ETV Bharat / sports

ৰাণী ৰামপাললৈ 'ওৱৰ্ল্ড গেমছ এথলীট অৱ দা ইয়েৰ' সন্মান

author img

By

Published : Jan 30, 2020, 11:55 PM IST

হকী তাৰকা ৰাণী ৰামপাল
ৰাণী ৰামপাললৈ 'ওৱৰ্ল্ড গেমছ এথলীট অৱ দা ইয়েৰ' সন্মান

ৰাণী ৰামপালক প্ৰদান কৰা হৈছে সন্মানীয় 'ওৱৰ্ল্ড গেমছ এথলীট অৱ দা ইয়েৰ' এৱাৰ্ড ৷ এই সন্মান লাভ কৰা প্ৰথমগৰাকী হকী খেলুৱৈ হিচাপে পৰিগণিত হৈছে ৰাণী ৷

স্পৰ্টছ ডেস্ক, 30 জানুৱাৰী : ভাৰতীয় মহিলা হকী দলৰ অধিনায়ক ৰাণী ৰামপালক বৃহস্পতিবাৰে প্ৰদান কৰা হৈছে সন্মানীয় 'ওৱৰ্ল্ড গেমছ এথলীট অৱ দা ইয়েৰ' এৱাৰ্ড ৷ ইয়াৰ জৰিয়তে আন্তৰাষ্ট্ৰীয় ক্ষেত্ৰত এই সন্মান অধিকাৰ কৰা প্ৰথম গৰাকী হকী খেলুৱৈ হিচাপে পৰিগণিত হৈছে ৰামপাল ৷ 20 দিনীয়াকৈ বিশ্বৰ ক্ৰীড়াপ্ৰেমীয়ে প্ৰদান কৰা ভোটৰ ওপৰত ভিত্তি কৰি ওৱৰ্ল্ড গেমছে ভাৰতৰ তাৰকা হকী খেলুৱৈ গৰাকীলৈ এই সন্মান প্ৰদান কৰে ৷

হকী তাৰকা ৰাণী ৰামপাল
ৰাণী ৰামপালে লাভ কৰা বিভিন্ন সন্মান

উল্লেখ্য যে, যোৱা বছৰ ভাৰতে FIH Series Finals জয় কৰিছিল আৰু ৰাণী ৰামপালক 'প্লেয়াৰ অৱ দা টুৰ্ণামেন্ট' ঘোষণা কৰা হৈছিল ৷ ৰাণীৰ নেতৃত্বতে ভাৰতীয় দলে অলিম্পিকৰ বাবে যোগ্যতা অৰ্জন কৰিবলৈও সক্ষম হৈছিল ৷

এই ঘোষণাৰ পাচতে আন্তৰাষ্ট্ৰীয় হকী ফেডাৰেছনে ৰাণীক অভিবাদন জনায় ৷ সন্মান দখল কৰি গৌৰৱান্বিত ৰাণীয়ে কয়, "এই সন্মান মই সমগ্ৰ হকী পৰিয়াল, মোৰ দল আৰু দেশলৈ উছৰ্গা কৰিছো ৷ যিসকল হকী প্ৰেমী, অনুৰাগী, দল, প্ৰশিক্ষক, ভাৰতীয় হকী ফেডাৰেছন, চৰকাৰ, বলীউদৰ বন্ধুবৰ্গ আৰু দেশবাসীয়ে মোক ভোট প্ৰদান কৰিছে তেওঁলোকৰ মৰম আৰু সমৰ্থনৰ বাবে মই এই পদক দখল কৰিবলৈ সক্ষম হৈছো ৷" উল্লেখ্য যে, কিছুদিন পূৰ্বে ৰাণীয়ে ক্ৰীড়া জগতলৈ আগবঢ়োৱা অৱদানৰ বাবে পদ্মশ্ৰী সন্মান লাভ কৰিবলৈ সক্ষম হৈছিল ৷

এই সন্মানৰ বাবে বিভিন্ন ক্ৰীড়া ক্ষেত্ৰৰ সৰ্বমুঠ 25 জন এথলীটৰ নাম প্ৰদান কৰিছিল আন্তৰাষ্ট্ৰীয় ক্ৰীড়া ফেডাৰেছনসমূহে৷ ৰাণীৰ দূৰ্দান্ত প্ৰদৰ্শনৰ ওপৰত ভিত্তি কৰি FIH য়ে হকীৰ পৰা এই সন্মানৰ বাবে তেওঁৰ নাম প্ৰদান কৰিছিল ৷ ভোটৰ সংখ্যাৰ ওপৰত ভিত্তি কৰি ৰাণীৰ পাচতে দ্বিতীয় স্থান লাভ কৰিছে ইউক্ৰেইনৰ কাৰাটে তাৰকা ষ্টানিছলাভ হৰোনা আৰু কানাডিয়ান পাৱাৰ লিফ্টাৰ আৰু বিশ্ব চেম্পিয়ন ৰিয়া ষ্টিনে ৷ দুয়োগৰাকী ক্ৰীড়াবিদে 92,000 তকৈ অধিক ভোট লাভ কৰিবলৈ সক্ষম হৈছিল ৷

আৰু পঢ়ক : অষ্ট্ৰেলিয়ান অ’পেনঃ আজি ছেমিফাইনেলত ফেডেৰৰ বনাম জ’ক’ভিজ

Intro:অপহৰণ : কেচু খান্দোতেই সাপ ওলাইছে

জাল নোট চক্ৰৰ সন্দেহ জড়িত থকাৰ সন্দেহ

জালনোট নাপায় প্ৰাক্তন সেনাৰ নেতৃত্বত অপহৰণ জাল নোট চক্ৰৰ ৰছিদুল ৰহমানক

অপহৰণৰ লগত জড়িত মোহন ফুকন, অভিলাষ শইকীয়া, ৰূপজ‍্যোতি শইকীয়াক আটক কলিয়াবৰ আৰক্ষীৰBody:দহ লাখ টকাৰ আশাত মোহন ফুকনে দিয়া পাঁচ লাখ টকা দিয়াৰ পিচত পাবলৈ অপৰহৰণ ৰছিদুলক। আৰক্ষীৰ আগত মোহন ফুকনে জ. চি. বি. ক্ৰয় কৰাৰ বাবে দিয়া ধন নোপোৱাৰ বাবে ৰছিদুলক বাধ‍্য কৰাবৰ বাবে অপহৰণ কৰি মুকলাই দিয়াৰ বিনিময়ত পৰিয়ালক দহ লাখ টকা দাবী কৰিছিল যদিও, প্ৰাথমিক তদন্তত জাল নোটৰ বাবেহে এই অপহৰণ কাণ্ড সংঘটিত হৈছিল বুলিহে আৰক্ষীয়ে ঠাৱৰ কৰিছে।
জাল নোট চক্ৰৰ জালত পৰি প্ৰাক্তন সেনা বুলি চিনাকী দিয়া মোহন ফুকনে প্ৰায় এমাহৰ আগতেই পাঁচ লাখ টকা দিছিল যদিও দহ লাখ টকা নিদিয়াকৈ জাল নোট চক্ৰৰ আজিজুৰ, চৌকত আৰু জনৈক ভাইটি পলাই ফুৰিছিল।
ৰছিদুল ৰহমান লক্ষীমপুৰ, চৌকত আলি আৰু ভাইটিৰ মাজত ভাগ হ'ল পাঁচ লাখ টকা ভাগ কৰি মোহন ফুকনৰ লগত যোগাযোগ বিচ্ছিন্ন কৰি পলাই ফুৰিছিল। কালি আমনিত চৌকত দেখা পাই এ. এচ. ০১ এ. টি. ৮৮০৫ নম্বৰৰ বলেৰ' গাড়ীখনত উঠাই মোহন ফুকনে গাড়ীত থকা দুই সহযোগীৰ সৈতে গোলাঘাটলৈ লৈ যায়। তাতেই চৌকতৰ পৰিয়ালৰ লগত ফোনেৰে যোগাযোগ কৰি দহ লাখ টকা দাবী কৰে। বুধবাৰে জখলাবন্ধাত পৰিয়ালৰ লোকে দহ লাখ টকা দি চৌকতক মুকলি কৰাৰ কথা আছিল যদিও গোপন সূত্ৰৰ পম খেদি অপহৰণকাৰী দলটোক অনুসৰণ কৰি আটক কৰে কলিয়াবৰ আৰক্ষীয়ে।
আৰক্ষীও সমগ্ৰ ঘটনাৰ প্ৰকৃত কাৰণ আৰু উৎসৰ বাবে এতিয়াও যোৰ তদন্ত চলাই আছে। প্ৰাথমিক তদন্তৰ পিচত জাল নোটৰ ব‍্যৱসায় সংক্ৰান্তণে ঘটনাটো সংঘটিত হৈছে বুলি ঠাৱৰ কৰিছে।, জাল নোট ছপাবলৈ চৌকতে ৰছিদুলক ১ মাহ আগতে গোলাঘাট মৰঙিৰ ঢুলীয়া গাঁৱৰ মোহন ফুকনৰ লগত চিনাকী কৰি দিলে। মোহন ফুকনে টকা টকা ছপোৱাৰ বাবে আজিজুৰক লগ ধৰি টকা ছপোৱাৰ কৌশল শিকোৱাৰ পাচত হিচাপ-নিকাচ খেলি-মেলি কৰি যোগাযোগ বিচ্ছিন্ন কৰি পলাই ফুৰিছিল।Conclusion:Visuals
Bite : Kaliabor PS/Officer

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.