ETV Bharat / sports

World Cup 2023: কোনো অন্তঃকন্দল নাই পাক ক্ৰিকেট দলত; পিচিবিৰ স্পষ্টীকৰণ

author img

By ETV Bharat Assamese Team

Published : Oct 23, 2023, 7:57 PM IST

বিশ্বকাপ খেলি থকা পাকিস্তান ক্ৰিকেট দলৰ খেলুৱৈসকলৰ মাজত আভ্যন্তৰীণ সংঘাতৰ খবৰক সম্পূৰ্ণৰূপে নাকচ কৰিছে পাকিস্তান ক্ৰিকেট ব’ৰ্ডে ।

WORLD CUP 2023
WORLD CUP 2023

স্প’ৰ্টছ ডেস্ক, 23 অক্টোবৰ: ভাৰতত অনুষ্ঠিত বিশ্বকাপ ক্ৰিকেট 2023 ৰ মাজতে পাকিস্তান ক্ৰিকেট ব’ৰ্ডে প্ৰকাশ কৰিছে এক বিবৃতি ৷ এই টুৰ্ণামেন্টত অংশ লোৱা পাক দলৰ মাজত কোনো অন্তঃকলহ নাই বুলি সদৰী কৰিছে দেশখনৰ ক্ৰিকেট ব’ৰ্ডে ৷

বাবৰ আজমৰ নেতৃত্বত গঠিত দলটোত কোনো ধৰণৰ আভ্যন্তৰীণ চলি থকা নাই বুলি পিচিবিয়ে এক বিবৃতি জাৰি কৰে । দলটো সম্পৰ্কে অনৈতিকতাৰ উৰাবাতৰি প্ৰকাশ পোৱাৰ পাছত পিচিবিয়ে পৰিস্থিতি স্পষ্ট কৰিবলৈ বাধ্য হৈছে ।

পাকিস্তানৰ একাংশ সাংবাদিকে দলটোত সংঘটিত হোৱা চৰ্চিত বিবাদৰ বিষয়ে ছ’চিয়েল মিডিয়াত পোষ্ট কৰিছিল । এই সাংবাদিকসকলে সোমবাৰে আফগানিস্তানৰ বিৰুদ্ধে খেলা খেলখনৰ পিছত সবিশেষ প্ৰকাশৰ প্ৰতিশ্ৰুতি দিছিল ।

এই সাংবাদিকসকলৰ মতে দুজন খেলুৱৈৰ মাজত সংঘাতৰ সৃষ্টি হয় যাৰ বাবে দলটোৰ মাজত অসন্তুষ্টি বাঢ়িছে । ইয়াৰ পিছত অধিনায়ক বাবৰে একাংশ খেলুৱৈৰ পৰা বিচ্ছেদৰ সন্মুখীন হৈছে বুলিও তেওঁলোকে কয় ।

পিচিবিয়ে বিবৃতিত প্ৰকাশ কৰা অনুসৰি সংবাদ মাধ্যমৰ এটা অংশই প্ৰচাৰিত উৰাবাতৰিৰ বিপৰীতে পিচিবিয়ে বিনা দ্বিধাই আশ্বাস দিয়ে যে দলটো একত্ৰিত আৰু এই উৰাবাতৰিৰ কোনো সত্যতা নাই । পিচিবিয়ে কয় যে মিছা খবৰ বিয়পি পৰাত তেওঁলোক হতাশ হৈ পৰিছে ।

পাকিস্তানে নেদাৰলেণ্ড আৰু শ্ৰীলংকাৰ বিৰুদ্ধে প্ৰথম দুখন মেচত জয়লাভ কৰাৰ পাছত অষ্ট্ৰেলিয়া আৰু ভাৰতৰ হাতত পৰাস্ত হয় । সোমবাৰে আফগানিস্তানৰ বিৰুদ্ধে ক্ৰীড়াংগনত নামিছে বাবৰ বাহিনী ৷ টচত জিকি প্ৰথমে বেটিঙৰ সিদ্ধান্ত লোৱা পাকিস্তানৰ দলটোৱে শক্তিশালী আৰম্ভণি কৰি 7 উইকেটৰ বিনিময়ত 282 ৰাণ সংগ্ৰহ কৰে ৷ পাক দলৰ হৈ অধিনায়ক বাবৰ আজমে 92 টা বলত সাৰ্বাধিক 74 ৰাণ সংগ্ৰহ কৰে ৷ অ’পেনাৰ আব্দুল্লাহ ছ’ফিকে 75 টা বলত 58 ৰাণ সংগ্ৰহ কৰে ৷ শ্বাদাব খান আৰু ইফটিকাৰ আহমেদে সংগ্ৰহ কৰে 40 ৰাণ ৷

লগতে পঢ়ক: ICC World Cup 2023 : আফগানিস্তানৰ সন্মুখত 283 ৰাণৰ বিজয় লক্ষ্য বান্ধিলে পাকিস্তানে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.