ETV Bharat / sports

Cricket World Cup 2023 : বিশ্বকাপত দ্ৰুততম শতক অৰ্জন কৰা ভাৰতীয় বেটছমেন ৰূপে পৰিগণিত কে এল ৰাহুল

author img

By ETV Bharat Assamese Team

Published : Nov 12, 2023, 10:12 PM IST

Cricket World Cup 2023
কে এল ৰাহুলৰ অভিলেখ

দেওবাৰে বাংগালুৰুৰ এম চিন্নস্বামী ষ্টেডিয়ামত চলিত আই চি চি ক্ৰিকেট বিশ্বকাপৰ অন্তিমখন লীগ মেচত নেদাৰলেণ্ডৰ বিৰুদ্ধে ভাৰতৰ উইকেট কীপাৰ তথা বেটছমেন কে এল ৰাহুলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে । কে এল ৰাহুলে মাত্ৰ ৬৪টা বলত ১০২ ৰাণ সংগ্ৰহ কৰে আৰু শ্ৰেয়াছ আয়াৰৰ অপৰাজিত ১২৮ ৰাণৰ সৈতে ভাৰতক ৪১০/৪ লৈ আগুৱাই লৈ যায় ৷

স্পৰ্টছ ডেস্ক, 12 নৱেম্বৰ : ভাৰতৰ উইকেটকীপাৰ বেটছমেন কে এল ৰাহুলে দেওবাৰে বিস্ফোৰক বেটিঙেৰে বিশ্বকাপত আয়োজক দলৰ হৈ দ্ৰুততম শতক অৰ্জন কৰে ৷ নিজৰ ঘৰুৱা খেলপথাৰ - এম চিন্নস্বামী ষ্টেডিয়ামত খেলা মেচখনত কৰ্ণাটকৰ খেলুৱৈগৰাকীয়ে মাত্ৰ 64 টা বলত বিস্ফোৰক 102 ৰাণ সংগ্ৰহ কৰি ভাৰতে 50 অভাৰত 410/4 ৰাণ সংগ্ৰহ কৰাত সহায় কৰে ৷ শ্ৰেয়াছ আয়াৰেও অপৰাজিত 128 ৰাণ কৰে ৷

দেওবাৰে কে এল ৰাহুলে সকাহ পাইছিল, আইকনিক ৱাংখেড়ে ষ্টেডিয়ামত নিউজীলেণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত হ’বলগীয়া হাইভল্টেজ ছেমি ফাইনেলৰ পূৰ্বে মাজত কিছু সময় কটাবলগীয়া হৈছিল ৷ ভাৰতৰ উইকেট কীপাৰ বেটছমেনগৰাকীয়ে 62 টা বলত বিশ্বকাপত দেশৰ বাবে দ্ৰুততম শতক অৰ্জন কৰা অধিনায়ক ৰোহিত শৰ্মাৰ অভিলেখ (বিশ্বকাপৰ একেটা সংস্কৰণতে আফগানিস্তানৰ বিৰুদ্ধে 63 টা বলত)ভংগ কৰে ৷

64 টা বলত 102 ৰাণ কৰি আউট হোৱা কে এল ৰাহুলে অফিছিয়েল সম্প্ৰচাৰক ষ্টাৰ স্প’ৰ্টছৰ আগত কয় যে যোৱা দুখন খেলত বহু সময় (মাজত) পোৱা নাই, গতিকে আজি কিছু সময় পোৱাত ভাল লাগিল ৷

ৰাহুলে লগতে কয়, "পাঁচ নম্বৰত বেটিং কৰাটো গুৰুত্বপূৰ্ণ, সেই আত্মবিশ্বাস লাভ কৰাটো গুৰুত্বপূৰ্ণ, ই এটা ভাল নক আছিল ৷ শেষৰ ফালে ছয় মাৰিবলৈ সেই আত্মবিশ্বাস লাভ কৰাটো গুৰুত্বপূৰ্ণ আছিল ৷" ৰাহুলৰ বাবে সময়োপযোগী নক আছিল ৷ নক আউট পৰ্যায়ৰ পূৰ্বে বিশ্বকাপত তেওঁৰ এয়া দ্বিতীয়টো পঞ্চাশ অধিক স্ক’ৰ ৷

বিস্ফোৰক বেটিঙেৰে চাৰিটা ছয় আৰু 11 টা চাৰি কোবাই ৰাহুলে, যাৰ দ্বাৰা ভাৰতে শেষৰ 10 অভাৰত 122 ৰাণ সংগ্ৰহ কৰি বিশ্বকাপৰ দ্বিতীয় সৰ্বাধিক মুঠ ৰাণ সংগ্ৰহ কৰে ৷

ৰাহুলে কয়-"এয়া ৰকেট বিজ্ঞান নহয়, শেষৰ 10 অভাৰত কঠোৰভাৱে যাব লাগিব ৷ যিমান পাৰি সিমান ৰাণ ল'বলৈ চেষ্টা কৰিলোঁ, সেইটোৱেই আছিল পৰিকল্পনা, বলটো কোমল হৈ পৰে, গতিকে বেক এণ্ডত ছয় মাৰিবলৈ কঠিন হৈ পৰে ৷ কেৱল এই খেলখন নহয় ৷ সকলোৰে এটা স্পষ্ট গেম প্লেন আছে, আমি ইয়াক (আমাৰ পৰিকল্পনা) যথেষ্ট ভালদৰে কাৰ্যকৰী কৰি আহিছো ৷"

লগতে পঢ়ক : Rohit Sharma records: ৰোহিত শৰ্মাৰ নামত আন এক অভিলেখ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.