৰামপালৰ প্ৰতিক্ৰিয়া
পদ্মশ্ৰী সন্মানৰ পাচতেই ৰানী ৰামপালৰ প্ৰতিক্ৰিয়া

দেশৰ সৰ্বোচ্চ নাগৰিক সন্মানৰ অন্যতম পদ্মশ্ৰী পুৰস্কাৰ লাভৰ পাচতেই গৌৰৱাম্বিত অনুভৱ কৰিছো বুলি উল্লেখ কৰে ভাৰতৰ মহিলা হকী দলৰ অধিনায়ক ৰানী ৰামপালে ৷

স্পৰ্টছ ডেস্ক, 26 জানুৱাৰীঃ শনিবাৰে পদ্মশ্ৰী বঁটাৰ বাবে নাম মনোনিত কৰা হৈছিল ভাৰতীয় মহিলা হকী দলৰ অধিনায়ক ৰানী ৰামপালক ৷ এই সন্মান লাভ কৰাৰ পাচতেই এই পুৰস্কাৰ দল আৰু সহযোগী ষ্টাৰ্ফক সমৰ্পিত কৰে খেলুৱৈগৰাকীয়ে ৷ লগতে প্ৰশিক্ষক আৰু ক্ৰীড়ামন্ত্ৰী কিৰেণ ৰিজিজুকো ধন্যবাদ জ্ঞাপন কৰে অধিনায়কগৰাকীয়ে ৷

ৰানী ৰামপালৰ প্ৰতিক্ৰিয়া
ৰানী ৰামপালৰ প্ৰতিক্ৰিয়া

অধিনায়কগৰাকীয়ে টুইটাৰ উল্লেখ কৰে, দেশৰ সৰ্বোচ্চ নাগৰিকৰ অন্যতম পদ্মশ্ৰী সন্মানেৰে পুৰস্কৃত কৰাৰ বাবে মই গৌৰৱাম্বিত অনুভৱ কৰিছো ৷ মই এই পুৰস্কাৰ মোৰ সমস্ত দল আৰু সহযোগী ষ্টাৰ্ফক সমৰ্পিত কৰিছো ৷ লগতে মই ধন্যাবাদ জ্ঞাপন কৰিছো ক্ৰীড়ামন্ত্ৰী কিৰেণ ৰিজিজু, হকী ইণ্ডিয়া, প্ৰশিক্ষক বলদেৱ, পৰিয়াল, বন্ধু আৰু অনুৰাগীক যিয়ে মোক সদায় সমৰ্থন কৰি আহিছে ৷

ৰানী ৰামপালৰ কেৰিয়াৰ
ৰানী ৰামপালৰ কেৰিয়াৰ

উল্লেখ্য যে, ৰানীৰ নেতৃত্বতেই ভাৰতীয় দলটোৱে টকিঅ’ অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰিবলৈ সক্ষম হয়৷ তৃতীয়বাৰৰ বাবে ভাৰতীয় মহিলা হকী দলে অলিম্পিকলৈ যোগ্যাতা অৰ্জন কৰিবলৈ সক্ষম হৈছে ৷ 25 বছৰীয়া ৰানী ৰামপালে দেশৰ বাবে 200 খনতকৈ অধিক মেচত অংশগ্ৰহণ কৰিছে ৷ খেলুৱৈগৰাকীয়ে 2013 চনত জুনিয়ৰ বিশ্বকাপত প্লেয়াৰ অফ দ্য টুৰ্ণামেণ্ট জয় কৰিবলৈ সক্ষম হৈছিল ৷ য’ত ভাৰতে ব্ৰঞ্জ পদক জয় লাভ কৰিছিল ৷ ইপিনে 2014 চনত এফআইচিচিআইত কামবেক প্লেয়াৰ অফ দ্য ইয়াৰ পুৰস্কাৰৰে সন্মানিত হৈছিল ৰানী ৰামপাল ৷ ইপিনে ৰানীৰ নেতৃত্বেই 13 বছৰ পাচত এছিয়া কাপৰ খিতাপ জয় লাভ কৰিবলৈ সক্ষম হৈছিল ভাৰতে ৷


ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.