ETV Bharat / sports

World Cup 2023 : নকআউটত সকলো নতুনকৈ আৰম্ভ হয়; নিউজীলেণ্ডৰ অধিনায়ক কেন উইলিয়ামছন

author img

By ETV Bharat Assamese Team

Published : Nov 14, 2023, 8:18 PM IST

নকআউটত সকলো নতুনকৈ আৰম্ভ হয়; নিউজীলেণ্ডৰ অধিনায়ক কেন উইলিয়ামছন
World Cup 2023

বুধবাৰে প্ৰথম ছেমি ফাইনেলত 'মেন ইন ব্লু'ৱে ৱাংখেড়ে ষ্টেডিয়ামত কিৱি বাহিনীৰ সৈতে বাইছ গজৰ যুদ্ধত অৱতীৰ্ণ হ'ব । নিশ্চিতভাৱে সিদিনা বাংখেড়ে 'ভাৰতে ২৮ বছৰৰ পিছত বিশ্বকাপ জিকিব' ধ্বনিৰে মুখৰিত হ'ব । নিউজীলেণ্ডে লীগ পৰ্যায়ৰ আটাইতকৈ সফল দল আয়োজক ভাৰতৰ আক্ৰমণৰ সন্মুখীন হ'ব লাগিব । কিন্তু মেচৰ পূৰ্বে নিউজীলেণ্ডৰ অধিনায়ক কেন উইলিয়ামছনক চিৰাচৰিতভাৱে অতি শান্ত-সমাহিত ৰূপত দেখা গৈছ । লগতে তেওঁ বহু প্ৰত্যাশিত এই মেচখনৰ পূৰ্বে দলটোৰ প্ৰস্তুতি সন্দৰ্ভত ব্যক্ত কৰে । এই সন্দৰ্ভত মীনাক্ষী ৰাওৰ প্ৰতিবেদন ।

স্পৰ্টছ ডেস্ক, ১৪ নৱেম্বৰ : ২০১৯ চনত লৰ্ডছত অনুষ্ঠিত বিশ্বকাপ ফাইনেলত নিউজীলেণ্ডক নেতৃত্ব দিয়া কেন উইলিয়ামছনে পুনৰবাৰ দলটোক ফাইনেললৈ উন্নীত কৰাৰ লক্ষ্যৰে বুধবাৰে ভাৰতৰ বিপক্ষে অৱতীৰ্ণ হ'ব । আনহাতে, ২০১৯ চনত মানচেষ্টাৰত অনুষ্ঠিত ছেমি ফাইনেলত ভাৰতক ১৮ ৰাণত পৰাস্ত কৰা কিৱি বাহিনীয়ে এইবাৰ ৱাংখেড়েত এক নতুন পৰিৱেশ আৰু পৰিস্থিতিত খেলিব লাগিব । নিশ্চিতভাৱে এই পৰিস্থিতিত ৰোহিত শৰ্মা নেতৃত্বাধীন ভাৰতীয় দলটো ঘৰুৱা খেলপথাৰত এখোজ আগবাঢ়ি থাকিব ।

"এইটো এটা কঠিন প্ৰত্যাহ্বান হ'ব । তেওঁলোক (ভাৰত) এনে এটা পক্ষ, যিয়ে অত্যন্ত ভাল খেলি আছে । কিন্তু আমি এইটোও জানো যে এতিয়া চূড়ান্ত সময় আহিছে । সকলো নতুনকৈ আৰম্ভ হ'ব আৰু এই দিনটোও নতুন হ'ব ।" ছেমি ফাইনেলৰ পূৰ্বে মঙলবাৰে ৱাংখেড়েত সংবাদ মাধ্যমৰ আগত তেওঁ এনেদৰে কয় ।

'কেন এণ্ড এবল' হিচাপে খ্যাতি অৰ্জন কৰা উইলিয়ামছনক সপ্তাহটোৰ মাজভাগত অনুষ্ঠিত হ'বলগা ডাঙৰ মেচখনৰ পূৰ্বে যথেষ্ট শান্ত আৰু সাজু হোৱা যেন দেখা যায় । উল্লেখ্য যে এটা দল হিচাপে কিৱি বাহিনীয়ে তেওঁলোকৰ ক্ৰিকেটৰ ওপৰত গুৰুত্ব আৰোপ কৰে আৰু মাজভাগত সঠিক পৰিকল্পনা কাৰ্যকৰী কৰে । আনহাতে, বিপক্ষৰ ওপৰত তীক্ষ্ণ মূল্যাঙ্কনৰ ওপৰত ভিত্তি কৰি তেওঁলোকৰ প্ৰক্ৰিয়াবোৰ নিৰ্ধাৰণ কৰে ।

"ভাৰত ব্যতিক্ৰমী হৈ আহিছে । যদিও সৰ্বশ্ৰেষ্ঠ দল নহয়, কিন্তু বৰ্তমান ক্ৰিকেট খেলি থকা শ্ৰেষ্ঠ দলবোৰৰ ভিতৰত এটা । কিন্তু আমি আমাৰ সৰ্বশ্ৰেষ্ঠ ক্ৰিকেট খেলি থকা দিনটোত, ই নিশ্চিতভাৱে আমাক সৰ্বশ্ৰেষ্ঠ সুযোগ দিয়ে আৰু চূড়ান্ত সময়ত যিকোনো ঘটনা ঘটিব পাৰে ।" তেওঁ ভাৰতীয় দলক এনেদৰে সতৰ্ক কৰি দিয়ে ।

"এই প্ৰতিযোগিতাখনৰ প্ৰতিখন খেলেই জটিল । যিকোনো দলে দিনটোত যিকোনো দলক পৰাস্ত কৰিব পাৰে, সেয়া দুয়োটা দলৰ গুণাগুণেই হওক বা পৰিৱৰ্তিত পৰিস্থিতিয়েই হওক । অন্তিম পৰ্যায়ত উপনীত হোৱাটো আৰু তাৰ পিছত এটা নতুন পদ্ধতি গ্ৰহণ কৰাটো ভাল, কাৰণ ই নতুনকৈ আৰম্ভ হয় ।" তেওঁ লগতে কয় ।

উল্লেখ্য যে পাঁচবাৰকৈ ছেমি ফাইনেল আৰু এবাৰ বিশ্বকাপৰ ফাইনেলত উপনীত হোৱা সত্ত্বেও কিৱি দলটোৱে এতিয়ালৈকে বিশ্বকাপ দখল কৰিব পৰা নাই । আনহাতে, ৩৩ বছৰ বয়সত চলিত বিশ্বকাপত তেওঁৰ যাত্ৰাৰ সময়ত বহুবাৰ গুৰুত্বপূৰ্ণ সময়ত দলটোৰ পৰা বাহিৰ হ'বলগা হৈছে । ইয়াৰ কাৰণ হৈছে আঘাত । অৱশ্যে ছেমি ফাইনেলৰ পূৰ্বে তেওঁ সম্পূৰ্ণ সুস্থ বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক :IND v NZ Semi Final: 2019 বিশ্বকাপত পৰাজয়ৰ পোতক তুলিব পাৰিবনে টীম ইণ্ডিয়াই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.