ETV Bharat / sports

ODI World Cup 2023 : শুকুৰবাৰৰ পৰা বিশ্বকাপৰ প্ৰস্তুতি মেচ; কোনে খেলিব কাৰ বিৰুদ্ধে ?

author img

By ETV Bharat Assamese Team

Published : Sep 28, 2023, 4:53 PM IST

বিশ্বকাপ ক্ৰিকেটৰ মূল পৰ্যায়ৰ খেল আৰম্ভ হোৱাৰ পূৰ্বে আইচিচিয়ে প্ৰতিটো দলৰ বাবে দুখনকৈ প্ৰস্তুতি মেচ ৰাখিছে । এই প্ৰস্তুতি মেচত দলবোৰে নিজৰ নিজৰ প্ৰস্তুতি চলোৱাৰ লগতে মূল মেচৰ ৰণনীতি নিৰ্ধাৰণৰ সুযোগ লাভ কৰিব ।

ODI World Cup 2023
ODI World Cup 2023

স্পৰ্টছ ডেস্ক, ২৮ ছেপ্টেম্বৰ : চাওঁতে চাওঁতে ক্ৰিকেট বিশ্বকাপ আহি দুৱাৰদলিত উপস্থিত হৈছে । অহা ৫ অক্টোবৰৰ পৰা ভাৰতত অনুষ্ঠিত হ'ব আইচিচি এদিনীয়া বিশ্বকাপ । এই বিশ্বকাপৰ বাবে প্ৰায় সকলো দল ইতিমধ্যে ভাৰতত আহি উপস্থিত হৈছে । আনহাতে, ক্ৰিকেট বিশ্বকাপৰ এই মহাৰণৰ বাবে খেলুৱৈসকলৰ লগতে ক্ৰিকেট অনুৰাগীসকলৰ উৎসাহো এতিয়া চূড়ান্ত পৰ্যায়ত আছে ।

৫ অক্টোবৰত উদ্বোধনী মেচত বৰ্তমানৰ চেম্পিয়ন ইংলেণ্ড মুখামুখী হ'ব অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে । এই ২৬ দিনীয়া ক্ৰিকেট মহাৰণত মুঠ ৪৮ খন মেচ অনুষ্ঠিত হ'ব । প্ৰতিটো দলে তেওঁলোকৰ প্ৰতিদ্বন্দ্বী দলৰ বিৰুদ্ধে ৯ খনকৈ মেচ খেলিব । আনহাতে, প্ৰতিযোগিতাৰ মূল পৰ্যায় আৰম্ভ হোৱাৰ পূৰ্বে সকলো দলৰ বাবে প্ৰস্তুতি মেচো ৰখা হৈছে । এই প্ৰস্তুতি মেচবোৰ শুকুৰবাৰৰ পৰা আৰম্ভ হ'ব ।

২৯ ছেপ্টেম্বৰ শুকুৰবাৰে দেশৰ বিভিন্ন ষ্টেডিয়ামত তিনিখন অনুশীলন মেচ অনুষ্ঠিত হ'ব । পাকিস্তান আৰু নিউজীলেণ্ডৰ মাজত প্ৰথমখন ৱাৰ্ম-আপ মেচ হায়দৰাবাদত অনুষ্ঠিত হ'ব । দ্বিতীয়খন মেচ একেদিনাই দক্ষিণ আফ্ৰিকা আৰু আফগানিস্তানৰ মাজত অনুষ্ঠিত হ'ব । আনহাতে, দিনটোৰ তৃতীয়খন প্ৰস্তুতি মেচ শ্ৰীলংকা আৰু বাংলাদেশৰ মাজত অনুষ্ঠিত হ'ব । এই আটাইকেইখন মেচ দিনৰ ১২ বজাত আৰম্ভ হ'ব ।

ভাৰত আৰু ইংলেণ্ডৰ প্ৰস্তুতি মেচখন শনিবাৰে অনুষ্ঠিত হ'ব । লগতে অষ্ট্ৰেলিয়া বনাম নেদাৰলেণ্ডৰ মাজত দ্বিতীয়খন মেচ একেদিনাই ১২ বজাত অনুষ্ঠিত হ'ব । ১ অক্টোবৰ, দেওবাৰে কোনো অনুশীলন মেচ নাই । অক্টোবৰৰ ২ তাৰিখে দক্ষিণ আফ্ৰিকা বনাম নিউজীলেণ্ড আৰু বাংলাদেশ বনাম ইংলেণ্ডৰ মাজত অনুশীলন মেচ অনুষ্ঠিত হ'ব । ৩ অক্টোবৰত অন্তিম প্ৰস্তুতি মেচ অনুষ্ঠিত হ'ব । সেইদিনা তিনিখন প্ৰস্তুতি মেচ অনুষ্ঠিত হ'ব । ভাৰত বনাম নেদাৰলেণ্ড, আফগানিস্তান বনাম শ্ৰীলংকা আৰু পাকিস্তান বনাম অষ্ট্ৰেলিয়াৰ মাজত এই তিনিখন মেচ অনুষ্ঠিত হ'ব ।

উল্লেখ্য যে আইচিচিয়ে ইতিমধ্যে বিশ্বকাপত বিজয়ী দলটোৱে লাভ কৰিবলগা নগদ ধনৰ পৰিমাণ ঘোষণা কৰিছে । আইচিচি বিশ্বকাপ, ২০২৩ত বিজয়ী দলটোক ৪০,০০০ আমেৰিকান ডলাৰ পুৰস্কাৰ প্ৰদান কৰা হ'ব । ভাৰতীয় মূল্যত ইয়াৰ পৰিমাণ প্ৰায় ৩৩ লাখ । আনহাতে, বিজিত দলটোৱে ২০,০০০ আমেৰিকান ডলাৰ লাভ কৰিব।

লগতে পঢ়ক :World Cup 2023 : বিশ্বকাপৰ খিতাপ, অন্ত পৰিবনে ১২ বছৰীয়া অপেক্ষাৰ ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.