ETV Bharat / sports

Cricket World Cup 2023 : আঘাতৰ সন্মুখীন সূৰ্যকুমাৰ যাদৱ, মৌ-মাখিৰ কামোৰত আক্ৰান্ত ঈশান কিষণ

author img

By ETV Bharat Assamese Team

Published : Oct 21, 2023, 11:01 PM IST

Cricket World Cup 2023
আঘাতৰ সন্মুখীন সূৰ্যকুমাৰ যাদৱ

সংবাদ সংস্থা পিটিআইয়ে প্ৰকাশ কৰা এক প্ৰতিবেদন অনুসৰি নেট অনুশীলনৰ সময়ত সূৰ্যকুমাৰ যাদৱ আঘাতপ্ৰাপ্ত হৈছে ৷ আনহাতে ঈশান কিষণক ডিঙিৰ পিছফালে মৌমাখিয়ে কামুৰিছে ৷

স্পৰ্টছ ডেস্ক, 21 অক্টোবৰ : নিউজীলেণ্ডৰ বিৰুদ্ধে খেলৰ পূৰ্বে নেট চেচনৰ সময়ত তাৰকা বেটছমেন সূৰ্যকুমাৰ যাদৱৰ সোঁফালৰ আগবাহুত খুন্দা মৰাৰ ফলত শনিবাৰে ভাৰতীয় দলটোৱে আঘাতৰ আতংকৰ সন্মুখীন হয় ৷ অল ৰাউণ্ডাৰ হাৰ্দিক পাণ্ডিয়া খেলখনৰ বাবে উপলব্ধ নোহোৱাৰ বাবে সূৰ্যকুমাৰে নিউজীলেণ্ডৰ বিৰুদ্ধে বিশ্বকাপৰ খেলখন খেলাৰ সম্ভাৱনা আছিল যদিও এই নতুন পৰিঘটনাই তেওঁৰ উপলব্ধতাক লৈয়ো প্ৰশ্নবোধক চিহ্ন উত্থাপন কৰিছে ৷ দেওবাৰে নিউজীলেণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত হ’ব লগা গুৰুত্বপূৰ্ণ মেচখনৰ পূৰ্বে এই ঘটনাই চিন্তাত পেলাইছে ভাৰতীয় দলক ৷

পিটিআইৰ উদ্ধৃতিৰ সূত্ৰ অনুসৰি তেওঁ সুস্থ হৈ উঠিছে বাবে আগন্তুক খেলখনৰ বাবে তেওঁক সম্পূৰ্ণৰূপে বাদ দিব নোৱাৰি ৷ ষ্টাৰ বেটছমেনজনক বৰফৰ পেকেৰে চিকিৎসা কৰাৰ পিছত বিষটো যথেষ্ট কমি আহিল আৰু লগে লগে এক্স-ৰে লোৱা নহ’ল ৷ কিন্তু শৰীৰটো এবাৰ ঠাণ্ডা হ’লে আঘাতৰ প্ৰকৃতিয়েই পৰৱৰ্তী কাৰ্যপন্থা নিৰ্ধাৰণ কৰিব ৷

লগতে পঢ়ক : Cricket World Cup 2023 : ভাৰত-নিউজীলেণ্ডৰ যুঁজ, পৰিস্থিতিৰ লগত খাপ খুৱাবলৈ চেষ্টা কৰাটো গুৰুত্বপূৰ্ণ হ’ব: টম লাথাম

ইফালে বেটছমেন ঈশান কিষণক অনুশীলনৰ সময়ত বেটিং কৰি থকা অৱস্থাত ডিঙিৰ পিছফালে মৌমাখিয়ে কামোৰে ৷ এই ঘটনাৰ পূৰ্বে ঈশান কিষণে যথেষ্ট সময় বেটিং কৰিছিল যদিও মৌমাখিয়ে কামোৰাৰ পিছত বিষত জপিয়াই দৌৰি থকা দেখা গৈছিল ৷ লগতে এই ঘটনাৰ পিছত তেওঁ নেট অনুশীলনত অংশ লোৱা নাছিল ৷

সূৰ্যকুমাৰ যাদৱে থ্ৰ’ডাউন বিশেষজ্ঞ ডি ৰাঘবেন্দ্ৰৰ মুখামুখি হৈছিল আৰু এটা দ্ৰুতবেগী বলে তেওঁৰ হাতৰ সোঁফালৰ আগবাহুত খুন্দা মাৰে ৷ ফলত সূৰ্যকুমাৰ যাদৱে লগে লগে নেট এৰি ফিজিঅ’ কমলেশ আৰু টিম ডাক্তৰক কাষলৈ উভতি আহে ৷ পৰৱৰ্তী সময়ত তেওঁক বৰফৰ পেকেৰে চিকিৎসা কৰা হয় ৷

লগতে পঢ়ক : Cricket World Cup 2023 : আঘাতপ্ৰাপ্ত হাৰ্দিক পাণ্ডিয়াৰ স্থানত কোন হ’ব সৰ্বোত্তম বিকল্প, কি ক’লে ৰাহুল দ্ৰাবিড়ে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.