ETV Bharat / sports

গুৱাহাটীত অনুষ্ঠিত হ’ব মহিলা ফিফা 17 অনুৰ্ধ্ব বিশ্বকাপৰ উদ্বোধনী মেচ

author img

By

Published : Feb 19, 2020, 9:51 AM IST

পোন প্ৰথমবাৰৰ বাবে ভাৰতত অনুষ্ঠিত হ’বলগীয়া মহিলা ফিফা 17 অনুৰ্ধ্ব বিশ্বকাপৰ ঘোষণা কৰা হ’ল কাৰ্যসূচী ৷ 2 নৱেম্বৰৰ পৰা অনুষ্ঠিত হ’বলগীয়া এই প্ৰতিযোগিতাৰ চূড়ান্ত মেচ অনুষ্ঠিত হ’ব 21 নৱেম্বৰত ৷

গুৱাহাটীত অনুষ্ঠিত হ’ব মহিলা ফিফা 17 অনুৰ্ধ্ব বিশ্বকাপৰ উদ্বোধনী মেচ
গুৱাহাটীত অনুষ্ঠিত হ’ব মহিলা ফিফা 17 অনুৰ্ধ্ব বিশ্বকাপৰ উদ্বোধনী মেচ

স্পৰ্টছ ডেস্ক, 19 ফেব্ৰুৱাৰীঃ মঙলবাৰে নতুন দিল্লীত ঘোষণা কৰা হ’ল ভাৰতত অনুষ্ঠিত হ’বলগীয়া বহু প্ৰত্যাশিত মহিলা ফিফা 17 অনুৰ্ধ্ব বিশ্বকাপৰ কাৰ্যক্ৰমণিকা ৷ 2 নৱেম্বৰৰ পৰা অনুষ্ঠিত হ’বলগীয়া এই প্ৰতিযোগিতাৰ চূড়ান্ত মেচ অনুষ্ঠিত হ’ব 21 নৱেম্বৰত ৷ উদ্বোধনী মেচ গুৱাহাটীত অনুষ্ঠিত হোৱাৰ বিপৰীতে ফাইনেল মেচ অনুষ্ঠিত হ’ব নৱী মুম্বাইত ৷ এই অনুষ্ঠানতেই আনুষ্ঠানিক ভাৱে Kick Off The Dream শ্ল’গানৰো মুকলি কৰা হয় ৷

মঙলবাৰে নতুন দিল্লীত ঘোষণা মহিলা ফিফা 17 অনুৰ্ধ্ব বিশ্বকাপৰ কাৰ্যক্ৰমণিকা
মঙলবাৰে নতুন দিল্লীত ঘোষণা মহিলা ফিফা 17 অনুৰ্ধ্ব বিশ্বকাপৰ কাৰ্যক্ৰমণিকা

ভাৰতত পোন প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ’বলগীয়া ফিফা 17 অনুৰ্ধ্ব বিশ্বকাপৰ মেচ সমূহ আয়োজন কৰা হ’ব দেশৰ মুঠ 5 খন চহৰত ৷ চহৰ কেইখন হৈছে- গুৱাহাটী, আহমেদাবাদ, ভূৱনেশ্বৰ, কলকাতা আৰু নৱী মুম্বাই ৷ বিশ্ব ফুটবলজগতৰ 16 টা দলে অংশগ্ৰহণ কৰা এই প্ৰতিযোগিতাত অনুষ্ঠিত হ’ব মুঠ 32 খন মেচ

মহিলা ফিফা 17 অনুৰ্ধ্ব বিশ্বকাপৰ সম্পূৰ্ণ কাৰ্যসূচী
মহিলা ফিফা 17 অনুৰ্ধ্ব বিশ্বকাপৰ সম্পূৰ্ণ কাৰ্যসূচী

এই বিষয়ে ক্ৰীড়ামন্ত্ৰী কিৰেণ ৰিজিজুৱে টুইট কৰি কয়, ‘‘ভাৰত পুনৰ আন এখন ফিফা প্ৰতিযোগিতা আয়োজনৰ দিশে অগ্ৰসৰ হৈছে ৷ মই এই প্ৰতিযোগিতাৰ সফলতাৰ বাবে দেশবাসীৰ সহায়-সহযোগিতা কামনা কৰিছো ৷ আমাৰ ভাৰতীয় মহিলা 17 অনুৰ্ধ্ব ফুটবল দলটো প্ৰথমবাৰৰ বাবে ফিফা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব ৷’’

আনফালে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও টুইট যোগে এই বৰ্ষত গুৱাহাটীত 6 খনকৈ ফিফা মহিলা 17 অনুৰ্ধ্ব মেচ অনুষ্ঠিত হ’ব বুলি অৱগত কৰে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.