ETV Bharat / sports

খেল ৰত্ন পুৰস্কাৰৰ বাবে মনোনীত হৈ অভিভূত হৈছো : ৰানী ৰামপাল

author img

By

Published : Jun 3, 2020, 7:03 PM IST

i am overwhelmed at being nominated for khel ratna award says rani rampal
i am overwhelmed at being nominated for khel ratna award says rani rampal

ৰাজীৱ গান্ধী খেল ৰত্ন পুৰস্কাৰৰ বাবে মনোনীত হোৱাৰ পাচতেই ভাৰতীয় মহিলা হকী দলৰ অধিনায়ক ৰানী ৰামপালৰ প্ৰতিক্ৰিয়া। হকী ইণ্ডিয়াৰ দ্বাৰা নাম মনোনীত কৰাৰ বাবে আনন্দ প্ৰকাশ কৰি হকী ইণ্ডিয়াৰ ধাৰাবাহিক সমৰ্থনে নিজৰ লগতে দলৰ ভাল প্ৰদৰ্শনৰ বাবে প্ৰেৰণা যোগায় বুলি উল্লেখ কৰে খেলুৱৈগৰাকীয়ে ।

স্পৰ্টছ ডেস্ক, 3 জুনঃ দেশৰ সৰ্বোচ্চ ক্ৰীড়া সন্মান ৰাজীৱ গান্ধী খেল ৰত্ন পুৰস্কাৰৰ বাবে নিজৰ নাম মনোনীত হোৱাক লৈ আনন্দ প্ৰকাশ ভাৰতীয় মহিলা হকী দলৰ অধিনায়ক ৰানী ৰামপালৰ । বুধবাৰে এই পুৰস্কাৰৰ বাবে মনোনীত হ'বলৈ পাই অভিভূত হোৱা বুলি উল্লেখ কৰে খেলুৱৈগৰাকীয়ে ।

i am overwhelmed at being nominated for khel ratna award says rani rampal
হকী ইণ্ডিয়া

পদ্মশ্ৰী প্ৰাপ্ত খেলুৱৈগৰাকীয়ে এক বিবৃতি প্ৰকাশ কৰি কয়,প্ৰতিষ্ঠিত ৰাজীৱ গান্ধী খেল ৰত্ন পুৰস্কাৰৰ বাবে মনোনীত হোৱাত নিজকে গৌৰাম্বিত অনুভৱ কৰিছো । হকী ইণ্ডিয়াই মোৰ নাম মনোনীত কৰাৰ বাবে অধিক সুখী অনুভৱ কৰিছো । তেওঁলোকৰ ধাৰাবাহিক সমৰ্থনে মোৰ লগতে দলটোক ভাল প্ৰদৰ্শন কৰাৰ বাবে প্ৰেৰণা যোগায় ।

হকী ইণ্ডিয়াই ৰানী ৰামপালক খেল ৰত্ন আৰু বন্দনা কটাৰিয়া,মনিকা আৰু হৰমনপ্ৰীত সিঙক অৰ্জুন বঁটা পুৰস্কাৰৰ বাবে মনোনীত কৰিছে । ক্ৰীড়া মন্ত্ৰণালয়ৰ নিৰ্বাচন সমিতিৰ দ্বাৰা বিজয়ী প্ৰাৰ্থীক নিৰ্বাচিত কৰাৰ পাচতেই ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসৰ দিনা প্ৰদান কৰা হ'ব এই সমূহ বঁটা ।

লগতে চাওকঃ ৰৱীশ কুমাৰক ফিনলেণ্ডৰ পৰৱৰ্তী ভাৰতীয় ৰাষ্ট্ৰদূত হিচাপে নিযুক্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.