ETV Bharat / sports

মেছিৰ অনুপস্থিতিত বাৰ্চিলোনাৰ দুৰ্বল প্ৰদৰ্শনৰ অভিযোগ নাকচ ৰ’নাল্ড কোমেনৰ

author img

By

Published : Dec 30, 2020, 1:07 PM IST

Updated : Dec 30, 2020, 1:25 PM IST

Koeman denies Barca struggles with Messi missing
মেছিৰ অনুপস্থিতিত বাৰ্চিলোনাৰ দুৰ্বল প্ৰদৰ্শনৰ অভিযোগ নাকচ ৰ’নাল্ড কোমেনৰ

বাৰ্চিলোনা সম্প্ৰতি 25 পইন্টেৰে লা-লিগা তালিকাত ষষ্ঠ স্থানত আছে ৷ আনহাতে, সপ্তম স্থানত আছে ৰিয়েল মাদ্ৰিড আৰু এটলেটিকো মাদ্ৰিড ৷ আঁঠুৰ আঘাতৰ বাবে মঙলবাৰৰ এইবাৰ আৰু বাৰ্চিলোনাৰ মাজত অনুষ্ঠিত খেলখনৰ পৰা বিৰত থাকে মেছি ৷

স্পৰ্টছ ডেস্ক, 30 ডিচেম্বৰ: মেছিৰ অনুপস্থিতিয়েই বাৰ্চিলোনাৰ দুৰ্বল প্ৰদৰ্শনৰ কাৰণ ৷ এই কথাক পোনচাটেই নাকচ কৰিছে ৰ’নাল্ড কোমেনে ৷ মঙলবাৰে এইবাৰ আৰু বাৰ্চিলোনাৰ মাজত অনুষ্ঠিত খেলখন 1-1 ত ড্ৰ’ হোৱাৰ পিছতেই এই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কোমেনে ৷ আঁঠুৰ আঘাতৰ বাবে এই খেলখনত অংশগ্ৰহণ কৰা নাই মেছিয়ে ৷

Koeman denies Barca struggles with Messi missing
লিঅ‘নেল মেছি

কোমেনে আৰু কয় যে, আয়োজক দলটোৱে কেইবাটাও সুবিধা লাভ কৰিছিল ৷ বিশেষকৈ প্ৰথম হাফত মাৰ্টিন ব্ৰেইথৱেইটৰ পেনাল্টি ৷ কিন্তু এই সুবিধা তেওঁলোকৰ বাবে ফলপ্ৰসূ নহ’ল ৷ চলিত বৰ্ষৰ ‘লা-লিগা’ত জয়লাভ কৰাটোও তেওঁৰ দলৰ বাবে যথেষ্ট কঠিন হ’ব বুলিও মন্তব্য কৰে কোমেনে ৷

বাৰ্চিলোনা সম্প্ৰতি 25 পইন্টেৰে লা-লিগা তালিকাত ষষ্ঠ স্থানত আছে ৷ আনহাতে, সপ্তম স্থানত আছে ৰিয়েল মাদ্ৰিড আৰু এটলেটিকো মাদ্ৰিড ৷

উল্লেখ্য যে, মঙলবাৰৰ খেলখনত 57 মিনিটত প্ৰথমটো গ’ল দি কাইকে এইবাৰক অগ্ৰগতি প্ৰদান কৰিবলৈ সক্ষম হয় ৷ আনহাতে, ইয়াৰ 10 মিনিট পিছত ঔস্মান ডেম্বেলে বাৰ্চিলোনাৰ হৈ গ’ল দি খেলখন ড্ৰ’ত উপনীত কৰে ৷

কোমেনে কয়, "আপুনি ক’ব নোৱাৰে বাৰ্চিলোনাই মেছি অবিহনে ভাল খেলিছে ৷ মেছি এগৰাকী ভিন্ন খেলুৱৈ ৷ সাধাৰণৰভাৱে আমি ভাল খেলিছো ৷ কিন্তু ব্যক্তিগত ভূলসমূহে আমাৰ পইন্ট হ্ৰাস কৰিছে ৷ আমি জয়লাভ কৰাটো দাবী কৰিছিলো ৷ আমি যিখিনি কৰিব পাৰো সেইয়া কৰিছো ৷ আমি সুবিধা সৃষ্টি কৰিছিলো কিন্তু আমি পেনাল্টি স্ক’ৰ কৰিব নোৱাৰিলো ৷ আমি ভাল খেলিছো, কষ্ট কৰিছো আমি জয়ৰ বাবে কৰণীয় সকলো কৰিছো কিন্তু প্ৰায়ে আমাৰ সৈতে এইয়া হৈ আহিছে ৷"

লগতে পঢ়ক-ওবেৰ্ষ্টফ’ৰ্ডত স্কি জাম্পিং অ’পেনাৰ জয়লাভ কাৰ্ল গেইগাৰৰ

Last Updated :Dec 30, 2020, 1:25 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.