ETV Bharat / sports

আই এছ এল : এফচি গোৱাত অন্তৰ্ভুক্ত ছানছন পেৰেৰা

author img

By

Published : Jun 20, 2020, 8:11 PM IST

এফচি গোৱা ফুটবল দলত ছানছনৰ আগমন সন্দৰ্ভত এফচি গোৱা ফুটবল দলৰ পৰিচালক ৰবি পুস্কুৰৰ প্ৰতিক্ৰিয়া । ছানছন এনে এজন খেলুৱৈ যাৰ ওপৰত বছৰটোৰ সৰ্বশ্ৰেষ্ঠ অংশৰ হিচাপে আমাৰ দৃষ্টি নিবিদ্ধ হৈ আছিল বুলি উল্লেখ কৰে । ছালগাঁৱকাৰ দলৰ বাবে তেওঁৰ ধাৰাবাহিক প্ৰদৰ্শনে নিঃসন্দেহ তেওঁক উচ্চ স্তৰতো ভাল প্ৰদৰ্শন কৰিবলৈ সক্ষম কৰিব বুলি কয় পৰিচালকগৰাকীয়ে ।

ISL: FC Goa rope in Goan talent Sanson Pereira
ISL: FC Goa rope in Goan talent Sanson Pereira

স্পৰ্টছ ডেস্ক, 20 জুনঃ আইএছএলৰ আগন্তুক ছীজনৰ বাবে এফচি গোৱাত সংযোজিত কৰা হ'ল প্ৰতিভাৱান যুৱ খেলুৱৈ ছানছন পেৰেৰাক । শনিবাৰেএফচি গোৱাৰ ফালৰ পৰা খেলুৱৈগৰাকীৰ দলত আগমণৰ কথা ঘোষণা কৰা হয় । দুই বছৰৰ বাবে এফচি গোৱাৰ সৈতে চুক্তিবদ্ধ কৰা হৈছে প্ৰতিভাৱান খেলুৱৈগৰাকীক । ছালগাঁৱকাৰ এছচিৰ সৈতে চুক্তিবদ্ধ থকা খেলুৱৈগৰাকীয়ে নিজৰ খেলৰ প্ৰদৰ্শনেৰে সকলোকে মুগ্ধ কৰি গোৱা দলত অন্তৰ্ভুক্ত হ'বলৈ সুযোগ লাভ কৰিবলৈ সক্ষম হৈছে বুলি দলৰ পৰা কোৱা হয় ।

এই চুক্তিৰ পাচতেই যুৱ খেলুৱৈগৰাকীও উৎসাহিত হৈ থকাৰ লগতে নিজকে এফ চি গোৱাৰ এজন প্ৰশংসক বুলি কয় । এই দলৰ জাৰ্ছী পিন্ধাৰ এক সপোন আছিল আৰু ইয়াক ভাষাৰে বুজোৱা টান বুলি কয় খেলুৱৈগৰাকীয়ে ।

আনহাতে সকলো গোৱাৰ যুৱক বা খেলুৱৈৰে গোৱাৰ হৈ খেলাৰ মন থাকে বুলি কয় খেলুৱৈগৰাকীয়ে । এতিয়া সেই সপোন বাস্তৱায়িত হৈছে বুলি কয় । লগতে গোৱা দলটোৰ খেলাৰ ধৰণো তেওঁৰ প্ৰিয় বুলি উল্লেখ কৰে ।

ছানছনৰ গোৱা দলত আগমণ সন্দৰ্ভত এফচি গোৱা ফুটবল দলৰ পৰিচালক ৰবি পুস্কুৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, ছানছন এনে এজন খেলুৱৈ যাৰ ওপৰত বছৰৰ সৰ্বশ্ৰেষ্ঠ অংশ হিচাপে আমাৰ দৃষ্টি নিবিদ্ধ হৈ আছিল । ছালগাঁৱাকৰ বাবে তেওঁৰ ধাৰাবাহিক প্ৰদৰ্শনে নিঃসন্দেহ তেওঁযে উচ্চ স্তৰতো ভাল প্ৰদৰ্শন কৰিবলৈ সক্ষম হ'ব তাক অনুমান কৰিব পাৰি বুলি মন্তব্য় কৰে ।

উল্লেখ্য যে, 2016/17 ছীজনত ছালগাঁৱকাৰ দলৰ হৈ প্ৰথম ছীজনত গোৱাক পেশাদাৰী লীগৰ খিতাপৰ জয়ত ছানছনে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল । তাৰ পাচত পৰৱৰ্তী ছীজনত গোৱা চেভেন্সৰো খিতাপ দিয়াত সহায় কৰিছিল । আনহাতে 2018/19 ত অসম গল্ড কাপত ৰূপৰ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছিল ।

লগতে চাওকঃ ৰঙিয়াৰ সমৰজ্যোতিয়ে উদ্ভাৱন কৰিছে ডিজিটেল মেনু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.