ETV Bharat / sports

World Cup 2023: মেক্সৱেলৰ ঐতিহাসিক দ্বিশতক; আফগানিস্তানৰ বিৰুদ্ধে 3 উইকেটত জয়ী কেংগাৰু বাহিনী

author img

By ETV Bharat Assamese Team

Published : Nov 7, 2023, 10:43 PM IST

বিশ্বকাপ 2023ৰ 39 সংখ্যক খেলখনত অষ্ট্ৰেলিয়াৰ হাতত পৰাস্ত আফগানিস্তান ৷ গ্লেন মেক্সৱেলৰ বিস্ফোৰক দ্বিশতক ৷

World Cup 2023
World Cup 2023

স্প’ৰ্টছ ডেস্ক, 7 নৱেম্বৰ: গ্লেন মেক্সৱেলৰ বিস্ফোৰক দ্বিশতকৰ সহায়ত বিশ্বকাপ 2023ৰ আফগানিস্তানৰ বিৰুদ্ধে লীগ মেচত 3 উইকেটত জয়লাভ অষ্ট্ৰেলিয়াৰ ৷ প্ৰথমেই বেটিং বিপৰ্যয়ৰ সন্মুখীন হোৱা অষ্ট্ৰেলিয়াক 201 ৰাণৰ অপৰাজিত ইনিংছ খেলি জয়ৰ সোৱাদ দিলে মেক্সৱেলে ৷

মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত অনুষ্ঠিত হোৱা খেলখনত টচত জিকি বেটিঙৰ সিদ্ধান্ত লৈছিল আফগানিস্তানে ৷ অপেনাৰ বেটচমেন ইব্ৰাহিম জাড্ৰানৰ অপৰাজিত শতকৰ সহায়ত আফগানিস্তানে নিৰ্ধাৰিত 50 অভাৰত 5 টা উইকেট হেৰুৱাই 291 ৰাণ সংগ্ৰহ কৰে ৷ গুৰবাজে 3 টা ছিক্সাৰ আৰু 8 টা চাৰিৰ সৈতে 143 টা বলত 129 ৰাণ কৰে ৷ ৰচিদ খানে 18 টা বলত 3 টা ছিক্সাৰ আৰু 2 টা চাৰি কোবাই 35 ৰাণ সংগ্ৰহ কৰে ৷

292 ৰাণৰ লক্ষ্য লৈ বেটিং কৰিবলৈ আহি প্ৰথমৰ পৰাই বিপদত পৰে অষ্ট্ৰেলিয়া ৷ কোনো ৰাণ নকৰাকৈয়ে পেভিলিয়নলৈ ওভতে ট্ৰেভিছ হেড ৷ ৱাৰ্ণাৰেও 18 ৰাণ কৰিয়েই আউট হয় ৷ তাৰ পিচতেই নিয়মীয়া গতিত উইকেটৰ পতন ঘটে অষ্ট্ৰেলিয়া দলৰ ৷

কিন্তু ষষ্ঠ স্থানত বেটিং কৰিবলৈ অহা মেক্সৱেলে নমাই আনিলে বেটিঙৰ ধুমুহা ৷ মাত্ৰ 128 টা বলত 21 টা চাৰি আৰু 10 টা ছিক্সাৰ কোবাই 201 ৰাণৰ এক দৰ্শনীয় ইনিংছ উপহাৰ দিলে অষ্ট্ৰেলিয়ান খেলুৱৈগৰাকীয়ে ৷ এইটো হৈছে ক্ৰিকেট বিশ্বকাপ 2023 ৰ প্ৰথমটো দ্বি-শতক ৷ ফলত জয়ৰ দিশে গতি কৰা আফগানিস্তানে পৰাজয় স্বীকাৰ কৰিব লগীয়া হয় ৷ আফগানিস্তানৰ হৈ নবীন-উল-হক, ওমৰঝাই আৰু ৰছিদ খানে দুটাকৈ উইকেট দখল কৰে ৷ মেক্সৱেলক প্লেয়াৰ অৱ দ্য মেচ ঘোষণা কৰা হয় ৷

লগতে পঢ়ক: ICC cricket World Cup 2023: বিশ্বকাপত ব্যক্তিগত প্ৰথমটো শতকৰ কৃতিত্ব শচীন তেণ্ডুলকাৰক দিলে ইব্ৰাহিম জাড্ৰানে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.