ETV Bharat / sports

IND vs AUS test Final : আজিৰ দিনটো হ'ব ৰোহিত বাহিনীৰ বাবে প্ৰত্যাহ্বানপূৰ্ণ

author img

By

Published : Jun 10, 2023, 2:01 PM IST

বিশ্ব টেষ্ট চেম্পিয়নশ্বিপত অষ্ট্ৰেলিয়া শক্তিশালী স্থিতিত আছে (IND vs AUS final)। যদি ভাৰতীয় বলাৰে অষ্ট্ৰেলিয়াক ২০০ ৰাণে বান্ধিব পাৰে তেনেহ'লে ভাৰতৰ সম্ভাৱনাও নুই কৰিব নোৱাৰি ।

IND vs AUS test Final
আজিৰ দিনটো হ'ব ৰোহিত বাহিনীৰ বাবে প্ৰত্যাহ্বানপূৰ্ণ

স্পৰ্টছ ডেস্ক,১০ জুন : ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল খেল চলি আছে (WTC Final 2023)। আজি এই খেলখনৰ চতুৰ্থটো দিন । ইতিমধ্যে খেলখনত অষ্ট্ৰেলিয়াই নিজৰ আধিপত্য বিস্তাৰ কৰিবলৈ সক্ষম হৈছে । অৱশ্যে এতিয়াও ভাৰতৰ প্ৰত্যাৱৰ্তনৰ যুঁজ অব্যাহত আছে । যদিও ভাৰতৰ বিৰুদ্ধে অষ্ট্ৰেলিয়াই প্ৰথম ইনিংছত ১৭৩ ৰাণৰ বৃহৎ অগ্ৰগতি লাভ কৰিছে কিন্তু চতুৰ্থ দিনটো ভাৰতে প্ৰথম পৰ্যায়তে অষ্ট্ৰেলিয়াৰ ওপৰত আক্ৰমণ কৰাৰ সম্ভাৱনা আছে ।

যদি ২০০ ৰাণৰ ভিতৰত অষ্ট্ৰেলিয়াক অল আউট কৰিব পাৰে তেনেহ'লে টেষ্ট মেচখনত ভাৰতৰ অস্তিত্ব থাকিব । দ্বিতীয় ইনিংছত ৪ টা উইকেট হেৰুওৱাৰ পাছত অষ্ট্ৰেলিয়াৰ খেলুৱৈসকলক অলপ চাপত দেখা গৈছে (WTC Final Fourth day)।

উল্লেখ্য যে শুকুৰবাৰে অৰ্থাৎ খেলৰ তৃতীয় দিনা অষ্ট্ৰেলিয়াই ৪ টা উইকেট হেৰুৱাই ১২৩ ৰাণ সংগ্ৰহ কৰিছে । বৰ্তমান কেমেৰুন গ্ৰীণ ৭ ৰাণত অপৰাজিত আৰু মাৰ্নাছ লাবুচাগেন ৪১ ৰাণত অপৰাজিত হৈ আছে । এতিয়া ভাৰতীয় দলটোৱে শনিবাৰে অৰ্থাৎ চতুৰ্থ দিনা যিমান সম্ভৱ সোনকালে অষ্ট্ৰেলিয়াক অলআউট কৰাৰ বাবে চেষ্টা কৰিব ।

তৃতীয় দিনা খেল সমাপ্ত হোৱাৰ পাছত অষ্ট্ৰেলিয়াই ভাৰতৰ বিৰুদ্ধে ২৯৬ ৰাণৰ অগ্ৰগতি লাভ কৰিছে । প্ৰথম ইনিংছত ১৭৩ ৰাণৰ অগ্ৰগতিৰ বাবে অষ্ট্ৰেলিয়াৰ কিছু সুবিধা আছে, কিন্তু ভাৰতৰ বেটছমেনসকলে দ্বিতীয় ইনিংছত সম্পূৰ্ণ শক্তি প্ৰদৰ্শন কৰিব লাগিব আৰু প্ৰথম ইনিংছৰ ভুলৰ পুনৰাবৃত্তি কৰিব নালাগিব । ভাৰতীয় দলটোৱে চতুৰ্থ দিনৰ প্ৰথম অংশৰ ভিতৰত অষ্ট্ৰেলিয়াক ২০০ ৰাণতে আউট কৰিবলৈ চেষ্টা কৰিব, যাতে ভাৰতৰ সন্মুখত ৩৫০-৩৭৫ ৰাণৰ লক্ষ্য থাকে । ভাৰতৰ বাবে অধিক ৰাণৰ পিছত দৌৰাটো সম্ভৱ নহয় ।

একে সময়তে, অষ্ট্ৰেলিয়াই দ্বিতীয় ইনিংছত কমেও ২৫০ ৰাণ সংগ্ৰহ কৰিবলৈ চেষ্টা কৰিব আৰু তেওঁলোকৰ ইনিংছটো চাহৰ ব্ৰেকৰ সময়লৈ লৈ যোৱাৰ চেষ্টা কৰিব । তাৰ পাছত ভাৰতক ৪০০ ৰো অধিক ৰাণৰ লক্ষ্য দিব । অষ্ট্ৰেলিয়াই ইয়াতকৈ কম ৰাণৰ লক্ষ্য দি পৰাজয়ৰ আশংকা কৰিব নিবিচাৰে (Fourth Day Plan of India team)।

উল্লেখ্য যে প্ৰথমে বেটিং কৰি অষ্ট্ৰেলিয়াই প্ৰথম ইনিংছত ৪৬৯ ৰাণ সংগ্ৰহ কৰে । ইয়াৰ প্ৰত্যুত্তৰত ভাৰতীয় দলটো প্ৰথম ইনিংছত ২৯৬ ৰাণত অলআউট হয় । এনে পৰিস্থিতিত অষ্ট্ৰেলিয়াই দ্বিতীয় ইনিংছত ১৭৩ ৰাণৰ অগ্ৰগতি লাভ কৰিছে । দ্বিতীয় ইনিংছত ১২৩ ৰাণৰ সৈতে অষ্ট্ৰেলিয়াৰ দলটোৱে এতিয়ালৈকে মুঠ ২৯৬ ৰাণৰ অগ্ৰগতি লাভ কৰিছে । দ্বিতীয় ইনিংছত উছমান খাৱাজাই ১৩ ৰাণ, ডেভিদ ৱাৰ্ণাৰে ১ ৰাণ, ষ্টিভ স্মিথে ৩৪ ৰাণ আৰু ট্ৰেভিছ হেডে ১৮ ৰাণ সংগ্ৰহ কৰিছে ।

একে সময়তে তৃতীয় দিনটোত আজিংক্য ৰাহানে ৮৯ ৰাণ আৰু শাৰ্দুল ঠাকুৰে ভাৰতৰ হৈ ৫১ ৰাণ সংগ্ৰহ কৰে । দুয়োজনৰ মাজত ১০৯ ৰাণৰ পাৰ্টনাৰ্শ্বিপ হয় । কিন্তু অষ্ট্ৰেলিয়া এতিয়াও শক্তিশালী স্থিতিত আছে । সেয়েহে ভাৰতৰ সন্মুখত তীব্ৰ প্ৰত্যাহ্বান দেখা গৈছে ।

লগতে পঢ়ক :WTC Final 2023 Day 2 : ডব্লিউটিচি ফাইনেলত ৩১ সংখ্যক টেষ্ট শতক; অভিলেখৰ আন এটা নাম ষ্টিভ স্মিথ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.