ETV Bharat / sports

এটিকে-মোহন বাগানৰ সৈতে চুক্তি বৃদ্ধি ৰয় কৃষ্ণৰ

author img

By

Published : Jun 27, 2020, 1:50 PM IST

আইএছএলৰ সপ্তম সংস্কৰণৰ বাবে এথলেটিক' ডি কলকাতাৰ তাৰকা খেলুৱৈ ৰয় কৃষ্ণৰ দলটোৰ সৈতে চুক্তি বৃদ্ধি । শুকুৰবাৰে দলটোৰ সৈতে পুনৰ এবছৰৰ বাবে চুক্তি বৃদ্ধি কৰাৰ কথা সদৰি কৰে খেলুৱৈগৰাকীয়ে ।

Roy Krishna contract extended with ATK Mohun Bagan
Roy Krishna contract extended with ATK Mohun Bagan

স্পৰ্টছ ডেস্ক, 27 জুনঃ আগন্তুক আইএছএলৰ সপ্তম সংস্কৰণতো এথলেটিক' ডি কলকাতা-মোহন বাগান দলত দেখা পোৱা যাব ফিজীৰ তাৰকা ষ্ট্ৰাইকাৰ ৰয় কৃষ্ণক । শুকুৰবাৰে এটিকে দলৰ সৈতে পুনৰ এবছৰৰ বাবে নিজৰ চুক্তিৰ সময়সীমা বৃদ্ধি কৰে খেলুৱৈগৰাকীয়ে ।

এটিকে-মোহন বাগানৰ সৈতে চুক্তি বৃদ্ধি ৰয় কৃষ্ণৰ
এটিকে-মোহন বাগানৰ সৈতে চুক্তি বৃদ্ধি ৰয় কৃষ্ণৰ

উল্লেখ্য যে, আইএছএলৰ ডেফেণ্ডিং চেম্পিয়ন এটিকে দলটোৱে শেহতীয়াকৈ আইলীগৰ বিজয়ী দল মোহন বাগানৰ সৈতে অংশীদাৰিত্ব কৰাৰ পাচতেই আগন্তুক আইএছএল সংস্কৰণত এটিকে-মোহন বাগান নামে অৱতীৰ্ণ হ'ব দলটো ।

2019-2020 সংস্কৰণত 32 বছৰীয়া খেলুৱৈগৰাকীয়ে নিজৰ প্ৰদৰ্শনেৰে সকলোকে মোহিত কৰিবলৈ সক্ষম হৈছিল । খেলুৱৈগৰাকীয়ে স্বয়ং 15 টাকৈ গ'ল কৰিবলৈ সক্ষম হোৱাৰ বিপৰীতে সতীৰ্থ খেলুৱৈক 6 টা গ'ল কৰিবলৈ সহায় কৰিছিল । এটিকে দলটোৰ তৃতীয়বাৰৰ বাবে আইএছএলৰ খিতাপ জয় কৰাত গুৰুত্বপূৰ্ণ অৱদান আছিল খেলুৱৈগৰাকীৰ ।

পুনৰ এবছৰৰ বাবে চুক্তি বৃদ্ধি হোৱাৰ পাচত খেলুৱৈগৰাকীয়ে কয়, মই ক্লাৱটোৰ সৈতে চুক্তিৰ সময়সীমা বৃদ্ধি কৰি সুখী । 2019-20 ৰ হিৰ' আইএছএলৰ খিতাপ জয় কৰাৰ পাচত প্ৰশ্নই নুঠে মই চেম্পিয়ন দলটোৰ সৈতে নাথাকিম

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.